লখিমপুৰ মেডিকেল কলেজ হাস্পতালত  পুনৰ অঘটন

বেবী আই চি ইউত শ্বৰ্ট চাৰ্কিট

0 8

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১ জুলাই:  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত  শুক্ৰবাৰে বিয়লি অকস্মাতে বেবী আই চি ইউত শ্বৰ্ট চাৰ্কিট ঘটাত চিকিৎসা মহাবিদ্যালয়খনত হুৱা দুৱা লাগে। অৱশ্যে বেবী  আই চি ইউৰ ৱাৰ্মাৰৰ এই শ্বট চাৰ্কিটত কোনো লোকৰ ক্ষয় ক্ষতি নহ’ল। সেই সময়ত  আই চি ইউ ত আছিল ১৫ টিকৈ দেৱ শিশু। এই দেৱশিশু কেইটা কথমপি প্ৰাণ ৰক্ষা পৰে যদিও সাংঘাতিক ভাবে ভয় খায় শিশুসকলৰ অভিভাবক তথা আত্মীয়ই । আই চি ইউত থকা এখন বিদ্যুৎ বৰ্ডত এনে অঘটন হয় যদিও হাস্পতালৰ বিদ্যুৎ কৰ্মীয়ে সংযোগ বিচ্ছিন্ন কৰি দিয়াত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More