শোণিতপুৰত ২০২২-২৩ বৰ্ষত কৃষকৰ পৰা ৩৮,৩০০ মেট্ৰিক টন ধান ক্ৰয়ৰ কৰিব চৰকাৰে

0 17

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২নবেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । এই মাৰ্গ দৰ্শনেৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা কৃষি বিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যৌথ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন, APART, FCI আৰু AFCSCL সহযোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা দৰত অসমৰ বিভিন্ন ধান ক্ৰয় কেন্দ্ৰৰ লগতে শোণিতপুৰ জিলাত ৩৮,৩০০ মেট্ৰিক টন ধান ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে ঢেকিয়াজুলি আৰু বিন্দুকুৰিত, খাদ্য আৰু অসামৰিক যোগান গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে গেজেঙাগুৰি, বৰছলা আৰু ওঠৰ মাইলত, কৃষি মাৰ্কেটিঙ বোৰ্ডৰ জৰিয়তে ঢেকিয়াজুলিত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে অসম চৰকাৰে কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিব বুলি সদৰি কৰিছে শোণিতপুৰ জিলা কৃষি বিষয়া পঙ্কজ শইকীয়াই। চৰকাৰে কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা উক্ত সিদ্ধান্ত বাস্তৱায়িত কৰাৰ বাবে এই বৰ্ষত ৰাজ্যত প্ৰথমবাৰৰ বাবে এই দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হয় । কৰ্মশালাত এক ডিচেম্বৰ ২০২২ৰ পৰা ২০২৩ ৰ ৩০জুন পৰ্য্যন্ত ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্যত শোণিতপুৰ জিলাত ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে বিতংভাৱে পৰ্য্যালোচনা কৰা হয়। কৰ্মশালাত AFCSCL ৰ ৰাজ্যিক কাৰ্যবাহী বিষয়া প্ৰফুল্ল কুমাৰ শইকীয়া, কৃষি সঞ্চালকালয়ৰ জ্যেষ্ঠ পৰামৰ্শদাতা দেৱজিৎ নেওগ, FCI ৰ মাণ্ডলিক প্ৰৱন্ধক ৰেড্ডী শেখৰ, যুটীয়া কৃষি সঞ্চালক পবিত্ৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, কৃষি মাৰ্কেটিং বোৰ্ডৰ বিষয়ববীয়াসকল, জিলা পৰিবহণ বিষয়া, শোণিতপুৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা কৃষি বিভাগ, APART ৰ অন্যান্য বিষয়ববীয়াসকল আৰু জিলাখনৰ ধান মিলৰ স্বত্বাধিকাৰ সকলে অংশ গ্ৰহণ কৰে। উল্লেখ্যযে বিগত বৰ্ষত জিলাখনত চৰকাৰে ৩২,৪৫০ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে বান্ধি দিয়া লক্ষ্যৰ বিপৰীতে ১৬২৪ গৰাকী কৃষকৰ পৰা ১৫,৯৪৮ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More