শোণিতপুৰৰ তিনিটা স্থানত ড্ৰাগছ জব্দ

0 12
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩জুনঃ শোণিতপুৰ আৰক্ষীয়ে আজি পৃথকে জিলাখনৰ তিনিটা স্থানত চলোৱা অভিযানত ড্ৰাগছ সহ একাধিক সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।এই অভিযানত বৰঘাট আৰক্ষীয়ে চাৰিগ্ৰাম আৰু চাৰিদুৱাৰ আৰক্ষীয়ে ১০গ্ৰাম সহ মুঠ ১৪গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে,গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কলীয়াভোমোৰা দলঙৰ দক্ষিণ দিশে চলোৱা তালাচী অভিযানত দুই ড্ৰাগছ সৰবৰাহ কাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে,এ এছ ১২ টি ৭২১২ নম্বৰৰ মটৰচাইকেলত নগাঁৱৰ দিশৰ পৰা অহি থকা তেজপুৰ চটাইচাপৰিৰ আব্দুল কাদিৰৰ পুত্ৰ ইকবাল হুছেইন(২২) আৰু যোৰগড়ৰ আব্দুল কুদ্দুচৰ পুত্ৰ হবিবুৰ ৰহমান(৩২)ৰ পৰা আৰক্ষীয়ে ২৮টা প্লাষ্টিক পাত্ৰত সন্দেহযুক্ত হেৰ’ইন সহ কৰায়ত্ত কৰে।ইপিনে চাৰিদুৱাৰ আৰক্ষীয়েও আগতীয়াকৈ লাভ কৰা খৱৰৰ ভিত্তিত এ এছ ০১ এপি ১৩০১নম্বৰৰ বলে’ৰ বাহনত তালাচী চলাই ছয়টা প্লাষ্টিক পাত্ৰ ভৰ্তি ড্ৰাগছ জব্দ কৰে।এই ড্ৰাগছ সৰবৰাহ কৰা অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ কালিড’ পেৰটিন নামৰ লোকজনক আটক কৰিছে আৰক্ষীয়ে।এইজন অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুদামঘাট অঞ্চলৰ দিলদাৰ হুছেইনৰ বাসগৃহত তালাচী চলাই ড্ৰাগছ ভৰ্ত্তি ৫৬টা প্লাষ্টিক কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়।শেহতীয়াকৈ গুদামঘাট অঞ্চলৰ পৰা যথেষ্ট পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰা আৰক্ষীয়ে ইয়াৰে জড়িত কে’বাজনো সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।আজি তিনিটা স্থানত ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই কয় যে,শোণিতপুৰত আৰক্ষীয়ে এই সময়চোৱাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ধাৰাবাহিক ভাবে সফলতা লাভ কৰিছে য’দিও একাংশ সৰবৰাহকাৰী এতিয়াও সক্ৰিয় হৈ আছে।এইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে।উল্লেখযোগ্য যে,বৰ্তমান শোণিতপুৰৰ চাৰিদুৱাৰ আৰু তেজপুৰৰ থানা অন্তৰ্গত অঞ্চল সমূহত উদ্ধাৰ হোৱা ড্ৰাগছ নগাঁও আৰু অৰুণাচলৰ পৰা সৰবৰাহ হোৱাৰ একাধিক তথ্য পোহৰলৈ আহিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More