শোণিতপুৰৰ বিহগুৰিত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ নল’লে ৰাইজে

কাৰণ এঘৰীয়া কৰা ব্যক্তিৰ ঘৰত নখোৱা 

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: শোণিতপুৰৰ বিহগুৰি কমাৰ চুবুৰীত এজন লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ নহাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে কোনো এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি নখাবলৈ যোৱাৰ বাবেই ভোগেশ্বৰ নাথ নামৰ লোকজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ৷ এনে অৱস্থাত লোকজনৰ মৃত্যুৰ এদিন পাছত কেইজনমান আত্মীয়ৰ সহায়ত মৃতদেহ সৎকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ উল্লেখযোগ্য যে, ৰিন্টি শইকীয়া নামৰ মহিলাগৰাকীয়ে এই বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে,এমাহ পূৰ্বে স্বামীৰ বিয়োগ ঘটা ৰিন্টি শইকীয়াৰ জেঠাল ভোগেশ্বৰ নাথ(৭৫)ৰ যোৱা সোমবাৰে বিয়লি প্ৰায় পাঁচ বজাত বিয়োগ ঘটে৷ সেইদিনা গাঁৱৰ একাংশ লোকে নিশা হোৱা বাবে মংগলবাৰে পুৱাহে প্ৰয়াত নাথৰ মৃতদেহ সৎকাৰ কৰিব বুলি কয় যদিও মংগলবাৰে পুৱা ন বজালৈকে কোনো নহাত পুনৰ ৰিন্টি শইকীয়াই যোগাযোগ কৰাত ৰাইজে ইতিমধ্যেই সমাজৰ পৰা এৰি থোৱা লোকৰ ঘৰত নখাবলৈ যোৱাৰ বাবে মৃতদেহ সৎকাৰৰ বাবে নাহে বুলি অৱগত কৰে৷এনে পৰিস্থিতিত আত্মীয় সাত-আঠজনেই ভোগেশ্বৰ নাথৰ মৃতদেহ সৎকাৰ কৰিবলৈ বাধ্য হয়৷ এই ঘটনাৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইফালে অঞ্চলটোৰ ৰাইজে এঘৰীয়া কৰাৰ বিষয়টো স্বীকাৰ কৰে যদিও প্ৰয়াত নাথৰ অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত পৰিয়ালটোৱে গাঁৱৰ ৰাইজক ঘৰেপতি খবৰ নিদিয়াৰ বাবেহে সৎকাৰ কৰিবলৈ নগ’ল বুলি প্ৰকাশ কৰিছে৷ এই ঘটনাকলৈ বৰ্তমানেও প্ৰতিক্ৰিয়া অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More