শিল্পী পেঞ্চন প্ৰাপক মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বিশ্বেশ্বৰ ফুকন বৰবায়নৰ মৃত্যু

0 100

শতাব্দ প্ৰতিনিধি, মাজুলী,৭,মেঃমাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বিশ্বেশ্বৰ ফুকন বৰবায়নে আজি ৯০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।চাৰি বছৰ বয়সতে মাজুলীৰ নতুন কমলাবাৰী সত্ৰলৈ অহা বৈষ্ণৱ গৰাকী লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ কেন্দুগুৰিত জন্ম গ্ৰহণ কৰিছিল। ২০১২ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা ফুকন নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন,নটুৱা, অংকীয়া আৰু মাতৃ ভাষাৰ ভাওনাৰ অভিনেতা আছিল।ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ বৈষ্ণৱ গৰাকীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুজৰাট, মধ্য প্ৰদেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সত্ৰীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি সন্মান বুটলিবলৈ সক্ষম হৈছিল। বৈষ্ণৱ গৰাকীয়ে সত্ৰীয়া সংস্কৃতি প্ৰচাৰৰ বাবে কাম কৰি আহিছিল। ১৯৮৩ চনত অসম আন্দোলনৰ এগৰাকী সক্ৰিয় বিপ্লৱী হিচাপে কাৰাবাস খাটিছিল।বাৰ্ধক্যজনিত ৰোগত আজি পুৱা ৪ বজাত মৃত্যু ঘটে।মৃত্যুৰ সময়ত ফুকনে সত্ৰৰ বহাত এজন ভতিজা আৰু এজন আলধৰা এৰি যোৱাৰ লগতে ইষ্ট কুটুম এৰি যায়।শিল্পী গৰাকীৰ মৃত্যুত নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিত মহন্ত,সদৌ,মাজুলী জিলা ছাত্ৰ সন্থা,মাজুলী জিলা সাহিত্য সভা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতি,আপকু মাজুলী জিলা সমিতিয়ে শোক প্ৰকাশ কৰাৰ লগতে মাজুলীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More