শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টি ধেমাজিত বিশেষ টেট উত্তীৰ্ণই গাইছে কাকূতি ঘোষা

0 16

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৫ মে’ : শিক্ষকতাৰ চাকৰিৰে মানৱ সম্পদ গঢ় দিবলৈ অশেষ চেষ্টাৰে টেট উত্তীৰ্ণ হোৱা একাংশ পৰীক্ষাৰ্থী আজি নিৰুপায় । আবেদন-নিবেদন, কাকুতি- মিনতি অৰণ্যৰোদনত পৰিণত হোৱাৰ পাছত চৰকাৰৰ দৃষ্টিগোচৰৰ বাবে বাচি লৈছে অভিনৱ কাৰ্যপন্থা । শিক্ষকতাৰ বাবে নিৰ্ধাৰিত অৰ্হতা অৰ্জন কৰাৰ পাছতো চৰকাৰৰ সুদৃষ্টি নপৰাত তেওঁলোকৰ নিযুক্তিৰ দাবীত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ সমষ্টি ধেমাজিত গুৰুজনাৰ কাকূতি ঘোষা গাই চৰকাৰৰ সুমতি কামনা কৰিছে সদৌ অসম “ইউনিক আই.ডি ” প্ৰাপ্ত বিশেষ টেট উৰ্ত্তীৰ্ণ সন্থাই । ৰাজ্যখনৰ ৬৬৭ গৰাকী বিশেষ টেট উৰ্ত্তীৰ্ণ শিক্ষকে আজি ধেমাজিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নগৰ প্ৰাথমিক শাখা নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ভাগৱত পাঠৰ অনুষ্ঠান । জানিব পৰা মতে ২০২১ চনৰ ৩ নৱেম্বৰত অনুষ্ঠিত বিশেষ টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৰাজ্যৰ ৬৬৭ গৰাকী পৰীক্ষাৰ্থী । কিন্তু ফলাফল ঘোষণাৰ প্ৰায় ৪ মাহ উকলি যোৱাৰ পিছতো নিযুক্তি লাভ কৰিবলৈ সক্ষম নহল “ ইউনিক আই.ডি ” প্ৰাপ্ত বিশেষ টেট উৰ্ত্তীৰ্ণ পৰীক্ষাৰ্থী । চৰকাৰ তথা বিভাগীয় মন্ত্ৰীৰ ওচৰত বাৰম্বাৰ নিযুক্তিৰ বাবে আবেদন নিবেদন কৰিও হতাশ হৈ অৱশেষত নেদেখাজনৰ শ্ৰী চৰণত কাকুতি ঘোষা জুৰি নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনৰ সুমতি উদয় হোৱাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰে এইসকল টেট উৰ্ত্তীৰ্ণই । কাইলৈও অনুৰূপ কাৰ্যসূচী ৰূপায়ণ কৰিব এইসকল শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More