লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ

 লখিমপুৰৰ এশ শতাংশ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা প্ৰতিশ্ৰুতি অসাৰ

0 27

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ বুধবাৰে ঘোষণা কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ পিছত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ব্যাপক বিসংগতি আৰু অনিয়মৰ মাজেৰে প্ৰকাশ পোৱা তালিকাক লৈ সৰ্বত্ৰ প্ৰতিবাদৰ ঢৌ উঠিছে৷ উল্লেখ্য যে লখিমপুৰ মেডিকেল কলেজৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদম্ভে ঘোষণা কৰিছিল যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ১০০ শতাংশ লখিমপুৰৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব৷ কিন্তু সদ্যঘোষিত ফলাফলৰ তালিকাত লখিমপুৰৰ অধিকাংশ যুৱক-যুৱতী বঞ্চিত হোৱাত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ বিপৰীতে লখিমপুৰৰ বাহিৰৰ যুৱক-যুৱতীয়েহে তালিকাত স্থান পোৱা বুলি সৰ্বত্ৰ চৰ্চিত হৈছে৷ আনহাতে একেটা নম্বৰ প্ৰায় কেবাটাও পদৰ বিপৰীতে লিপিবদ্ধ হোৱাৰ বিসংগতিয়ে সামাজিক মাধ্যমত তোলপাৰ লগাইছে৷ ইফালে লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তিৰ প্ৰক্ৰিয়াত ব্যাপক অনিয়ম আৰু বিসংগতি হোৱা বুলি অসম জাতীয় যুৱ বাহিনী, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আম আদমি পাৰ্টি আদি বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰাৰ লগতে এনে নিযুক্তি চি বি আই তদন্তৰ দাবী জনাইছে অসম জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে৷ একেদৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সুনীল তিৰ্কি, লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰ গড় আদিয়ে ঘোষিত তালিকাত চাহ জনজাতি অঞ্চলৰ এজনো যুৱক-যুৱতী অন্তৰ্ভুক্ত নোহোৱা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি চৰকাৰক তীব্ৰ ধিক্কাৰ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে চাহ জনজাতি অধ্যুষিত অঞ্চলৰ যুৱক-যুৱতীক মেডিকেলৰ নিযুক্তিত স্থান দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া বুলি তিৰ্কীয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ এনে মিথ্যাচাৰক তীব্ৰ সমালোচনা কৰে৷ আম আদমী পাৰ্টিয়েও মেডিকেলৰ নিযুক্তি কেংলেকাৰিৰ তদন্তৰ দাবী জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More