লুৰীণজ্যোতিৰ স’তে একেখন পতাকাৰ তলত কাম কৰাৰ আগ্ৰহ অখিল গগৈৰ

পঞ্চায়ত নিৰ্বাচনত সকলো পঞ্চায়ততে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সংকল্প ৰাইজৰ দলৰ

0 30
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩মে’: এ আই ইউ ডি এফক বিজেপিৰ সহযোগী দল বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । আনহাতে লুৰীণজ্যোতি গগৈৰ স’তে আঞ্চলিক ৰাজনীতিৰ স্বাৰ্থত একেখন পতাকাৰ তলত একত্ৰিত ভাবে কাম কৰিবলৈও আগ্ৰহী অখিল গগৈ । তদুপৰি, আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈও জনাইছে মুকলি আহ্বান । উল্লেখযোগ্য যে,গগৈয়ে আজি তেজপুৰত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৰোধিতা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ প্ৰতিখন পঞ্চায়ততে ৰাইজৰ দলে প্ৰাৰ্থী থিয় কৰোৱাৰ সংকল্প লোৱাৰ কথাও দোহাৰে । তেজপুৰৰ পিঠাখোৱাত এক দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ অহা ৰাইজৰ দলৰ নেতাজনে আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী ব্যক্তিক ঐক্যৱদ্ধ কৰি আঞ্চলিকতাবাদক কি দৰে তৃণমূল পৰ্যায়লৈ নিব পাৰি, তাৰ পৰিকল্পনা হাতত লৈ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা আৰম্ভ কৰিছে । ইয়াৰে অংশ হিচাপে গগৈয়ে গোলাঘাটৰ পিছত তিনিচুকীয়া আৰু ধেমাজিৰ উপৰি বিশ্বনাথ তথা শোণিতপুৰ উপস্থিত হয় । গগৈয়ে তেজপুৰত সংবাদ মাধ্যমৰ আগত কয় “আমি যাতে দিল্লীৰ দাদাগিৰিত চলিব নালাগে । দিল্লীৰ কথামতে যাতে অসমৰ ৰাজনীতি নচলে তাৰ এক পৰিৱেশ ৰচনা কৰিব লাগিব আৰু তাৰবাবেই আঞ্চলিক দলক শক্তিশালী কৰি গঢ়ি তুলিব লাগিব । আজি বিয়লি বিহগুৰি পিঠাখোৱাৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত আয়োজিত ৰাইজৰ দলৰ দলীয় সভাখনত অংশলোৱা দলটোৰ সভাপতি গগৈয়ে ইয়াৰ পূৰ্বে ঐতিহ্যমণ্ডিত পিঠাখোৱা বৰনামঘৰত উপস্থিত হৈ ভকত-বৈষ্ণৱৰ সন্মুখত আঁঠু লৈ সেৱা জনায় । আগন্তুক দিনত ৰাজ্যৰ ৰাজনীতিত ৰাইজৰ দলৰ ভূমিকা কি হ’ব সেই বিষয়ে উল্লেখ কৰি গগৈয়ে আৰু কয় যে, লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত এতিয়াই কোনো সিদ্ধান্ত লোৱা হোৱা নাই যদিও পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলে । তেওঁ লগতে কয় যে অসমৰ প্ৰতিখন পঞ্চায়ততে ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । আনহাতে এই আই ইউ ডি এফ সন্দৰ্ভত গগৈয়ে কয় “অসমত যেতিয়ালৈকে এআইইউডিএফ থাকিব তেতিয়ালৈকে বিজেপি থাকিব আৰু যেতিয়ালৈকে বিজেপি থাকিব তেতিয়ালৈকে এ আই ইউ ডি এফো থাকিব । ”তেওঁ লগতে এই বুলিও কয় যে,বিজেপিক যদি কোনোবাই হিন্দু সাম্প্ৰদায়িক দল বুলি আখ্যা দিয়ে তেন্তে মুছলমান সকলেও সাম্প্ৰদায়িক দল এআইইউডিএফক বৰ্জন কৰিব লাগিব । যদিহে অসমত মুছলমান সাম্প্ৰদায়িক দলৰ ওৰ পৰিব লাগে তেন্তে হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰো ওৰ পৰিব লাগিব ।” গগৈয়ে আৰু কয় যে, হিন্দু-মুছলমান উভয় সমাজে সাম্প্ৰদায়িক ৰাজনীতিৰ উৰ্দ্ধত চিন্তা কৰিব লাগিব আৰু তেতিয়াহে অসমত প্ৰকৃত উন্নয়ন সম্ভৱপৰ হৈ উঠিব । আনহাতে, এআইইউডিএফক চৰকাৰৰ লগত আপোচ কৰা বিৰোধী দল বুলি আখ্যা দি  গগৈয়ে কয় – “যি বিৰোধী দলে ৰাজ্যসভা নিৰ্বাচনত সাতটাকৈ ভোট বিজেপিক দিলে গতিকে এআইইউডিএফ কি বিৰোধী দল সেয়া সকলোৱে জানে । ” আনহাতে তৃণমূল কংগ্ৰেছ আৰু আপ সন্দৰ্ভত গগৈৰ ভাষ্য “কোনো ৰাষ্ট্ৰীয় দলে অসমৰ কিবা সাংঘাতিক উন্নয়ন সাধিব সেয়া ভবাতোৱেই ভুল ।” বিগত ৭০-৭৫ বছৰে সৰ্বভাৰতীয় ৰাজনৈতিক দলে অসমক কেৱল লুটি অহাৰ অহাৰ ক্ষেত্ৰতহে অগ্ৰণী বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সভাপতিজনে আৰু কয় যে ৰাষ্ট্ৰীয় দলৰ বিকল্প হিচাপে আঞ্চলিক দলৰ ভেটি সুদৃঢ় কৰিবই লাগিব । তেওঁ তৃণমূল কংগ্ৰেছ আৰু আপৰ উত্থানে তেওঁলোকক শংকিত কৰা নাই বুলিও কয় । আগন্তুক দিনত অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ লগ হোৱাৰ সম্ভাৱনা সন্দৰ্ভত তেওঁ কয় যে লুৰীণ জ্যোতি গগৈৰ স’তে একেলগে কাম কৰাৰ বাবে তেওঁ আগ্ৰহী । গগৈয়ে ৰাইজৰ দল জন্ম হোৱাৰ পূৰ্বৰ কথা দোহাৰি কয় – ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এক হোৱাটো বিচাৰোঁ। ” দুটা দল হোৱাতকৈ এটা আঞ্চলিক দল হোৱাৰ পোষকতা কৰে গগৈয়ে । এখন পতাকা আৰু একে শ্লোগানৰ কথা পুনৰবাৰ দোহাৰি গগৈয়ে কয় “অসমৰ আঞ্চলিক শক্তি তথা জাতীয়তাবাদী শক্তি লগ হৈ ঐক্যৱদ্ধতাৰে যুঁজাৰ সময় আহি পৰিছে।” নিৰ্বাচনৰ সময়ত ৰাষ্ট্ৰীয় শক্তিক সমৰ্থন দিয়াটো সুকীয়া বিষয় বুলি উল্লেখ কৰি তেওঁ কয় আঞ্চলিকতাবাদৰ জৰিয়তেহে যে অসমৰ সমস্যা সমাধান হ’ব । আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আলফা সন্দৰ্ভত মন্তব্য কৰি গগৈয়ে আলফা-চৰকাৰৰ অংকক ৰাজনৈতিক অংক বুলি ক’ব নুখুজিলেও মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ হিমন্ত বিশ্বশৰ্মাই আলোচনাৰ মেজলৈ আমন্ত্ৰণ জনোৱা বা আলফা সেনাধ্যক্ষ পৰেশ বৰুৱায়ো সন্মতি জনোৱা আদি অংক হৈ যোৱাৰ পিছতো এতিয়া কিদৰে যুৱ প্ৰজন্মই আলফাত যোগদান কৰিছে বা অসমীয়া যুৱকক হত্যা কৰিছে আলফাই, এই আটাইবোৰেই কিবা যেন এটা মস্ত নিমিলা অংক বুলি কয় । তেওঁ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি আহ্বান জনাই কয় যে,বিশ্বত কোনো সশস্ত্ৰ সংগ্ৰামে সুফল লাভ কৰা নাই । তেনেস্থলত আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক জাতীয় প্ৰশ্নৰ আধাৰত আলোচনাৰ মাধ্যমেৰে আলফা সমস্যাৰ সমাধান কৰিব লাগে । ইফালে, চচল তথা শিলসাঁকোত প্ৰশাসনে চলোৱা উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰি গগৈয়ে এই উচ্ছেদ বন্ধ কৰাৰ দাবী তোলে অসম চৰকাৰৰ ওচৰত । কোনো জাননী প্ৰেৰণ নকৰাকৈ, পুণঃসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কিয় লোকসকলক উচ্ছেদ কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে  গগৈয়ে । তেওঁ এয়া অগণতান্ত্ৰিক কাৰ্য আখ্যা দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More