শোণিতপুৰত, লখিমপুৰত ১৪৪ ধাৰা বলবৎ

0 26

শোণিতপুৰত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ জুন: সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰি দেশৰ কোনো কোনো ঠাইত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু শোণিতপুৰ জিলাৰ আইন শৃংখলা পৰিস্থিতি অটুত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা জাৰি কৰিছে ।এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক লোকৰ সমাবেশ; কোনোধৰণৰ মাৰণাস্ত্ৰ ৰাজহুৱা স্থান, খেলপথাৰ, ছবিগৃহ, প্ৰেক্ষাগৃহলৈ কঢ়িওৱা; সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা, অনুশীলন, শোভাযাত্ৰা, শ্লোগান দিয়াৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে লাউড স্পীকাৰ উচ্চস্বৰত ব্যৱহাৰ কৰি শব্দ প্ৰদূষণ কৰা ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।এই আদেশ সমগ্ৰ শোণিতপুৰ জিলাত তৎকালীন ভাৱে বলৱত হোৱাকৈ তথা পৰৱৰ্তী আদেশ জাৰি নোহোৱালৈকে বাহাল থাকিব।

লখিমপুৰত ১৪৪ ধাৰা বলবৎ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ জুনঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে জম্মুকাশ্মীৰ, কলকাতা, কানপুৰ, প্ৰয়াগৰাজ, কোচবিহাৰ, ৰাচি আদিত সংঘটিত হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি লখিমপুৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত ১৪৪ ধাৰা নিষেধাজ্ঞা বলবৎ কৰিছে। জিলাখনত শীঘ্ৰে কাৰ্যকৰি হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইনৰ অধীনত এই নিষেধাজ্ঞা বলবৎ কৰা হৈছে। ইয়াৰ বাবে জিলাখনত প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত পাঁচ জন বা ততোধিক লোক সমবেত হ’ব নোৱাৰিব আৰু তেওঁলোকে লগত লাঠি, আগ্নেয়াস্ত্ৰ আদি লৈ ফুৰিব নোৱাৰিব বুলি লখিমপুৰ জিলা জনসংযোগ বিষয়াই জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More