শংকৰদেৱ শিশু নিকেতন বাঁহপাতিত সাংস্কৃতিক নন্দন কানন কাৰ্যক্ৰম

0 43

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৭ জানুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অন্তৰ্গত অসম শিশু শিক্ষা সমিতিৰ অধীনস্থ শংকৰদেৱ শিশু নিকেতন বাহপাতি আজাদৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গণৰাজ্য দিৱস উপলক্ষে জয়তু ভাৰতী জয়তু জননী শীৰ্ষক সাংস্কৃতিক নন্দন অভিধাৰে এক কাৰ্য্যসূচী কালি অনুষ্ঠিত হয়। তদুপলক্ষে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে প্ৰধান আচাৰ্য লোহিত বৰাই। নিকেতনৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি গীতাচাৰ্য পুৰন্দৰ বৰুৱাই। উক্ত কাৰ্যসূচীৰ পাছতেই মাংগলিক ভাৱে সৰস্বতী পূজাৰ বন্দনা অনুষ্ঠিত হয়। পুৱা ১১-৩০ বজাৰ পৰা নিকেতনৰ প্ৰতিস্থাপক উদ্যোক্তা সদস্য সকলৰ লগতে বিষয়ববীয়া সকলক সম্বৰ্ধনা জনোৱা হয়। নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক দিব্যজ্যোতি নাথ আৰু উপদেষ্টা গোবিন চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানত লখিমপুৰ জিলাৰ জিলা পৰিবহন বিষয়া সত্যকাম গগৈ উপস্থিত থাকে। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা নিকেতনৰ প্ৰাক্তন সভাপতি তিলেশ্বৰ বৰাই। চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে প্ৰতিস্থাপক উদ্যোক্তা সদস্যা বীণাপানি বৰদলৈয়ে। দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক নন্দন কানন অনুস্থান টোত গুৰুবন্দনা,গুৰুজনাই লিখা ভটিমাৰ নৃত্য,দেশ প্ৰেম মূলক কবিতা,গীত, নৃত্য আদি প্ৰদৰ্শন কৰে নিকেতনৰ ছাত্ৰ ছাত্ৰী আৰু আচাৰ্য আচাৰ্যা সকলে। সম্পূৰ্ণ আধ্যাত্মিক আৰু সৃষ্টিশীল অনুষ্ঠান টোত উত্তৰ লখিমপুৰ নগৰৰ লগতে বাঁহপাতি অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ আৰু বুদ্ধিজীৱী সকলৰ লগতে অভিভাৱক সকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More