‘লাইনচ্যুত’ মোদীৰ স্বপ্নৰ বন্দে ভাৰত !

ইউক্ৰেইন যুদ্ধৰ পৰিণতিঃ ৰেলৰ চকা আহিব উৰাজাহাজত

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ এপ্ৰিল : যুদ্ধৰ পৰিণতিত ইউক্রেইনত আবদ্ধ মোদীৰ স্বপ্নৰ ‘বন্দে ভাৰত’ৰ চকা ! আগন্তুক মাহত এই চকাবোৰ এয়াৰলিফ্ট কৰা হ’ব বুলি জনা গৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ উন্নয়নক যি গতিত আগুৱাই লৈ যোৱাৰ স্বপ্ন দেখিছে, তাৰেই প্রতীক বন্দে ভাৰত এক্সপ্রেছ। ভাৰতীয় ৰে’ল ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধিব পাৰে এই বন্দে ভাৰত এক্সপ্রেছে। কিন্তু এই ট্রেইনৰ চকা আবদ্ধ হৈ আছে যুদ্ধবিধ্বস্ত ইউক্রেইনত। উল্লেখ্য যে এই ট্রেইনৰ চকা তৈয়াৰৰ ঠিকা দিয়া হৈছিল এক ইউক্রেইনিয়ান সংস্থাক। কিন্তু সেই চকাৰ ডেলিভাৰি লোৱাৰ পূৰ্বেই ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰে ইউক্রেইনত। ফলত আবদ্ধ হৈ পৰে ভাৰতে অর্ডাৰ কৰা সেই চকাবোৰ। এতিয়া অহা মাহত এই চকাখিনি এয়াৰলিফ্ট কৰি ভাৰতলৈ অনা হ’ব ৰে’লৱেৰ দ্বাৰা। জনা গৈছে, এতিয়ালৈকে মুঠ ১২৮টা ৰে’লৰ চকা লৈ যোৱা হৈছে ইউক্রেইনৰ প্রতিবেশী ৰোমানিয়ালৈ। ইফালে সময় মতে বন্দে ভাৰত এক্সপ্রেছক ট্রেকত নমাবলৈ এইবাৰ চেক গণৰাজ্য, মার্কিন যুক্তৰাষ্ট্র আৰু পোলেণ্ডৰ সংস্থাক চকা তৈয়াৰৰ ঠিকা দিয়া হৈছে। আনহাতে চকা সৰবৰাহৰ বাবে ভাৰতে চীনৰ ফালেও চাব পাৰে বুলি জনা গৈছে। উল্লেখ্য যে, বন্দে ভাৰত এক্সপ্রেছৰ বাবে প্রয়োজনীয় চকা সকলোতকৈ অধিক উৎপাদন কৰা হয় ইউক্রেইনত। এই পৰিস্থিতিতে ভাৰতে ১৬ মিলিয়ন ডলাৰৰ বিনিময়ত ৩৬ হাজাৰ চকা অর্ডাৰ দিছিল ইউক্রেইনিয়ান সংস্থাক। কিন্তু যুদ্ধৰ কাৰণে কাৰখানাত কর্মৰত সকলোৱে বন্দুক হাতত লৈ ময়দানত নামিছে। সেয়ে বন্ধ হৈ আছে চকা তৈয়াৰৰ কাম। এই পৰিস্থিতিত বন্দে ভাৰত এক্সপ্রেছ প্রকল্প সম্পন্ন হোৱাৰ লক্ষ্য পিছ পৰিব পাৰে বুলি ভবা হৈছে। অৱশ্যে ইয়াৰ মাজতে পূর্বপৰিকল্পিতভাৱে অহা মাহৰ পৰাই পৰীক্ষামূলক যাত্রা আৰম্ভ কৰিব বন্দে ভাৰত এক্সপ্রেছে। দুখন ট্রেইনে এই ট্রায়েল ৰানত অংশ ল’ব। ইয়াৰ বাবে প্রয়োজন ১২৮টা চকা। ইউক্রেইনৰ পৰা সেই চকাই আনিবলগীয়া হৈছে এয়াৰলিফ্ট কৰি। ইয়াৰ বাবে বিদেশ মন্ত্রণালয় আৰু ৰে’ল মন্ত্রণালয়ে সমন্বয় বজাই ৰাখি কাম কৰি আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More