শীঘ্ৰেই ভাৰতলৈ আহি আছে ‘ষ্টাৰলিঙ্ক’ৰ উপগ্ৰহীয় ইণ্টাৰনেট সেৱা

0 24
শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে’ :
চলচ্চিত্ৰ এখনৰ দৰেই বিজ্ঞাপন দিয়া হৈছে ‘কামিং ছুন’ ! বিশ্বৰ শীৰ্ষস্থানীয় ধনাঢ্য ব্যক্তি এল’ন মাস্কৰ ‘স্পেছএক্স’ ৰ ষ্টাৰলিঙ্ক উপগ্ৰহীয় ইণ্টাৰনেট সেৱা সোনকালেই ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ প্ৰায়বোৰ অঞ্চলতেই উপলদ্ধ হ’ব বুলি প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিক ভাৱে জানিবলৈ দিছে। প্ৰতিষ্ঠানটোৱে জনোৱা মতে সম্প্ৰতি বিশ্বৰ ৩২ খন দেশত তেওঁলোকৰ এই সেৱা উপলব্ধ। অৱশ্যে যোৱা সময়ছোৱাত গ্ৰাহক সকলে সময়মতে উপগ্ৰহ সংযোগৰ বাবে সা-সৰঞ্জাম নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে।
স্পেছএক্সে টুইটাৰত অলপতে আপল’ড কৰা এখন মানচিত্ৰৰ পৰা দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডতো অচিৰেই এই সেৱা উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে। মানচিত্ৰখনৰ তথ্যত ভাৰতবৰ্ষত অৱশ্যে তৎকালেই ষ্টাৰলিঙ্কৰ উপগ্ৰহীয় ইণ্টাৰনেট সেৱা উপলব্ধ হোৱাৰ তথ্য নাই যদিও দেশখনত এই সেৱা শীঘ্ৰেই প্ৰৱৰ্তনৰ কথা উল্লেখ কৰিছে।
উল্লেখযোগ্য যে, ষ্টাৰলিঙ্কৰ বাবে জনবহুল ভাৰতবৰ্ষ এখন আকৰ্ষণীয় বজাৰ। ২০২১ চনত প্ৰতিষ্ঠানটোৱে ভাৰতত এই সেৱাৰ বাবে আগতীয়াকৈ ধনৰ বিনিময়ত গ্ৰাহক অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু ৫,০০০ জন গ্ৰাহকো লাভ কৰিছিল। কিন্তু ভাৰত চৰকাৰে গ্ৰাহক অন্তৰ্ভুক্তিৰ পূৰ্বে সেৱা আগবঢ়োৱাৰ অনুমতি বাধ্যতামূলক কৰাত ষ্টাৰলিঙ্কে গ্ৰাহকসকলক ধন ঘূৰাই দিবলৈ বাধ্য হয়। ভাৰতীয় দূৰসংযোগ প্ৰতিষ্ঠানসমূহে ষ্টাৰলিঙ্কক অনুমতি প্ৰদান নিদিবৰ বাবে হেঁচা প্ৰয়োগ অব্যাহত ৰাখিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More