শোণিতপুৰ আছুৰ অধিৱেশনৰ সামৰণি

অসম চুক্তিৰ ৰূপায়নেহে বিদেশী সমস্যাৰ সমাধান আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব - ড° সমুজ্জল ভট্টাচাৰ্য

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৭ জানুৱাৰী: “অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ জড়িয়তেহে ৰাজ্যৰ জ্বলন্ত অবৈধ বিদেশী সমস্যা সমাধান কৰিলে খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হব। ঐতিহাসিক অসম আন্দোলনৰ পাছত হোৱা অসম চুক্তি ৰূপায়নৰ বাবে ১৯৮৬ ত সমষ্টি নিৰ্ধাৰণৰ দাবী তুলিছিল যদিও সেই প্ৰক্ৰিয়া আগবঢ়া নাছিল। কা বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে এখন উচ্চস্তৰীয় সমিতি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিক দিয়া পৰামৰ্শতো সমষ্টি নিৰ্ধাৰণ উত্থাপন কৰা হৈছিল। সেয়া আদৰণি জনোৱাৰ লগতে এই বিষয়ত যি মডেলিটি হব তাৰ আলোচনা হব লাগিব।” আজি তেজপুৰত এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। উল্লেখযোগ্য যে, তেজপুৰৰ মাজগাঁও ছহিদ বাকৰিত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা ছাত্ৰসন্হাৰ ত্ৰয়োদশ অধিবেশনৰ প্ৰতিনিধি সভাত অংশ লোৱাৰ পূৰ্বে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে,সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৰাজনৈতিক মুনাফা বা ধৰ্মৰ ভিত্তিত হব নোৱাৰিব৷ সমষ্টি নিৰ্ধাৰণৰ পূৰ্বে ইয়াৰ মডেলিটি নিৰ্ণয়ৰ কালত আলোচনা হব লাগিব৷ অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবেই পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া হোৱা উচিত৷ ১৯৮৫ৰ অসম চুক্তিৰ পাছত ১৯৮৬ ৰ পৰা অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ সন্দৰ্ভত দাবী জনায় অহাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবেও দাবী জনাই অহা হৈছে বুলি তেওঁ কয়৷ সাধাৰণ সম্পাদক বৰুৱাক সাংবাদিকে সোধা প্ৰশ্নোত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰক্ৰিয়া খিলঞ্জীয়াৰ শেষ ভৰসা বুলি কৰা মন্তব্যৰ পিছত আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত নিজৰ স্হিতি স্পষ্ট কৰি আছু নেতাজনে কয় যে, জন বিন্যাসৰ পৰিৱৰ্তন হৈছে, সমষ্টিয়ে সমষ্টিয়ে খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ নোহোৱা হৈছে। গতিকে ৰাজনৈতিক অধিকাৰ ঘূৰাই অনাৰ বাবে পুনৰ খিলঞ্জীয়া মানুহৰ সৰ্বকালৰ বাবে চৰকাৰ ভঙা পতাৰ সেই দায়িত্ব থকাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ বিষয় হব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আমি ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ নকৰো, ধাৰ্মিক দিশত বা উদ্দেশ্যত ব্যৱহাৰ নকৰি কেৱল খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত সমষ্টি নিৰ্ধাৰণ বিষয়টো আগবঢ়াই নিলে নিশ্চিত ভাবে অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব আৰু অসমীয়া মানুহে মেৰুদণ্ড পোনকৈ ঠিয় দিব পাৰিব বুলিও বৰুৱাই কয়। সমষ্টি নিৰ্ধাৰণৰ বাবে মেডেলিটি নিৰ্ণয় কৰাৰ সময়ত সকলোৰে লগত আলোচনাৰে আগবঢ়াই নিয়াৰ লগতে সজাগতা দিশতো গুৰুত্ব প্ৰদান কৰিব লাগে বুলিও তেওঁ কয়৷ সমষ্টি নিৰ্ধাৰণ যাতে ৰাজনৈতিক উদ্দেশ্যত আৰু ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰে তাৰ প্ৰতিও দৃষ্টি ৰাখিব বুলি মন্তব্য কৰে আছু নেতাজনে। আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু অসম চুক্তি ফলপ্ৰসু নহল বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিপৰীতে অসম- চুক্তি ভাল আছিল আৰু সেই সময়ত এই চুক্তি উপযোগী আছিল৷তেওঁ কয় যে, বিগত ৪৩ বছৰে বিভিন্ন দলৰ চৰকাৰে কাৰ্যকৰী নকৰাৰ বাবে বিভিন্নজনে প্ৰশ্ন কৰিলে এইদৰে কোৱা হয়৷ অসম চুক্তি আখৰে আখৰে পালন কৰিলে অসমীয়া মানুহৰ ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰৰ লগতে পাঁচ আৰু ছয় নম্বৰ দফা কাৰ্যকৰী কৰিলে মানুহ সুৰক্ষিত হব বুলিও আছুনেতাজনে দাবী কৰে। দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে ছয় নম্বৰ দফা কাৰ্যকৰী কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰিলে বুলি অভিযোগ কৰি বৰুৱাই লগতে ৰাজনৈতিক দল সমুহে ইছ্যু সমুহ জীয়াই ৰাখিব বিচাৰে সমাধান নিবিচাৰে মন্তব্য কৰে।আনহাতে পৃথক কমতাপুৰ আছুৱে নিবিচাৰে বুলি প্ৰকাশ কৰি বৰুৱাই কয় যে, যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোত নিৰ্বাচনী আয়োগে নিৰ্দেশনা দিছে গতিকে এই ক্ষেত্ৰত চৰকাৰে বক্তব্য ৰখাৰ পাছতহে স্হিতি স্পষ্ট কৰিব আছুয়ে৷ কিন্তু অসমৰ বুকুৰ পৰা কোনো জাতি জনগোষ্ঠী হেৰাই যোৱাটো আছুৱে নিবিছাৰে বুলিও স্পষ্ট কৰি দিয়ে আছুনেতা শংকৰজ্যোতি বৰুৱাই৷ইপিনে, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ত্ৰয়োদশ বাৰ্ষিক অধিবেশনখন দিনজোৰা কাৰ্যসূচীৰে কালি আৰম্ভ হোৱাৰ পাছত আজি পুৱা সামৰণি পৰে। তেজপুৰৰ মাজগাঁও ছহিদ বাকৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনখনত কালি সন্ধিয়া জিলা ছাত্ৰ সন্থাৰ তদৰ্থ সমিতিৰ মুখ্য আহ্বায়ক অভিজিত নাথৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰতিনিধি সভা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই ।সভাখনত আছুৰ কেবাগৰাকী কেন্দ্ৰীয় নেতৃত্বই অংশ গ্ৰহণ কৰে। জিলা অধিবেশন উপলক্ষে প্ৰকাশ কৰা লুইত স্মৃতি গ্ৰন্থ উন্মোচন কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।এই প্ৰতিনিধি সভাতেই অভিজিৎ নাথক সভাপতি আৰু অৰূপ তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ আছুৰ শোণিতপুৰ জিলা সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More