শিক্ষকসকলে কামৰ বোজা সন্দৰ্ভত কিয় প্ৰশ্ন কৰেঃ তেজপুৰত মন্ত্ৰী ৰণোজ পেগু

উচ্ছেদ চলিবই

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ “শিক্ষকতাৰ উপৰিও শিক্ষকসকলে নিৰ্বাচনী কাম কাজ কৰিব লাগিব নতুবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁলোকে সেৱা আগবঢ়াব লাগিব৷দেশৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰিয়েই শিক্ষক সকলে ৰাষ্ট্ৰৰ সেৱা প্ৰয়োজন অনুসাৰে কৰিব লাগিব৷ শিক্ষকসকলে যি অতিৰিক্ত কাম কৰিবলগীয়া হৈছে সেয়া শিক্ষকতাৰ স’তে জড়িত আৰু তেওঁলোকৰ দায়িত্বৰ ভিতৰতে পৰে৷ সেনা জোৱান, আৰক্ষী বা বিধায়কসকলৰ কামৰ বোজা বাঢ়িছে নেকি বুলি কোনেও প্ৰশ্ন নকৰে৷ দেশৰ বা ৰাজ্যৰ আন কোনো বিভাগৰ কৰ্মচাৰীয়ে এই প্ৰশ্ন নকৰে৷ শিক্ষক সকলে কিয় এই প্ৰশ্ন কৰে মই নাজানো৷”-এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ৷ আজি তেজপুৰৰ নিকটৱৰ্তী তথা ৰঙাপৰা বিধানসভা সমষ্টি অন্তৰ্গত ঘোৰামাৰীৰ ঢেকীদলত জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত নিৰ্মাণ কৰা ৩৯লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা বড়ো ভাষা শিক্ষণ আৰু প্ৰসাৰ কেন্দ্ৰৰ শুভ উদ্বোধন কৰি এই মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।উল্লেখযোগ্য যে,তিনিটাকৈ চৰকাৰী কাৰ্যসূচীৰে আজি মন্ত্ৰী ড° পেগু উপস্হিত হয় তেজপুৰত৷ পোণতে তেজপুৰত এক কোটি ৯৯ লাখ টকা ব্যয় সাপেক্ষে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা “জনজাতি অতিথিশালা” আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছত প্ৰায় সম পৰিমাণৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা “সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প কাৰ্যালয়”ৰ লগতে একেটা চৌহদতে একেলগে নিৰ্মাণ কৰা “মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়”ৰো শুভ উদ্বোধন কৰে৷ ইপিনে ৰাজ্যৰ বিদ্যালয়ত মাধ্যমক লৈ আছুৰ স’তে আলোচনা সন্দৰ্ভত তেওঁ কয় যে, মাধ্যম প্ৰসংগত আছুৰ স’তে আলোচনা কৰিবলৈ তেওঁ আগ্ৰহী৷ এই ক্ষেত্ৰত সকলো দিশতে হ’ব আলোচনা৷ কিন্তু আজিৰে পৰা যিহেতু আছুৱে আন্দোলনৰ কথা ঘোষণা কৰিছে, তেনেস্হলত সেয়া তেওঁলোকৰ কথা বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে৷ ইপিনে বছৰি ৩০হেজাৰ ছাত্ৰছাত্ৰীক অতিৰিক্ত ভাবে নামভৰ্তিৰ সুযোগ দিব লগীয়া হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, এহেজাৰ আসনৰ বিপৰীতে সাতহেজাৰ আবেদন দাখিল হয়৷ গতিকে য’ত মহাবিদ্যালয়ৰ প্ৰয়োজন আছে তাত নতুনকৈ মহাবিদ্যালয় স্হাপন কৰা হ’ব৷ ৰঙাপৰা সমষ্টিতো বিধায়কৰ ছিগনেছাৰ পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা মহাবিদ্যালয়খনৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে কয় যে শীঘ্ৰেই এইখন আদৰ্শ মহাবিদ্যালয় মুকলি কৰা হ’ব৷ উচ্চতৰ মাধ্যমিকৰ ফলাফল দুই-এদিনতে প্ৰকাশ পাব বুলিও তেওঁ উল্লেখ কৰে য’দিও এই ক্ষেত্ৰত নিৰ্দিষ্ট তাৰিখ ঘোষণাৰ পৰা বিৰত থাকে ড° পেগু৷ তেওঁ লগতে মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শাখা উঠি যোৱাটো খাটাং বুলি মন্তব্য কৰি সেয়া অচিৰেই কাৰ্যকৰী হ’ব বুলিও সদৰী কৰে৷ জনজাতি ছাত্ৰছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা বুলিও তেওঁ প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে,সাধাৰণ সকলৰ স’তে চৰচাপৰি আৰু চাহবাগিছাৰ ছাত্ৰছাত্ৰীৰ সংখ্যাও যুক্ত হৈ আছে৷ ইফালে, আজিৰ দিনটোত শোণিতপুৰ জিলা প্ৰশাসনে চলোৱা উচ্ছেদ সন্দৰ্ভত মন্ত্ৰী ৰনোজ পেগুৱে কয় – “উচ্ছেদ কাৰ্য কোনো নতুন কথা নহয়৷ প্ৰাকৃতিক সম্পদ ৰক্ষা আৰু ঐতিহ্য উদ্ধাৰৰ স্বাৰ্থত য’ত উচ্ছেদ হৈছে তাত উচ্ছেদ চলিবই৷” পেগুৱে লগতে কয় যে, পূৰ্ৱৰ চৰকাৰে এই ক্ষেত্ৰত অপৰাধ কৰিছিল আৰু আমি কেৱল বেদখল মুক্ত কৰিম৷ তদুপৰি, বন অধিকাৰ আইনৰ দোহাই দি বনভূমি কেৱল বড়ো জনগোষ্ঠীয় লোককহে প্ৰদান কৰি বৈষম্যৰ সৃষ্টি কৰা বুলি আদিবাসী ছাত্ৰ সন্হাই কৰা অভিযোগ খণ্ডন কৰি বিভাগীয় মন্ত্ৰী গৰাকীয়ে কয় যে, অনুসূচিত সম্প্ৰদায়ৰ লোককহে এই আইনৰ অধীনত মাটিৰ পট্টা দিয়া হৈছে৷ অৱশ্যে আদিবাসী সকলৰ ক্ষেত্ৰতো চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলিও তেওঁ লগতে সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More