শতিকাৰ আকাশত জিলিকিব অধিক ৰামধনু

গোলকীয় উষ্ণতাৰ উপহাৰ বুলিলে বিজ্ঞানীয়ে

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ নৱেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বত এক আচৰিত পৰিৱৰ্তন হ’বলৈ গৈ আছে। ফলত এতিয়াৰে পৰা মানুহে অধিক ৰামধনু দেখা পাব বুলি বিজ্ঞানীসকলে দাবী কৰিছে। Global Environment Change নামৰ আলোচনীখনত প্ৰকাশিত তথ্য অনুসৰি ২১০০ চনৰ ভিতৰত আকাশত দেখা দিয়া ৰামধনুৰ সংখ্যা কমেও ৫ শতাংশ বৃদ্ধি পাব। ৰামধনুৰ বাবে প্ৰয়োজনীয় দুটা প্ৰাকৃতিক অৱস্থা হ’ল সূৰ্যৰ পোহৰ আৰু টোপাল। বৰষুণৰ মিহি টোপালবোৰৰ মাজেৰে সূৰ্যৰ পোহৰ বিৱৰ্তন হ’লেহে ৰামধনু দেখা দিয়ে। ইয়াত মিহি পানীৰ কণিকাবোৰে প্ৰিজম হিচাপে কাম কৰে। হাৱাই বিশ্ববিদ্যালয়ৰ গৱেষকসকলে জলবায়ু পৰিৱৰ্তনৰ এই বিশেষ, কম আলোচনা কৰা দিশটোলৈ আঙুলিয়াই দিয়ে। গৱেষণা দলটোৰ মুৰব্বী কিম্বাৰ্লি কাৰ্লছনে কয়— “হাৱাই দ্বীপত উপস্থিত হৈ মই নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ। কাৰণ ইয়াৰ পৰা ৰামধনুৰ দৃশ্যবোৰ বহুত ভালকৈ দেখা যায়। জলবায়ু পৰিৱৰ্তনে যে এনেধৰণৰ ৰামধনু দেখাৰ ইমান ভাল সুযোগ দিব, সেই বিষয়ে মোৰ কোনো ধাৰণা নাছিল।” বিজ্ঞানীসকলে লগতে কয় যে তুলনামূলকভাৱে ওখ ভৈয়ামৰ পৰা, য’ত মানুহ কমকৈ বাস কৰে, তাত ৰামধনু প্ৰায় নিয়মিতভাৱে দেখা যাব। কেৱল সেয়াই নহয়, সাগৰীয় অঞ্চলত বতাহ বেছি হোৱা ঠাই বা সৰু সৰু দ্বীপৰ পৰা ৰামধনু দেখা পোৱাৰ সম্ভাৱনা বেছি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More