শীঘ্ৰেই পুনৰ বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তীকলৈ ব্যাপক পৰিকল্পনা

0 24

তেজপুৰ,২০অক্টোবৰ: “লাচিত বৰফুকনেই এগৰাকী বীৰ, যি গৰাকী বীৰৰ কাহিনীয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। যি গৰাকী বীৰৰ কাহিনীয়ে আমাক উদ্বুদ্ধ কৰি আহিছে৷ সাহস দিছে জীৱন যুদ্ধত৷ প্ৰত্যাহবানৰ আগত থিয় হ’বলৈ আমাক সাহস দিছে৷ তেনে এগৰাকী বীৰৰ প্ৰাসংগিকতা সমগ্ৰ দেশতে আছে, তাক আমি তুলি ধৰিবলৈ অসম চৰকাৰৰ উদ্যোগত লাচিতৰ চাৰিশ বছৰীয়া জয়ন্তী নতুন দিল্লীত আয়োজন কৰা হৈছে।–”এই মন্তব্য ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ।উল্লেখ্য যে, ব্যক্তিগত ভ্ৰমণসূচী লৈ তেজপুৰত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে লগতে কয় যে – ছাত্ৰ ছাত্ৰী সকলে যাতে এই বীৰজনাৰ বিষয়ে আৰু অধিক জ্ঞান আহৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব আৰু সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে কেইবাটাও কাৰ্যসূচী এই চাৰিশ বছৰীয়া জন্ম জয়ন্তীত ৰখা হ’ব। অন্তিম পৰ্যায়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰ উপস্হিতিত দিল্লীত কেবাটাও কাৰ্যসূচী ৰখা হ’ব বুলিও তেওঁ কয়৷ আনহাতে, ৰাজ্যৰ চাহ উদ্যোগ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে – প্ৰায় দুশ বছৰ হ’বলৈ গৈ আছে অসমৰ চাহ উদ্যোগে আৰু অসমৰ চাহে সমগ্ৰ বিশ্বৰ বজাৰতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেয়েহে দুশ বছৰীয়া এই বৃহৎ উদ্যোগটোক আৰু অধিক শক্তিশালী কৰিবলৈ অসম চৰকাৰে ব্যৱস্হা গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ উদ্যোগৰ লগত জড়িত ব্যক্তি সকলৰ লগত মিলিত হৈ উদ্যোগ আৰু বাণিজ্য বিভাগে এখন “চাহ নীতি” প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰাৰ কথাও তেওঁ ব্যক্ত কৰে৷ ইফালে, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰয়োজিত আৱাহন থিয়েটাৰে লভিতা সন্দৰ্ভত ৰাইজৰ দাবী আৰু চৰকাৰৰ আহ্বানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাত আৱাহন থিয়েটাৰ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰাসংগিকতাৰ ওপৰতো মন্তব্য কৰে সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে৷

*ৰাজ্যত তৃতীয়বাৰলৈ বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি

ইপিনে একেদৰেই ব্যক্তিগত ভ্ৰমণ সূচীলৈ আজি তেজপুৰত উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ আন এজন মন্ত্ৰী সঞ্জয় কিষানে সংবাদ মাধ্যমৰ আগত কয় যে,ৰাজ্যত তৃতীয়বাৰলৈ বৃদ্ধি পাব শ্ৰমিকৰ মজুৰি৷ ইতিমধ্যে দুবাৰকৈ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হৈছে যদিও অচিৰেই পুনৰ বৃদ্ধি পাব চাহ শ্ৰমিক সকলৰ মজুৰি৷এই সন্দৰ্ভত
অচিৰেই ট্ৰেড ইউনিয়নৰ লগত মজুৰি বৃদ্ধি প্ৰসংগত আলোচনা কৰা হ’ব বুলিও তেওঁ কয়৷ দেশৰ সকলো ৰাজ্যতে শ্ৰমিকৰ মজুৰি একে পৰিমানৰ কৰাৰ যি কেন্দ্ৰৰ পৰিকল্পনা, সেই বিষয়ে উল্লেখ কৰি মন্ত্ৰী কিষানে কয় যে ৰাজ্যতো সেয়ে ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে৷ এই ক্ষেত্ৰত শ্ৰমিক সংগঠন, মালিক গোষ্ঠী আৰু চৰকাৰ, এই ত্ৰিপাক্ষিক আলোচনাৰ কথা উল্লেখ কৰে৷ মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰই কৰিব খোজা লেবাৰ ক’ডৰ কথা উল্লেখ কৰি বিভিন্ন আইন সমূহ চালিজাৰি এক সিদ্ধান্তলৈ অহাৰ পিছতে মজুৰি বৃদ্ধি ঘটাতো সম্ভৱপৰ হৈ উঠিব বুলি আশা ব্যক্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More