শিক্ষা ব্যৱস্থাত কেৰোণ ক’ত ?

শিক্ষকক পাঁচ মিনিট সময় ধ্যান কৰাৰ আহ্বান শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

0 31
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১২ জুনঃ অসমৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ মূৰব্বী আৰু মাধ্যমিক শিক্ষা বিষয়াসকলকলৈ গঠিত ৰাজ্যিক অধিবিদ্যা পৰিষদ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশনখন ১০ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত  হয় । অধিৱেশনৰ আজি সামৰণি দিনাৰ মুকলি সভাত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষা ব্যৱস্থাত ঘটা কেৰোণসমূহ বিচাৰি উলিয়াবলৈ হ’লে বিদ্যালয়ৰ মূৰব্বীসকলে আন সকলো কথা পাহৰি সেই বিষয়টোক লৈ পাঁচ মিনিট সময় ধ্যান কৰিবলৈ আহ্বান জনায়। প্ৰসংগত তেওঁ কয় যে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ক’ৰবাত নহয় ক’ৰবাত কিবা এটা হৈছে । ধোঁৱা ওলাইছে যেতিয়া ক’ৰবাত জুই জ্বলিছে । গোন্ধ ওলাইছে যেতিয়া মাছটো গেলিছে । এনেকুৱা সৰু সৰু ল’জিক কিছুমান মই বিশ্বাস কৰোঁ ।” ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ মাজে-মধ্যে উঠা অভিযোগক এনেদৰেই স্বীকাৰ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। আওপকীয়াকৈ শিক্ষক সমাজলৈ দোষ ঠেলি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ মূৰব্বী অথবা প্ৰধানসকলে সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত নিজে কি ভূমিকা পালন কৰিছে সেয়া উপলব্ধি কৰিলেও উত্তৰ ওলাব বুলি কয়। উক্ত সভাতে ৰাজ্যিক অধিবিদ্যা পৰিষদৰ মুখপত্ৰ “জ্ঞান প্ৰদীপ” উন্মোচন কৰি ফলাফল তথা ছাত্ৰ-ছাত্ৰীৰ অনুপাতৰ ওপৰত ভিত্তি কৰি বিদ্যালয়সমূহ একত্ৰীকৰণ প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে চলি থাকিব বুলি উল্লেখ কৰে। ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা অধিবেশনৰ আজিৰ মুকলি সভাত সাংসদ প্ৰদান বৰুৱা, মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱাই ৰাষ্ট্ৰীয় শিক্ষা নীতি, শিক্ষকসকলৰ ভূমিকা আদি বিষয় আলোকপাত কৰে । সভাত আদৰণি সমিতিৰ স্মৃতি গ্ৰন্থ “জ্যোতিমঞ্জুৰী” উন্মোচন কৰে মাধ্যমিক শিক্ষা পৰিষদ অধ্যক্ষ ৰমেশ চান্দ জৈনে । আনহাতে ৰাজ্যিক অধিবিদ্যা পৰিষদৰ মুখপত্ৰ “ জ্ঞান প্ৰদীপ” উন্মোচন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। ৰাজ্যৰ প্ৰায় কুৰিখন জিলাৰ শতাধিক প্ৰতিনিধি উপস্থিতিত ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়ন, প্ৰসাৰৰ লগতে সংগঠনিক বিষয় আৰু হাইস্কুলৰ শিক্ষকসকলৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। ধেমাজি জিলা বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক কবিতা ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখনৰ আদৰণি ভাষণ আগবঢ়াই আয়োজক সমিতিৰ সম্পাদক জীতেন শইকীয়াই। উল্লেখ্য যে প্ৰতিনিধি সভাত পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক তথা ডিব্ৰু মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ খগেন চন্দ্ৰ পেগু সম্পাদক হিচাপে নিৰ্বাচিত হয় ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More