শিৱসাগৰত গৰুৰ শ খাই মৃত্যু হোৱা শগুণৰ সংখ্যা ২৭ টা লৈ বৃদ্ধি

অসুস্থ ৭ টা শগুনক উন্নত চিকিৎসাৰ বাবে গুইজানৰ শগুণ সংৰক্ষণ, চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২৫ জানুৱাৰীঃ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ পঞ্চায়তৰ অন্তৰ্গত চিতলীয়া নাওজান বিলৰ পাৰত বিষাক্ত দ্ৰব্য মিহলি গৰুৰ শ খাই মৃত্যু হোৱা শগুণৰ সংখ্যা ২৭ টালৈ বৃদ্ধি পালে ৷ আনহাতে অসুস্থ অৱস্থাত শিৱসাগৰ বন বিভাগৰ তত্বাৱধানত চিকিৎসাধীন হৈ থকা ৭ টাকৈ শগুণক বিভাগে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়াস্থিত গুইজান শগুণ সংৰক্ষণ আৰু চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, শান্তিপুৰ চিতলীয়া নাওজান বিলৰ পাৰত কোনো দুস্কৃতিকাৰীয়ে বিষাক্ত ৰাসায়নিক পদাৰ্থ খাই মৃত্যুৰ মুখত পৰা এটা গৰু আৰু ম’হৰ পোৱালীৰ শ পেলাই থৈছিল ৷ সোমবাৰৰ পুৱা এই গৰু আৰু ম’হৰ মৰাশ ভক্ষণ কৰিবলৈ অহা অতি দুস্প্ৰাপ্য হিমালয়ান গ্ৰিফন আৰু হোৱাইট বেক প্ৰজাতিৰ ২৫ টা শগুণৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৯ টা শগুণ অসুস্থ অৱস্থাত বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ শিৱসাগৰ বন সংমণ্ডল বিষয়া দেবেন চন্দ্ৰ কলিতা, এ চি এফ বুবুল বৰুৱা আৰু ৰেঞ্জাৰ কাশীনাথ খনিকৰৰ নেতৃত্বত যোৱা তিনিটাকৈ বন বিভাগৰ দলে মৃত্যু হোৱা শগুন কেইটা ঠাইতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি শেষকৃত্য সম্পন্ন কৰাৰ বিপৰীতে অসুস্থ ৯ টা শগুণক পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত অসুস্থ ৯ টা শগুণক চৰগুৱা উপ শগুণ সংৰক্ষণ আৰু চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল ৷শিৱসাগৰ বন বিভাগৰ লগতে জিলা পশু চিকিৎসালয়ৰ এটা বৃহত দলে শগুণ কেইটাক প্ৰাথমিক চিকিৎসাৰ অংশ হিচাবে বমি কৰোৱাবলৈ সক্ষম হৈছিল যদিও কালি পুৱাৰ ভাগত চিকিৎসাধীন অৱস্থাতেই পুনৰ দুটাকৈ শগুণৰ মৃত্যু হয় ৷ইয়াৰ পিছতেই শিৱসাগৰ বন সংমণ্ডলৰ কাৰ্য্যালয়ে বিভাগটোৰ জিম্মাত চিকিৎসাধীন অৱস্থাত থকা সাতোটাকৈ শগুণক সম্পুৰ্ণ সুৰক্ষিত ভাৱে তিনিচুকীয়াস্থিত গুইজানৰ শগুণ সংৰক্ষণ আৰু চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷বাতৰি লিখা পৰলৈকে গুইজান কেন্দ্ৰত থকা কেওটা শগুণৰ দ্ৰুত স্বাস্থ্যৰ উন্নতি হৈছে বুলি বিভাগীয় সূত্ৰই জনাইছে ৷ আনহাতে গৰু আৰু ম’হৰ মৰাশত বিষাক্ত দ্ৰব্য মিহলি কৰা দুস্কৃৰ্তিকাৰীৰ সন্ধানত আজি তৃতীয় দিনাও বন সংমণ্ডল বিষয়া দেবেন চন্দ্ৰ কলিতাৰ নেতৃত্বত এ চি এফ বুবুল বৰুৱা আৰু ৰেঞ্জাৰ কাশীনাথ খনিকৰে তীব্ৰ অভিযান চলাইছে ৷ সন্দেহবশতঃ দাঁতি কাষৰীয়া ম’হৰ খুটিৰ বহু কেই গৰাকী ব্যক্তিক সোধা পোচাৰ বাবে আটক কৰিছে যদিও প্ৰকৃত দুস্কৃতিকাৰীৰ সন্ধান লাভ কৰা নাই ৷ একে সময়তে বন বিভাগৰ দলটোৱে শগুণৰ প্ৰকৃত মৃত্যুৰ কাৰণ উদঘাটনৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ সময়ত চিকিৎসকে সংৰক্ষণ কৰি ৰখা শগুণ কেইটাৰ শৰীৰৰ অন্তঃভাগৰ কেতবোৰ অংশ লৈ বিভাগৰ আন এটা দল কালি নিশাই গুৱাহাটীস্থিত ফৰেনচিক লেবৰেটৰীত উপস্থিত হোৱাৰ বাতৰি পোৱা গৈছে ৷ আনহাতে দুস্প্ৰাপ্য দুটাকৈ প্ৰজাতিৰ ২৭ টাকৈ শগুণক তিল তিল মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ আঁৰত এটা দুৰ্বৃত্ব দলৰ পৰিকল্পিত ষড়যন্ত্ৰৰ হাত থকাতো বিভাগৰ প্ৰাৰম্ভিক অনুসন্ধানত স্পষ্ট হৈ পৰাৰ পিছতেই জিলা বন সংমণ্ডল কাৰ্য্যালয়ে ঘটনাৰ সন্দৰ্ভদ এচআইভি/এচ/২(ইউ) অৱ ২০২২— ২৩ নম্বৰৰ বন্য প্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰি অনুসন্ধান তীব্ৰতৰ কৰি তুলিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More