লাদাখ সীমান্তৰ ওচৰত চীনৰ দলং নির্মাণঃ নজৰ ৰাখিছে ভাৰতীয় সেনাই

0 14

তাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’ : সেনা প্রধান হিচাবে দায়িত্ব গ্রহণৰ পিছতেই লাদাখত ভৰি ৰাখিছিল জেনেৰেল মনোজ পাণ্ডেই। চীনা সেনাৰ অৱস্থান নিৰীক্ষণ কৰি সীমান্তৰ সুৰক্ষা ব্যৱস্থা পর্যালোচনা কৰিছিল সেনা প্রধানজনে। ইয়াৰ মাজতেই খবৰত প্রকাশ যে, চীনে পেংগং হ্রদ সংলগ্ন ফিঙ্গাৰ ৮-ৰ পৰা মাত্র ১৬ কিলোমিটাৰ দূৰত এখন বৃহৎ দলং নিৰ্মাণ কৰিছে। এই প্ৰেক্ষাপটত ভাৰতীয় সেনাই নিজৰ অৱস্থান আৰু শক্তিশালী কৰিবলৈ চীনৰ সমান সেনা মোতায়েন কৰিছে সীমান্তত। লাদাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ দুই ফালেই এতিয়া দুই দেশৰ সমসংখ্যক সেনা মোতায়েন আছে। চীনৰ আর্মড আৰু ৰকেট ৰেজিমেন্টসমূহে ৰুডগ উপত্যকাত, পেংগং চ’ৰৰ দক্ষিণত আৰু অশান্ত জিনজিয়াং সামৰিক অঞ্চলৰ জিয়াদুল্লাহত অৱস্থান কৰিছে। পিএলএ এয়াৰ ফৰ্চে ডেমচোক আৰু জিনজিয়াংয়ৰ হোতান এয়াৰবেছত তেওঁলোকৰ যুদ্ধবিমান আৰু বোমাৰু বিমান মোতায়েন কৰি ৰাখিছে। আনহাতে ভাৰতীয় সেনাবাহিনীয়ে প্রকৃত নিয়ন্ত্রণৰেখাৰ সমানে সমানে ৰাস্তা আৰু দলংসহ বিস্তীর্ণ অঞ্চলজুৰি অৱস্থান কৰিছে। যিকোনো জৰুৰী পৰিস্থিতি যাতে মোকাবিলা কৰিব পৰা যায়, তাৰ বাবে দৌলেট বেগ ওল্ডিপর্যন্ত কাঢ়া নজৰদাৰি চলাইছে সামৰিক বাহিনীয়ে। গালৱান নদীৰ ওপৰত থকা সাতখন দলঙৰ ওচৰতো টেঙ্ক আৰু যুঁজাৰু যানসহ সেনাকর্মী প্রস্তুত হৈ আছে। সম্প্রতি প্রকাশ পোৱা এখন উপগ্রহ চিত্রত দেখা গৈছে, পেংগং লেকৰ ওচৰত এখন বৃহৎ দলং নির্মাণ আৰম্ভ কৰিছে পিপলছ লিবাৰেচন আর্মিয়ে। এই দলঙেদি অনায়াসে টেঙ্ক আৰু যুদ্ধযান চলিব পাৰিব বুলি মত পোষণ কৰিছে সামৰিক বিশেষজ্ঞসকলে। উল্লেখ্য যে, ইয়াৰ আগেয়েও ভাৰতীয় সেনাই দাবী কৰিছিল যে, পেংগং হ্রদ অঞ্চলত চীনে এখন দলং নির্মাণ কৰিছে। সম্প্রতি প্রকাশ পোৱা উপগ্ৰহ চিত্রত দেখা গৈছে, নতুন এই দলংখন আগৰখনতকৈ যথেষ্ট ডাঙৰ। ভাৰতেও পেংগং সংলগ্ন এলেকাত পৰিকাঠামো নির্মাণৰ কাম চলাই আছে। তদুপৰি পেংগং লেকৰ দক্ষিণাঞ্চলৰ ওচৰৰ পাহাৰবোৰত ভাৰতীয় সেনা মোতয়েন থকাত চীন অলপ হ’লেও বেকফুটত আছে। লাদাখ চেক্টৰত উপস্থিত আছে ভাৰতীয় বাহিনীৰ বৃহৎ ৰেজিমেন্ট। চীনৰ ওপৰত ভাৰতেও কাঢ়া নজৰ ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More