শোণিতপুৰত গাভৰু নৈৰ বাঢ়নী পানীয়ে বিধস্ত কৰিলে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ

১৫বছৰে পূৰণ নহ’ল মথাউৰি নিৰ্মাণৰ বাবে ৰাইজৰ দাবী 

0 3
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১জুলাইঃ যোৱা নিশা প্ৰায় দুই বজাত গাভৰু নৈৰ বাঢ়নি পানীয়ে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মৌজাত এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ কৰে। আকস্মিক ভাবে বৃদ্ধি পোৱা গাভৰু নৈৰ বানে শোণিতপুৰৰ গাভৰু শিৱ মন্দিৰৰ সমীপত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা অংশ খহাই পেলাই আৰু তেজপুৰ ৰাজহচক্ৰ অন্তৰ্গত নিৰাই আটি আৰু ঠেলামৰা ৰাজহ চক্ৰৰ বালিগাঁও প্লাবিত কৰে। নিশা নিদ্ৰাৰত ৰাইজে আনকি নিজৰ হাঁহ, ছাগলী-গৰু আনকি বাচনবৰ্তন ৰক্ষা কৰাৰো সুযোগ নাপালে। আজি স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে ইমানদিনে গাভৰু নৈৰ এনে বিক্ৰাল ৰূপ দেখা নাছিল।স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে, বহু লোকৰ ভঁৰালৰ ধান নষ্ট হোৱাৰ লগতে পোহনীয়া হাঁহ-ছাগলী তথা গৰুৰ লগতে বাচন বৰ্তনো এই আকস্মিক আৰু ভয়াৱহ বানত উটি যায়। কাহিলি পুৱাৰে পৰাই বানাক্ৰান্ত অঞ্চলত এছ ডি আৰ এফে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বানত আৱদ্ধ হৈ পৰা শিশু মহিলা সহ বহু সংখ্যক লোকক এছ ডি আৰ এফে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে। তেজপুৰ আৰু ঠেলামৰা ৰাজহচক্ৰ বিষয়া দ্বয়ে এই বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ উদ্ধাৰ অভিযান তদাৰক কৰে। উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা গাভৰু নৈৰ পানী মাজ নিশা আকস্মিকভাবে ফেনেফুটুকাৰে বাঢ়ি গাভৰু শিৱ মন্দিৰৰ কাষত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে পানী বাগৰি যায়। আজি পুৱালৈকে এই ৰাষ্ট্ৰীয় পথৰ ওপৰত উদ্ধাৰ অভিযানত ব্যৱহাৰ হোৱা ৰবৰৰ নাও চলাচল কৰাৰ বিপৰীতে দিনৰ প্ৰায় ১১বজালৈকে যান-বাহনৰ চলাচল বন্ধ হৈ পৰে আৰু বহু যান-বাহন দুয়োপাৰে আবদ্ধ হৈ পৰে। অৱশ্যে পাছত পানীৰ প্ৰকোপ কমি অহাত আৰক্ষীৰ নিয়ন্ত্ৰণত যান-বাহন সমূহ চলাচল কৰিবলৈ দিয়া হয় । প্ৰশাসনে নিৰাই আাটি অঞ্চলৰে পাঁচ শতাধিক লোকক খিচিৰিৰ যোগান ধৰে। ইপিনে গাভৰুৰ এনে বানৰ পাছতে স্থানীয় ৰাইজে দীৰ্ঘকাল ধৰি গাভৰু ঘাট গাঁৱৰ সমীপৰ পৰা এটা মথাউৰি নিৰ্মাণৰ বাবে বিগত ১৫বছৰ কাল জনাই অহা অনুৰোধ এতিয়ালৈকে পূৰণ নোহোৱাৰ বাবেই এনে দুৰ্যোগৰ সন্মূখীন হ’বলগীয়া হোৱা বুলি ক্ষোভ ব্যক্ত কৰে। উল্লেখযোগ্য যে,কংগ্ৰেছ চৰকাৰৰ আমোলত বৰছলা বিধান সভা সমষ্টিৰ তদানীন্তন কংগ্ৰেছী বিধায়ক টংক বাহাদুৰ ৰায়ৰ লগতে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক গনেশ কুমাৰ লিম্বুক এই মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ বাৰম্বাৰ আহ্বান জনাই অহা সত্বেও সেয়া আজিলৈকে কাৰ্যকৰী হৈ নুঠিল। ক্ষোভিত ৰাইজে কয় যে,নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি সকলো আহে যদিও নিৰ্বাচনৰ পাছতে সকলোৱেই ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দিয়ে। আজি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পথৰ এচোৱা বানত খহি যোৱাৰ বিপৰীতে ৰাইজৰ দাবী অনুসৰি মথাউৰিটো নিৰ্মাণ নহ’লে ভৱিষ্যতে পুনৰ বিপৰ্যয়ৰ সৃষ্টি হ’ব বুলিও বানাক্ৰান্ত ৰাইজে আশংকা প্ৰকাশ কৰিছে। ইপিনে ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় পথচোৱাৰ মেৰামতিৰ কাম গড়কাপ্তানি বিভাগে আৰম্ভ কৰাৰ বিপৰীতে স্থানীয় বিধায়ক লিম্বুৱে বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More