শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত শৈক্ষিক অঘটনৰ আশংকা : শিক্ষক দিৱসত ঘূৰাই দিব টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ

0 35

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৭ আগষ্টঃ “ শিক্ষা বিভাগৰ বিশেষ টেট আছিল এক ক’লা অধ্যায় । আমি বিশেষ টেট উত্তীৰ্ণসকলে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসত আমাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ ঘূৰাই দিম ৷ শিক্ষা মন্ত্ৰীয়ে মানৱতাৰ দৃষ্টিৰে আমাৰ বিষয়টো অধ্যয়ন কৰা নাই ৷ ” সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সমাজে বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিপৰীত স্থানত অৱস্থান কৰি বিশেষ টেট উত্তীৰ্ণসকলক বাৰে বাৰে উপলুঙা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি নিযুক্তি দিব নোৱাৰে যদি বিশেষ টেট পৰীক্ষা পতাৰ কাৰণ কি বুলি উভতি ধৰে ৷ উল্লেখ্য যে ১৪,৫৭৫ গৰাকী Unique Id শিক্ষকৰ বিপৰীতে ৬৬৭ গৰাকীহে উত্তীৰ্ণ হয় যদিও ইয়াৰ শতাধিকে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান পাঁচশ মান বিশেষ টেট উত্তীৰ্ণহে নিযুক্তি পাবলৈ বাকী আছে বুলি জানিবলৈ দি তেওঁলোকক শীঘ্ৰে নিযুক্তি দিবলৈ দাবী জনায় ৷ অন্যথা আগন্তুক ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসত তেওঁলোকৰ প্ৰমাণপত্ৰ সমূহ ঘূৰাই দিব বুলি হুংকাৰ দিয়ে ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহ সমষ্টিত সৰৱ হৈ পৰিছে বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থী ৷ মুখ্যমন্ত্ৰীৰ কথাকো গুৰুত্ব নিদিয়া ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে বিশেষ টেট উত্তীৰ্ণসকলক মানৱীয়তাৰ দৃষ্টিৰে নোচোৱাৰ অভিযোগ তুলি আজি এক সংবাদমেলত ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটায় ৷  সংবাদমেল সম্বোধন কৰি শিক্ষক সংগঠনটোৰ সম্পাদক কমল পাঠকে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ সাক্ষাৎ কৰাত নিযুক্তি দিয়া হ’ব বুলি নিৰ্ভয় প্ৰদান কৰিছিল। কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিপৰীত স্থানত অৱস্থান কৰি মুখ্যমন্ত্ৰীৰ কথাক গুৰুত্ব নিদি বাৰে বাৰে আমাক উপলুঙা মন্তব্যৰে অবহেলা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে উক্ত বিষয়টোত মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে আৰু কোনো সহায় নকৰিলে তেওঁলোকৰ বিশেষ টেট উত্তীর্ণৰ প্রমাণপত্ৰ অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসত চৰকাৰক উভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More