শোণিতপুৰৰ তেলীয়া ঘাটত অসহায় অৱস্থাত বন্যহস্তী

 চাৰিদিনে আৱদ্ধ ব্ৰহ্মপুত্ৰৰ সুঁতিত

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৪ মে’ : শোণিতপুৰৰ জহামাৰিত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ তেলীয়া ঘাটত এজনী হস্তিনী যোৱা চাৰি দিনে আৱদ্ধ হৈ আছে ৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীজনী বৰ্তমান ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ কিছু বোকাময় স্হানত আছে আৰু পানীৰ পৰা উঠি অহা নাই ৷এই বিষয়ে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত কালি ঘটনাস্থলীত তেজপুৰ সদৰ,ঢেকিয়াজুলিৰ লগতে ওৰাঙৰ পৰা বনকৰ্মী তথা চিকিৎসকৰ দল উপস্থিত হৈ হাতীজনীক পৰ্যবেক্ষণ কৰে। উল্লেখ্য যে, হাতীজনীয়ে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি উত্তৰ পাৰত অৱস্থান কৰিছে যদিও মানুহৰ সমাগম হলেই পুনৰ বিপৰীত দিশলৈ গতি কৰে । খাদ্যৰ অভাৱত হাতীজনী দুৰ্বল হৈ পৰা বুলি প্ৰকাশ কৰিছে স্হানীয় ৰাইজে৷ বন বিভাগৰ লোকে হাতীজনীৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিহ্ন নাই বুলি প্ৰকাশ কৰাৰ বিপৰীতে বন্যপ্ৰাণী আৰু বন সুৰক্ষাৰে দীৰ্ঘদিন ধৰি জড়িত দিলীপ নাথে আশংকা প্ৰকাশ কৰি কয় যে,হাতীজনীৰ পিছৰ এখন ঠেঙত কোনো আঘাত থকাৰ সম্ভাৱনা আছে আৰু সেই আঘাতৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈকে হাতীজনী পানীৰ পৰা উঠি অহা নাই৷ হাতীয়ে আঘাতৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰে পানীত আশ্ৰয় লয় বুলি প্ৰকাশ কৰি নাথে কয় যে,এনে নহ’লে হাতীজনী যোৱা তিনি-চাৰিদিনে পানীতে নাথাকিল হয়৷ আনহাতে বনৰীয়া হাতীজনীক নদীৰ পৰা পাৰলৈ উঠাবলৈ কোনো বিশেষ সঁজুলি নথকাত কাইলৈ কুনকী হাতীৰ সহায়ত পাৰলৈ উঠোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ তদুপৰি কালি কলৰ স’তে হাতীজনীক ঔষধ সেৱন কৰোৱা হৈছে বুলিও জানিবলৈ দিয়ে নাথে ৷উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাতীজনীক তিনিদিন পূৰ্বে দেখা পোৱা স্হানীয় লোকে বন বিভাগৰ লগত যোগাযোগ কৰে আৰু সম্প্ৰতি বন বিভাগে হাতীজনী পৰ্যবেক্ষণত ৰাখি আছে । তেলীয়াগাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰৰ সুঁতিত থকা হাতীজনী ওৰাং ৰাষ্ট্ৰীয় উদ্যান নতুবা সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা অহা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই । প্ৰাপ্ত বয়স্ক হাতীজনীয়ে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নোপোৱাত ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ আশংকা কৰা হৈছে । পানীত থকাৰ বাবে বনৰীয়া হাতীজনীক ট্ৰেংকুইলাইজ কৰিব পৰা নাযায় আৰু সেয়ে পাৰলৈ উঠাই অনাৰ পাছতহে হাতীজনীক প্ৰয়োজনীয় আৰু উপযুক্ত চিকিৎসা কৰিব পৰা যাব আৰু হাতীজনীৰ প্ৰকৃততে কি হৈছে সেয়া স্পষ্ট হ’ব বুলি প্ৰকাশ কৰিছে বন বিভাগৰ সূত্ৰই ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More