শোণিতপুৰৰ খেলমাটি অঞ্চলত পৰিস্কৰণ আৰু পাৰিপাৰ্শ্বিক সজাগতা অভিযান

0 13

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৯ জানুৱাৰী : পৰিস্কাৰ – পৰিচ্ছন্নতা আৰু পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কালি তেজপুৰৰ নিকটৱৰ্তী খেলমাটি অঞ্চলত সজাগতামূলক এক কাৰ্যসূচী সম্পন্ন হয়। তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা, বাঁহবাৰী আঞ্চলিক বড়ো সাহিত্য সভা, খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু খেলমাটি অঞ্চল উন্নয়ন সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত “পৰিস্কৰণ আৰু পাৰিপাৰ্শ্বিক সজাগতা অভিযান” শীৰ্ষক কাৰ্যসূচী খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত শুভাৰম্ভ কৰে বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক নৰেশ্বৰ বড়োৱে। বিদ্যালয় প্ৰাংগন আৰু সমগ্ৰ খেলমাটি চেন্টাৰ সামৰি চলোৱা এই অভিযানত বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ – ছাত্ৰীৰ লগতে আয়োজক অনুষ্ঠানকেইটাৰ বিষয়ববীয়া সদস্যসকলৰ লগতে স্হানীয় ৰাইজ আৰু খেলমাটি চক উন্নয়ন সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলে অংশ গ্ৰহণ কৰে। আনহাতে এই অভিযান আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক নৰেশ্বৰ বড়োৱে খেলমাটি চেন্টাৰত থকা প্ৰতিখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰীক ডাষ্টবিন ব্যৱহাৰ কৰি অঞ্চলটোৰ পৰিস্কাৰ – পৰিচ্ছন্নতাক গুৰুত্ব দিবলৈ আহ্বান জনায়। পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সম্পাদক দয়াল হাজোৱাৰী আৰু সভাপতি মানস প্ৰতীম দৈমাৰীয়ে আঁত ধৰা অনুষ্ঠানটিত বাঁহবাৰী আঞ্চলিক বড়ো সাহিত্য সভাৰ সভাপতি সুনীল কছাৰী উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More