লালুকৰ বিশিষ্ট ব্যক্তি মহেন্দ্ৰ নাথ বৰদলৈৰ দেহাৱসান : শোকস্তব্ধ লালুক

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ সকলোৰে পৰিচিত, সমাদৃত বিশিষ্ট বুদ্ধিজীৱী, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ নাথ বৰদলৈৰ (৯২) যোৱা নিশা মহাপ্ৰয়াণ ঘটা খবৰে সমগ্ৰ অঞ্চলটোৰ ৰাইজকে মৰ্মাহত কৰি তুলিছে৷ লালুক থানাৰ অন্তৰ্গত ১ নং কৰুনাবাৰীৰ নিৱাসী এইগৰাকী বৰেণ্য ব্যক্তিৰ যোৱানিশা প্ৰায় ৯-৩০ বজাত নিজ বাসগৃহতে পৰলোকগামী হয়৷ দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থাকি বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯৬১ চনত লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক ৰূপে চাকৰিত যোগদান কৰি ১৯৭৫ চনৰ পৰা ১৯৯২ চনলৈ বিদ্যালয়খনত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰে৷ চাকৰিৰ কাৰ্যকালত অতি সৎ আৰু সু প্ৰশাসক ৰূপে পৰিচিত মহেন্দ্ৰ নাথ বৰদলৈয়ে লালুকৰ শৈক্ষিক ক্ষেত্ৰখনলৈ নতুন জোৱাৰ নমাই অনাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ অঞ্চলবাসীৰ অতি শ্ৰদ্ধাৰ আৰু আদৰৰ এইগৰাকী বৰেণ্য ব্যক্তিয়ে লালুকৰ সামাজিক ক্ষেত্ৰখনলৈ ও অনবদ্য অৱদান আগবঢ়াই গৈছে৷ বৃহত্তৰ লালুক অঞ্চলৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্মদাতা এইগৰাকী বিশিষ্ট ব্যক্তি লালুক মহাবিদ্যালয়, লালুক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ এই গৰাকী বিশিষ্ট ব্যক্তি লালুক একাডেমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতি, একাডেমিক ইন্সপেক্টৰ অৱ আছাম গৰ্মেন্টৰ সদস্য, লালুক আঞ্চলিক হৰিমন্দিৰ, লালুক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, লালুক থানা আদি কৰি বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাবে জড়িত থাকি বিভিন্ন বিষয় বাবতো আছিল৷ লালুকৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি সামাজিক চিন্তাধাৰাক বাট দেখুৱাই যোৱা এইগৰাকী বিশিষ্ট ব্যক্তি ১৯৩৩ চনত জন্ম গ্ৰহণ কৰিছিল৷ ১৯৫০ চনত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ যোৰহাট জেবি কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে৷ যোৱা নিশা তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগনন গুণমুগ্ধই তেখেতৰ বাসগৃহ ভিৰ কৰে৷ আজি পুৱা ১০ বজাত লালুকৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, দল সংগঠনৰ , শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰছাত্ৰীৰ লগতে অগণন গুণমুগ্ধই তেখেতৰ নশ্বৰ দেহ সমদল কৰি লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিয়ে আৰু এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷  ইফালে এইগৰাকী বৰেণ্য ব্যক্তিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি লালুকৰ ব্যৱসায়ী সকলে সকলো দোকান পোহাৰ দুপৰীয়া ১২ বজালৈকে বন্ধ ৰাখে৷ মৃত্যুৰ সময়ত তেখেতে পত্নী সহ এগৰাকী পুত্ৰ, ৪ গৰাকী কন্যা, বোৱাৰী, জোৱাই, নাতি নাতিনী আৰু বহু আত্মীয় স্বজন এই সংসাৰত এৰি থৈ যায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More