লিংগ পৰিৱৰ্তন কৰা পাইলটক বিমান উৰণৰ অনুমতি

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্ট : অন্তৰ্ভুক্তিৰ দিশত আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি ৰক্ষণশীলতাৰ বেৰা ভাঙি ভাৰতৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰণ সংস্থা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ ১০ আগষ্টত প্ৰথমবাৰৰ বাবে চিকিৎসা নিৰ্দেশনা জাৰি কৰিছে, যিটো নিৰ্দেশনাত কোৱা হৈছে যে তৃতীয় লিংগ বা লিংগ পৰিৱৰ্তন কৰা পাইলটে বিমান উৰুৱাব পাৰিব দেশত। DGCA নিজৰ নিৰ্দেশনাত উল্লেখ কৰিছে যে তৃতীয় লিংগৰ প্ৰাৰ্থীসকলে, যিসকলে পৰিৱৰ্তনৰ বাবে হৰম’ন থেৰাপী সম্পূৰ্ণ কৰিছে বা পাঁচ বছৰতকৈ অধিক পূৰ্বে চাৰ্জাৰী কৰাইছে, তেওঁলোকে বিমানসমূহ উৰুৱাব পাৰিব। অৱশ্যে তাৰ পূৰ্বে মানসিক স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। ৱৰ্ল্ড প্ৰফেচনেল এছ’চিয়েশ্যন ফৰ ট্ৰেন্সজেণ্ডাৰ হেল্থৰ দ্বাৰা ৰচনা কৰা ব্লুপ্ৰিণ্টৰ ভিত্তিত এই মানসিক স্বাস্থ্য পৰীক্ষা কৰা হ’ব। নিৰ্দেশনাত কোৱা হৈছে— “যিসকল হিজৰা আবেদনকাৰীয়ে যোৱা পাঁচ বছৰৰ ভিতৰত হৰম’ন থেৰাপী গ্ৰহণ কৰি আহিছে বা লিংগ পুনৰ নিযুক্তিৰ অস্ত্ৰোপচাৰ কৰিছে, তেওঁলোকৰ মানসিক স্বাস্থ্যৰ অৱস্থাৰ বাবে পৰীক্ষা কৰা হ’ব”।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More