শংকৰদেৱ কলাক্ষেত্রত “মোডী@২০: ড্ৰিমছ মিট ডেলেভাৰী” উন্মোচন

0 21

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি “মোডী@২০: ড্ৰিমছ মিট ডেলেভাৰী” শীৰ্ষক গ্ৰন্থখন ৰাজ্যিক ভিত্তিত উন্মোচন কৰা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। গ্ৰন্থ উন্মোচনৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ আলী, বিশিষ্ট শিল্পী অংগৰাগ পাপন মহন্ত, অলিম্পিকৰ পদক প্ৰাপ্ত বক্সাৰ লাভলীনা বৰগোহাঁই, এচিয়ান গেমছৰ পদক প্ৰাপক দৌৰবিদ হিমা দাস, ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টিকাৰী দৌৰবিদ অম্লান বৰগোহাঁয়ে অংশ গ্ৰহণ কৰে। আনহাতে অনুষ্ঠানত বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু আৰু এক্সিছ বেংক ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালক সঞ্চালক প্ৰদীপ গুপ্তাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। ৰূপা পাব্লিকেশ্যনে প্ৰকাশ কৰা ব্লু কাফ্ট ডিজিটেল ফাউণ্ডেশ্যনে সম্পাদনা আৰু সংকলিত কৰা এই গ্ৰন্থখনত বিগত ২০টা বছৰত গুজৰাট আৰু ভাৰতত হোৱা উন্নয়নৰ আলোকপাত কৰা হৈছে। ২০২১ বৰ্ষত গুজৰাট আৰু কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী হিচাপে মোডীয়ে ২০টা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে প্ৰকাশ কৰা গ্ৰন্থখনত আগকথা লিখিছে লতা মংগেশকাৰে। এই গ্ৰন্থখনত পি ভি সিন্ধু, সোবনা কামিনেমি, সুৰজিত এছ ভাল্লা, আমিশ ত্ৰিপাঠী, অমিত শ্বাহ, প্ৰদীপ গুপ্তা, অনন্ত নাগেশ্বৰন, অৰবিন্দ পানাগৰিয়া, শমিকা ৰবি, উদয় এছ কোটাক, অজয় মাথুৰ, অনুপম খেৰ, অশোক গুলাটি, ডাঃ দেৱী শেট্টি, নন্দন নিলেকানি, নৃপেন্দ্ৰ মিশ্ৰ, সদগুৰু, সুধা মূৰ্তি, অজিত ডোভাল কে চি, মনোজ লাড়ৱা, ভাৰত বাবাই, এছ জয়শংকৰ আদি প্ৰসিদ্ধ লোকৰ লেখা সন্নিবিষ্ট কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More