শোণিতপুৰৰ বৰছলাত বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক

বিয়াৰ অভ্যৰ্থনাৰ খাদ্যৰ পৰাই এই বিষক্ৰিয়া হোৱাৰ আশংকা

0 19

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৪মে’: শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টিৰ এক অঞ্চলত দুই শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । এখন বিয়াৰ অভ্যৰ্থনাৰ খাদ্যৰ পৰাই এই বিষক্ৰিয়া হোৱাৰ আশংকা কৰা হৈছে । যোৱানিশাৰ পৰা আৰম্ভ হোৱা এই বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা আজি পুৱা অধিক বৃদ্ধি পোৱাৰ উপৰি এই বাতৰি যুগুতোৱালৈকে আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে । এই ঘটনাৰ পাছতে শোণিতপুৰ প্ৰশাসনৰ নিৰ্দেশত আনকি অস্থায়ী স্বাস্থ্য শিৱিৰ স্থাপন কৰি আক্ৰান্ত লোকক স্বাস্থ্য বিভাগে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলগীয়া হোৱাৰ উপৰি ভালেসংখ্যক লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । সন্ধিয়া পৰ্যন্ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰকৃততে কিমান সংখ্যক লোক আক্ৰান্ত হৈছে তাৰ নিৰ্দিষ্ট সংখ্যা ওলোৱা নাই য’দিও আক্ৰান্তৰ সংখ্যা দুই শতাধিক বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে,বৰছলাৰ পুঠিমাৰি বাপুভেটি গাঁৱৰ প্ৰসন্ন বৰাৰ বিয়াৰ অভ্যৰ্থনা আছিল কালি । সমগ্ৰ গাঁওখনৰ লগতে আন অঞ্চলৰ বহু সংখ্যক লোক অভ্যৰ্থনালৈ আহিছিল আৰু সকলোৰে বাবে ৰূপচন্দা মাছৰে ভাতৰ ব্যৱস্থা কৰা হৈছিল । অভ্যৰ্থনাৰ আহাৰ গ্ৰহণ কৰা বাপুভেটি গাঁৱৰ শতাধিক লোক নিশালৈ মূৰৰ বিষ,বমি আৰু পায়খানাত আক্ৰান্ত হয় । এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত অঞ্চলটোত হাঁহাকাৰ লাগে আৰু নিশায়েই একাংশ লোকক টুমুকিস্থিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় । উল্লেখযোগ্য যে আজি পুৱালৈ অঞ্চলটোত এনে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পায় । তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এনে আক্ৰান্তৰ সংখ্যা বাঢ়ি অহাৰ বিপৰীতে ইতিমধ্যে এই সন্দৰ্ভত শোণিতপুৰ প্ৰশাসনকো জনোৱা হয় । প্ৰশাসনৰ নিৰ্দেশত জিলা স্বাস্থ্য বিভাগে বিবাহ অনুষ্ঠিত হোৱা প্ৰসন্ন বৰাৰ ঘৰৰ চৌহদতে এটা অস্থায়ী চিকিৎসা শিৱিৰ মুকলি কৰি অঞ্চলটোৰ শতাধিক বিষক্ৰিয়াত আক্ৰান্ত লোকক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে । ইয়াত চিকিৎসা গ্ৰহণ কৰা লোকৰ সংখ্যাও সময় আগবঢ়াৰ লগে লগে বৃদ্ধি পোৱাৰ বিপৰীতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতো অৰ্দ্ধ শতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয় । এই ঘটনা সন্দৰ্ভত দৰাৰ খুড়াক বীৰেণ চন্দ্ৰ বৰাই কয় যে,যদিও ভাতৰ সৈতে ৰূপচন্দা মাছৰ আঞ্জা পৰিৱেশন কৰা হৈছিল তথাপি এই বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত নিশ্চিত হোৱা নাই । অৱশ্যে প্ৰাথমিক অৱস্থাত মাছেই বিষক্ৰিয়াৰ কাৰণ বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে । ইতিমধ্যে খাদ্য পৰিদৰ্শকে ঘটনাস্থলীৰ পৰা খাদ্যৰ নমুনা সংগ্ৰহ কৰিছে পৰীক্ষাৰ বাবে । বৰ্তমানেও বহুলোক আক্ৰান্ত হোৱাৰ তথ্য এটাৰ পাছত আনটো পোহৰলৈ আহি থকাৰ উপৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আক্ৰান্ত চিকিৎসাৰ বাবে গৈয়েই আছে । গাঁওখনত এইপৰ্যন্ত খাদ্যৰ এই বিষক্ৰিয়াকলৈ আতংক অব্যাহত থকাৰ বিপৰীতে চিকিৎসা লাভ কৰা একাংশ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More