লিডুৰ অবৈধ কয়লা খনিত ২ শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত আৰক্ষীৰ তদন্তত নাই কোনো অগ্ৰগতি

১ কোটিৰ ক্ষতিপূৰণ, চৰকাৰী চাকৰি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তদন্তৰ দাবী নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ জানুৱাৰী : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত পুনৰ অবৈধ কয়লা খননত নিয়োজিত দুজন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তই সচৰাচৰৰ দৰেই কোনো অগ্ৰগতি লাভ কৰা নাই ৷ উল্লেখ্য যে স্থানীয় সূত্ৰে প্ৰাপ্ত তথ্য মতে অবৈধ কয়লাখনিত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত পাৱৈৰ বিজয় মুণ্ডা আৰু মাকুমৰ কাৰ্তিক গোৱালা নামৰ দুজন শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰা ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বিতংকৈ প্ৰকাশিত হৈছে ৷ শ্ৰমিকদ্বয়ে জনৈক ক্ষিতিশ দেৱনাথ নামৰ ব্যক্তিজনৰ ভাটাত কয়লা যোগান ধৰাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰকাশ ৷ ইফালে পূৰ্বৰ দৰেই এইবাৰো সমগ্ৰ ঘটনাক গাপ দিয়াৰ বাবে উঠিপৰি লাগিছে কয়লা মাফিয়া চক্ৰ ৷ আনহাতে আজি পৰ্যন্ত এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষীয়ে কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ মাৰ্ঘেৰিটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈয়ে আজি এই সন্দৰ্ভত কয় যে এনে এটা ঘটনা সংঘটিত হোৱা বুলি তেওঁলোকেও শুনিছে যদিও কোনো তথ্য লাভ কৰিব পৰা নাই ৷ আৰক্ষী বিষয়াজনে ঘটনা সন্দৰ্ভত সোধপোছ চলাই থকা বুলি কয় যদিও আৰক্ষীৰ তথাকথিত তদন্তৰ ফল কি হ’ব সেয়া সহজেই অনুমেয় ৷ আনহাতে নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ ৰাজ্যিক সমিতিয়ে অকালতে মৃত্যুক সাবটি লোৱা শ্ৰমিকদ্বয়ৰ পৰিয়ালক ১ কোটিকৈ ক্ষতিপূৰণ প্ৰদান আৰু নিকটাত্মীয় চৰকাৰী চাকৰি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে ৷ আজি এক বিবৃতিত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰঞ্জন চৌধুৰীয়ে ইয়াৰোপৰি সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠনৰ দাবী কৰে ৷ প্ৰভাৱশালী চক্ৰৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলা প্ৰশাসনৰ জ্ঞাতসাৰেই জিলাখনত কয়লাৰ চোৰাং বেহা মুকলিকৈ চলি থকা বুলিও চৌধুৰীয়ে অভিযোগ কৰে ৷ উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ৪ জানুৱাৰীত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰঞ্জন চৌধুৰীয়ে স্থানীয় প্ৰশাসন, প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদ আৰু উদ্যোগ বিভাগৰ নাকৰ তলতে মাৰ্ঘেৰিটাত চৰম প্ৰদুষণ সৃষ্টিকাৰী ৫৬টা কুক ক’ল উদ্যোগ মুকলিকৈ চলি থকা বুলি প্ৰকাশ কৰি ৰাজহুৱা স্বাৰ্থত এইসমূহ শীঘ্ৰে বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল ৷ স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও একাধিকবাৰ ‘খাদান’ বুলি জনাজাত অবৈধ কয়লা খনিত (ৰেট হ’ল মাইনিং) শ্ৰমিকৰ অকাল মৃত্যুৰ ঘটনা সংঘটিত হৈছে আৰু প্ৰায় প্ৰতিবাৰেই সমগ্ৰ ঘটনাক গাপ দিবলৈ সক্ষম হৈছে প্ৰভাৱশালী কয়লা মাফিয়া চক্ৰ ৷ অধিকাংশ ঘটনাতে অবৈধ খনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয় । কোনো কোনো ক্ষেত্ৰত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপিথুপি থবলৈ সক্ষম হয় ৷ চোৰাং কয়লা মাফিয়াৰ দৌৰাত্ম্যত মৃত্যু উপত্যকাত পৰিণত হোৱা মাৰ্ঘেৰিটাত বিগত বৰ্ষটো এনে কেইবাটাও অকাল মৃত্যুৰ ঘটনা সংঘটিত হৈছিল ৷ লক্ষ্যনীয়ভাৱে একাংশ সংবাদ মাধ্যমে এই ঘটনাসমূহ পোহৰলৈ আনিছিল যদিও তাৎপৰ্য্যপূৰ্ণভাৱে এই সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্ৰশাসনৰ ওচৰত নাছিল কোনো তথ্য ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More