শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে: আই আই টি গুৱাহাটীৰ অধ্যাপক

নাওবৈচা- নাৰায়ণপুৰত ছাত্ৰ ছাত্ৰীক শিকন শিক্ষণ সামগ্ৰী বিতৰণ

0 167

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ ৯ এপ্ৰিলঃ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি অহা দুৱাৰ ফাউণ্ডেচনে আজি ২৯ এপ্ৰিলত নাওবৈচা ৰাজহ চক্ৰৰ কাৱৈভূৰুকা প্ৰাথমিক বিদ্যালয়ৰ লগতে নাৰায়ণপুৰৰ বৰদেউৰী জ্যোতি প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত শিকন শিক্ষণ সামগ্ৰী বিতৰণ কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে আই আই টি গুৱাহাটীৰ অধ্যাপক ড° জিতেন চন্দ্ৰ কলিতাই। শিক্ষাগ্ৰহণ তথা মাধ্যম যে কেতিয়াও শিক্ষাগ্ৰহণৰ অন্তৰায় নহয় সেই কথা তেওঁ সুন্দৰকৈ বুজাই দিয়ে। ইয়াৰ উপৰি নতুন উদ্ভাৱন চিন্তাৰ কেনদৰে বিকাশ ঘটাব পাৰি সেই বিষয়েও কলিতাই অৱগত কৰে । অনুষ্ঠানত অধ্যাপক জিতেন চন্দ্ৰ কলিতাই বিদ্যালয়ৰ ৯০ জন শিক্ষাৰ্থীক শিকন শিক্ষণ সামগ্ৰী বিতৰণ কৰে। দুৱাৰ ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী মানস প্ৰতিম দত্তই আঁত ধৰা অনুষ্ঠানটোত নাওবৈচা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰূপজ্যোতি ভূঞা, কাৱৈভূৰুকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, চি আৰ চি চি আদি উপস্থিত থাকে। দুৱাৰ ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠপোষক সঞ্জীৱ গোহাঁয়ে সভাত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।ইয়াৰ পাছতে ১২:৩০ বজাত নাৰায়ণপুৰৰ বেৰদেউৰী জ্যোতি প্ৰাথমিক বিদ্যালয়তো শিকন সমল বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক মণিমোহন দেউৰীয়ে আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ ৭০ জন শিক্ষাৰ্থীক শিকন সমল সামগ্ৰী বিতৰণ কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক মণিমোহন দেউৰীৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা অনুষ্ঠানটোত দেউৰী সাহিত্য সভাৰ ফিজো দেউৰীয়ে ভাষণ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More