শিল-বালিৰ মূল্য দুগুণ বৃদ্ধি

লখিমপুৰত অচল শিল-বালিৰ কোৱেৰি‍

0 70
শতাব্দ , লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত তথা বন বিভাগৰ তীব্ৰ অভিযানৰ বাবে সাম্প্রতিক সময়ত তীব্র আতংকময় পৰিৱেশত দিন পাৰ কৰিছে বিভিন্ন কোৱেৰিত শিল বালি পৰিবহন কৰি জীৱিকা নিৰ্বাহ কৰি অহা ট্রিপাৰ, ট্ৰেক্টৰ, ট্ৰাক আদিৰ মালিক কৰ্মচাৰীসকলৰ লগতে ইয়াৰ লগত জড়িত শ্রমিক আৰু তেওঁলোকৰ পৰিয়ালসমূহে। বন বিভাগত ৰাজহ সংগ্ৰহৰ নামত এই বাহন সমূহৰ পৰা যিকোনো সময়ত বৃহৎ পৰিমাণৰ জৰিমনা আদায় লোৱা কাৰ্যই এই লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বন বিভাগৰ লগতে আৰক্ষী, পৰিবহন বিভাগ তথা একাংশ সংগঠনে এই মালিকসকলক অবৈধ ব্যবসায়ী বুলি বেয়া দৃষ্টিৰে চাই অহা বুলি আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত লখিমপুৰ ডাম্পাৰ এছছিয়েচনৰ সভাপতি সম্পাদকসকলে মন্তব্য কৰে। তেওঁলোকে কয় যে চৰকাৰী ভাবে তিনিমাহ আগতেই চৰকাৰক মহলদানে ৰাজহ জমা দিয়াৰ পিছত চৰকাৰী ভাবে আৱন্টন লাভ কৰা তেনে কোৱেৰিৰ পৰা শিল বালি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত চালানৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে। বন বিভাগে সময়মতে পর্যাপ্ত পৰিমানৰ চালান মহলদাৰক বা কোৱেৰিৰ মালিকক যোগান ধৰিব নোৱৰাৰ বাবেই এনে সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে বৈধ ভাৱে কোৱেৰিৰ পৰা শিল-বালি পৰিবহন বা সংগ্ৰহ কৰাৰ পাছতো বন বিভাগে তেওঁলোকৰ ওপৰত হাৰাশাস্তি চলাই আহিছে। শেহতীয়াকৈ বন বিভাগে প্ৰতিখন গাড়ীৰ বিপৰীতে চালান কাটিবলৈ দিছে যদিও সেই অনুসৰি মহলদাৰক বন বিভাগে পর্যাপ্ত চালানৰ যোগান ধৰিব পৰা নাই। বন বিভাগত বিয়াগোম বিয়াগোম উচ্চ পদস্থ বিষয়া থকাৰ পিছতো এনে অসুবিধা সমূহ কিয় দুৰ কৰিব পৰা নাই বুলি সংবাদমেলত ডাম্পাৰ সন্থাই প্রশ্ন উত্থাপন করে। বন বিভাগৰ আঁওপুৰণি চিন্তা চৰ্চাই চৰকাৰৰ ৰাজহ বৃদ্ধি কৰিব নোৱাৰে বুলি ডাম্পাৰ সন্থাৰ হৈ সভাপতি ইন্দ্ৰজিত মৰাৎ, সাধাৰণ সম্পাদক মিন্টু কুমাৰ দাস, মহলদাৰ তথা সন্থাৰ সদস্য ৰাজীৱ শৰ্মাই মত ব্যক্ত কৰে। ইফালে প্ৰতিখন গাড়ীয়ে শিল-বালি সংগ্ৰহৰ সময়ত কোৱেৰি বা মহলৰ পৰা চালান সংগ্ৰহ কৰিবলগীয়া হোৱাৰ ফলত সাধাৰণ খাটি খোৱা জনতাৰ পৰা কোটিপতি লোকৰ মাজতো মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি তেওঁ উল্লেখ কৰে। এতিয়া শিল-বালিৰ মূল্য দুগুণ বৃদ্ধি পোৱাত নতুনকৈ প্ৰধানমন্ত্রী আৱাস গৃহ লাভ কৰা দৰিদ্ৰ লোকৰ পৰা মধ্যবিত্ত শ্রেণীৰ লোকলৈকে বিৰূপ প্ৰভাৱ পৰিছে। সেয়ে প্রয়োজন সাপেক্ষে অধিক মাচুল লৈ অতিৰিক্ত ভাবে চালান যোগান ধৰিবলৈ বন বিভাগক সন্থাই দাবী জনায়। সন্থাই এই কথা দাবী জনাই যে ট্রিপাৰ তথা ডাম্পাৰৰ মালিকসকল বন বিভাগ, পৰিবহন বিভাগ, আৰক্ষী বিভাগ আদিৰ ৰোষত পৰাৰ পৰা চৰকাৰে তেওঁলোকক মুক্তি দিব লাগে। তদুপৰি মহলসমূহত অতিৰিক্ত ভাৱে হ’লেও পর্যাপ্ত চালানৰ ব্যৱস্থা কৰিবলৈ সন্থাই দাবী জনায়। একেদৰে চৰকাৰে মহলদাৰসকলৰ লগত আলাপ আলোচনা কৰি আওপুৰণি ব্যৱস্থা সলনি কৰি ৰাজহ সংগ্ৰহৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। উল্লেখ্য যে শিল-বালি সংগ্রহ তথা পৰিবহন কৰা চালান বিহীন ডাম্পাৰ, ট্ৰেক্টৰৰ বিৰুদ্ধে বন বিভাগে তীব্র অভিযান চলাই বৃহৎ পৰিমানৰ জৰিমনা আদায় কৰাত শিল-বালিৰ মূল্য দুগুণ বৃদ্ধি হৈছে। ইফালে বহু কোৱেৰিত চালনৰ অভাৱত গাড়ী নচলাৰ বাবে মহল সমূহ একপ্ৰকাৰে অচল হৈ পৰাতত্ৰতিয়া গাড়ীসমূহৰ টেক্স, ঋণৰ মাহেকীয়া কিস্তি আদি পৰিশোধ কৰাত সমস্যাৰ সৃষ্টি হোৱাত মহল সমূহ অচল হৈ পৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More