শোণিতপুৰৰ বৰছলাত ৪০০ মহিলাৰে “জয়মতী”ৰ নতুন ৰূপ

কৃষিক্ষেত্ৰত গ্ৰামীণ মহিলাৰ ঈৰ্শনীয়  সাফল্য

0 58

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৫ছেপ্টেম্বৰ: “মহিলা সকলৰ কৰ্মস্পৃহা পুৰুষতকৈ অধিক৷ বিশ্বৰ যিসমূহ দেশত মহিলা সকলে সামাজিক, অৰ্থনৈতিক সকলো দিশতে আগবাঢ়ি আহিছে সেই সমূহ দেশ বিশ্বৰ আনদেশৰ তুলনাত যথেষ্ট আগবঢ়া৷” আজি বৰছলা বিধান সভা সমষ্টিৰ পুঠিমাৰি বাপুভেটি অঞ্চলত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে৷ তেওঁ লগতে কয় যে বৰ্তমান ৰাজ্যৰ মহিলা সকলৰ কৰ্মস্পৃহাও পুৰুষতকৈ অধিক দেখা পোৱা গৈছে আৰু মহিলা সকলৰ মাজত অধ্যয়ন অধিক হোৱাৰ লগতে শৈক্ষিক তথা প্ৰশাসনীয় দিশতো তেওঁলোক অধিক আগবাঢ়িছে৷বিধায়ক লিম্বুৱে লগতে কয় যে,বৰ্তমান ৰাজ্যখনৰ মহিলা সকল কৃষি ক্ষেত্ৰলৈ ওলাই অহাটো আন এক আশাব্যঞ্জক বতৰা৷  উল্লেখযোগ্য যে,আজি বাপুভেটিত স্হানীয় চাৰিশ মহিলাৰে গঠিত জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ লিমিটেডৰ প্ৰতিষ্ঠা দিৱস তথা বাৰ্ষিক মহাসভাত অংশ লৈ এইসকল গ্ৰামীণ মহিলাৰ সফল পৰিশ্ৰমক ভূয়সী প্ৰশংসা কৰে বিধায়কজনে৷ অঞ্চলটোৰ মহিলা সকলৰ এনে সফলতাই অঞ্চলটোৰ অধিক বিকাশ সাধন কৰিব বুলিও তেওঁ কয়৷ উল্লেখযোগ্য যে,এই সকল গ্ৰামীন মহিলাই একত্ৰিত ভাবে পুঠিমাৰীৰ চাপৰি অঞ্চলত বৃহৎ পৰিসৰত সৰিয়হ, আলু, ৰঙালাও, মাকৈ, মাটিমাহ, মছুৰমাহ, মটৰমাহ, কবি, বিলাহী আদিৰ খেতি কৰি সফলতাৰে বজৰালৈ উলিয়াই দিবলৈ সক্ষম হৈছে৷ এইসকল মহিলাই নিজেই কৃষিক্ষেত্ৰত হাতেকামে নামি লাভ কৰা বৃহৎ সাফল্য সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে৷ উল্লেখযোগ্য যে ১৫বিঘা ভূমিত ৰঙালাও খেতি কৰি তেওঁলোকে বিক্ৰী কৰিবলৈ সক্ষম হৈছে মুঠ ১৩২টন ৰঙালাও তেওঁলোকৰ কৃষিক্ষেত্ৰৰ পৰাই এই ৰঙালাও ক্ৰয় কৰি নিছে বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে৷ এগৰাকী সাহসী, ত্যাগী আৰু অতি সহিষ্ণু জাতীয় গৌৰৱ মহিলা জয়মতীৰ নামৰে নামকৰণ কৰা গ্ৰামীণ মহিলা সকলৰ এই কৃষিভিত্তিক কোম্পানীটোৰ জৰিয়তে তেওঁলোকে যোৱাটো কৃষি ঋতুত সৰিয়হ ডেৰশ কুইন্টল, আলু ২২০ কুইন্টল, মাকৈ ৫০কুইন্টল উৎপাদন কৰে৷ বৰ্তমান তেওঁলোকে সৰিয়হৰ খাঁটি তেল উৎপাদন কৰিছে৷ উল্লেখযোগ্য যে,এই কোম্পানীয়ে প্ৰথমটো বৰ্ষতে কেবালাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ কৃষিকৰ্ম আৰু উৎপাদনমুখী চিন্তাৰে নিবনুৱাক স্বাৱলম্বী হোৱাৰ দৃষ্টান্তমূলক পথ দেখুৱাই অহা জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুঠিমাৰীৰ বাপুভেটীৰ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সাংস্কৃতিক আৰু ক্ৰীড়া মঞ্চত আজি এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক মহিলাৰ উপস্থিতিত আৰু জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সঞ্চালিকা মণ্ডলীৰ এগৰাকী সদস্যা কমল কুমাৰী বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত বৰছলাৰ বিধায়ক লিম্বুয়ে মুখ্যঅতিথি হিচাপে অংশ গ্ৰহণ কৰে। অঞ্চলটোৰ যুৱ আৰ্দশ কৃষক হৰিকান্ত দাসে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহন কৰি দিয়া ভাষণত শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ শইকীয়াই কয় যে চাৰি শতাধিক উদ্যমী মহিলাৰে গঠিত তেজপুৰ পুঠিমাৰীৰ জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মহিলা কৃষক সকলে অতি উচ্চ প্ৰশংসনীয় চানেকি দেখুৱাইছে। কৃষি বিভাগে এইসকল মহিলাক আৰম্ভনিৰে পৰা সহযোগ কৰি আহিছে আৰু আগলৈয়ো সহায় কৰিব বুলিও তেওঁ কয়। ইফালে জয়মতী ফাৰ্মাৰ উৎপাদক কোম্পানীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা অঞ্চলটোৰ সহস্ৰাধিক মহিলাৰ অংশগ্ৰহণেৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক আৰু কৃষি সম্পৰ্কীয় শোভা যাত্ৰাই সন্মোহিত কৰে ৰাইজক৷ উল্লেখ্য যে বাপুভেটিৰ সভাস্হলীৰ পৰা পুৱা ন বজাত উলিওৱা এই বিশাল সাংস্কৃতিক শোভা যাত্ৰাত গায়ন বায়ন, ৰাধা কৃষ্ণ, বলৰাম আৰু দৰা কইনাৰ লগতে বিহু, দেউচী, বাগৰুম্বা, আই সকলৰ নাম আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষি সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে খেতিপথাৰত কঠীয়া ৰুই থকা মহিলা,কান্ধত কঠীয়া কঢ়িয়াই নিয়া, হাল, খৰি বোটলা আৰু জাকৈ মৰা আদি গ্ৰাম্য চহা জীৱনৰ এখন দৃষ্টিনন্দন প্ৰতিচ্ছবিও দাঙি ধৰা হয়৷ শোভাযাত্ৰা মুকলি কৰে কোম্পানীটোৰ সাংস্কৃতিক সভানেত্ৰী আৰু সম্পাদিকা নৱমী বড়ো আৰু ইন্দিৰা ছেত্ৰীয়ে৷ উল্লেখযোগ্য যে জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ লিমিটেডৰে ২৮শাখা গোট জড়িত থকাৰ লগতে ইয়াৰ সদস্য সংখ্যা অনাগত সময়ত সহস্ৰাধিক কৰাৰ লক্ষ্য লোৱা হৈছে৷ আনহাতে,তেওঁলোকক কৃষি বিভাগৰ লগতে এপাৰ্টে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই আহিছে৷ আজিৰ সভাখনৰ লগতে আয়োজিত কৃষিভিত্তিক প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বিহগুৰি কৃষি চক্ৰ বিষয়া তৃষ্ণা দেবীয়ে৷ সভাখনত ড° খনিন বৰ্মনকে ধৰি কৃষি বিভাগৰ লগতে এপাৰ্ট, পঞ্চায়ত প্ৰতিনিধি, পশুপালন বিভাগ, দীপা দাস, ৰঞ্জু বৰা, শেৱালী হাজৰিকা, কনমাই বড়ো, সোণমণি বড়ো, চুৰমা বৰা, বাসন্তী দাস, বালিকা শইকীয়া, হৰিমায়া দেৱী আদি সকলৰ লগতে কৃঞ্চকান্ত বৰা, যজ্ঞ ৰাম বৰা, মুহিধৰ বড়ো, পদ্মেশ্বৰ দ’লে, মৃদুলা বড়ো, বেবী মণি দাস, মুকুল সূত, মুফতিকা কাশ্যপ, আৰক্ষী বিষয়া দীপক তালুকদাৰ, সৌৰভ শ্ৰীৱাস্তৱ তথা বহুকেজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়৷ কঠোৰ পৰিশ্ৰম আৰু শৃংখলাবদ্ধতাৰ লগতে স্হানীয় কে’বাটাও জাতি জনগোষ্ঠীৰ মহিলা একত্ৰিতহৈ গঠন কৰা এই কৃষিভিত্তিক কোম্পানী জয়মতীয়ে অনাগত দিনত অধিক পৰিসৰত কৃষিজাত সামগ্ৰীৰ উৎপাদন কৰাৰ লক্ষ্য লোৱাৰ লগতে ইতিমধ্যেই তেওঁলোকে আলু আৰু মাটিমাহৰ বীজ লাভ কৰা বুলিও কয়৷ উল্লেখযোগ্য যে,এইবাৰ তেওঁলোকৰ একোজন কৃষকেই ৰঙালাওৰ পৰা তিনিলাখ টকালৈকে উপাৰ্জন কৰা বুলি আজিৰ সভাত প্ৰকাশ কৰা হয়৷ আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে পুঠিমাৰী গাঁও পঞ্চায়তৰ সভাপতি খেমলাল ছেত্ৰীয়ে৷ এই কোম্পানীয়ে কেবল ৰঙালাওতে ছয়লাখ, সৰিয়হত ১০লাখ পাঁচহেজাৰ, আলুত দুইলাখ ৮৬হেজাৰ টকাসহ প্ৰায় ২৫লাখ টকা যোৱাটো কৃষিবৰ্ষত উপাৰ্জন কৰে৷  এইবাৰ জয়মতীয়ে দুহেজাক সাতশ বিঘাত সৰিয়হ, তিনিশ ৭৫বিঘাত মাটিমাহ আৰু চাৰিশ বিঘাত আলু খেতি কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More