লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিঃ থানাত এজাহাৰ

বিধায়ক মানৱ ডেকাৰ চালক-ৰান্ধনী-অঙহী বঙহীয়ে পালে স্থান

0 22

লখিমপুৰৰ চৌদিশে উত্তাল প্ৰতিবাদঃ সঘনাই জ্বলিছে মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকাঃ মেডিকেল কলেজ চৌহদত ভূমিদাতা পৰিয়ালৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ সদ্যঘোষিত লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিয়ে কঁপাইছে লখিমপুৰ৷ আজি এনে কেলেংকাৰিৰ বিৰুদ্ধে লখিমপুৰৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ উঠে৷ উল্লেখ্য যে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ অঙহী বঙহী তথা গাড়ীচালক, ৰান্ধনী, ঘনিষ্ঠ আদিয়ে তালিকাত স্থান লাভ কৰা কাৰ্যই লখিমপুৰৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইফালে লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ২৬৭টা পদৰ বাছনিত ব্যাপক অনিয়ম তথা কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগত আজি লখিমপুৰৰ ৰাজপথত ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়ক মানৱ ডেকা আদিৰ পুত্তলিকা দাহ কৰি বিজেপি হায় হায়, মানৱ ডেকা গ’বেক, মানৱ ডেকাৰ দাদাগিৰি নচলিব, মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰি তদন্ত কৰক আদি বিভিন্ন শ্লগান দি লখিমপুৰৰ আকাশ বতাহ কঁপাই তোলে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে দুপৰীয়া নগৰখনৰ গাৰ্লচ ৰোড চাৰিআলিত স্বাস্থ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাৰ হৈ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ মহকুমা আঞ্চলিক ছাত্ৰ সন্থাই নগৰখনৰ মুখ্য চাৰিআলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে৷ ইফালে লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দাবী জনাই আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মকান্ত গগৈয়ে উত্তৰ লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ তেওঁ শীঘ্ৰে এনে অনিয়মৰ লগত জড়িত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনোৱাৰ লগতে এই কেলেংকাৰিৰ উপযুক্ত তদন্তৰ দাবী জনায়৷ উল্লেখনীয় কথা যে বুধবাৰে ঘোষণা হোৱা লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তিৰ বাবে ইতিমধ্যে স্থান লাভ কৰা কেবাজনো প্ৰাৰ্থী বিধায়ক মানৱ ডেকাৰ অতি ঘনিষ্ঠ বুলি সৰ্বত্ৰ চৰ্চিত হৈছে৷ তেওঁলোক হৈছে বিধায়ক ডেকাৰ কাহিলিপাৰা ঘৰৰ ভাত ৰান্ধনি বিকাশ ভূমিজ, বিধায়ক পত্নীৰ ভাত ৰান্ধনি চন্দন দাস, বিধায়ক পত্নীৰ সহায়িকা পল্লৱী গোঁহাই, বিধায়ক ডেকাৰ ঘনিষ্ঠ ধলপুৰৰ হিতেশ বৰা, লখিমপুৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সাংস্কৃতিক কোষৰ সম্পাদক হেমন্ত চেতিয়াৰ পত্নী, লখিমপুৰ মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি জিতেন দত্তৰ পত্নী, লখিমপুৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সদস্য মিল্টন বৰুৱাৰ পত্নী আৰু লখিমপুৰ বিজেপিৰ আই টি চেলৰ নেতা বিধায়কৰ ঘনিষ্ঠ হিমাঞ্জল মেধিৰ পত্নী বাছনি তালিকাত স্থান লাভ কৰিছে৷ এনে কাৰ্যত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে লখিমপুৰৰ বিধায়ক মানৱ ডেকা৷ আনহাতে লখিমপুৰ মেডিকেল কলেজত ভূমিদাতাৰ পৰিয়ালক তদানিন্তন স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ পৰিয়ালক চাকৰি দিয়া হ’ব বুলি আশ্বাস দিছিল৷ কিন্তু সদ্যঘোষিত তালিকাত ভূমিদাতা পৰিয়ালৰ এজনো লোকে স্থান লাভ নকৰাত আজি লখিমপুৰ মেডিকেল কলেজৰ চৌহদত এই ভূমিদাতা পৰিয়ালসমূহে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More