শোণিতপুৰ জিলা সাহিত্য সভাই পালন কৰিলে সাহিত্য দিৱস

চুটি গল্পৰ জনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ

0 156

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২৬ মাৰ্চঃ বছৰৰ ২৬ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুদিৱসটি প্ৰতিবছৰে সাহিত্য দিৱস হিচাপে উদ্যাপন কৰি আহিছে৷ ইয়াৰ অংশস্বৰূপে ২০২০-২৩ বৰ্ষত নাৰায়ণপুৰ অধিৱেশনত অসম সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰা শোণিতপুৰ জিলা সাহিত্য সভাই দিনাজোৰা কাৰ্যসূচীৰে পশ্চিম বিহগুৰি শাখাৰ সহযোগত এই দিৱসটি সুন্দৰকৈ পালন কৰে৷ পুৱাৰ ভাগত সাহিত্যৰথী গৰাকীৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰে স্থানীয় বয়োজ্যেষ্ঠ লেখক সমাজকৰ্মী মহীপতি নিৰলাই৷ ইয়াৰ পিছতে পুঠিমাৰী কছাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক ড° ভূপেন শইকীয়াৰ সভাপতিত্বত এখনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়৷ জিলাৰ সম্পাদক দুলাল নাথে আঁতধৰা সভাখনিত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° হৰি প্ৰসাদ বৰুৱাই নিৰ্দ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰে৷ ভাষণ প্ৰসঙ্গত ড°বৰুৱাই কয় যে বেজবৰুৱা সাহিত্যৰ জৰিয়তেহে আমি বিশ্বদৰবাৰলৈ যাব পাৰিছো৷ সুধাকণ্ঠ ভূপেন হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালা, মহেশ্বৰ নেওগ আদি সকলেও বেজবৰুৱাৰ সাহিত্যক মান্যতা প্ৰদান কৰিছিল৷ বেজবৰুৱাই অসমীয়া সাহিত্যা ধাৰা সলনি কৰাই নহয় অসমৰ দৰে আন্ধাৰ দেশ এখনক যুগযুগান্তৰলৈ পোহৰ বিলাবলৈ সক্ষম হ’ল৷ অসমীয়া সাহিত্যত শংকৰদেৱৰ পিছতেই বেজবৰুৱাক স্থান লাভ কৰিছে যাৰ বাবে বেজবৰুৱা মৃত্যুৰ সময়লৈকে এই সময়ছোৱাক মহেশ্বৰ নেওগে বেজবৰুৱাৰ যুগ বুলি অভিহিত কৰিছে যাক সকলোৱে মান্যতা প্ৰদান কৰিছে৷ সেই সময়ত কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰসকলে জোনাকী যুগৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা আৰু পৰিকাঠামো তৈয়াৰ কৰিছিল৷ শংকৰ দেৱৰ সাহিত্য সমূহক আৰ্হি হিচাপে লৈ বেজবৰুৱাই এক শ্ৰেণীৰ সাহিত্যৰ সৃষ্টি কৰিছিল৷ শংকৰদেৱৰ পিছতেই অসমত দুইশ্ৰেণীৰ সাহিত্যৰ সৃষ্টি হৈছিল ধ্ৰুপদী সাহিত্য আৰু লোকসাহিত্য আৰু এই সাহিত্য বেজবৰুৱাই গুৰি ধৰিছিল বুলি উল্লেেখ কৰে৷গভীৰ স্বদেশ প্ৰেমৰ লগতে জাতীয়তাবাদৰ প্ৰধান প্ৰবক্তা বেজবৰুৱাই জগত গুৰু শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে৷ সভাৰ মাজতে ৰূপা দেৱীয়ে এটি কবিতা পাঠ কৰাৰ লগতে মধুস্মিতা বড়ো, নমিতা বড়ো, চিত্ৰা বড়ো, ৰশ্মিতা বড়োৱে এটি বড়ো নৃত্য প্ৰদৰ্শণ কৰে৷ ইয়াৰ পিছে জিলাৰ সভাপতি ড° ভূপেন শইকীয়াই লক্ষ্মীনাথ বেজবৰুৱা জীৱনৰ স্বাধীন চেতিয়া মনোভাৱৰ কথা উল্লেখ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সান্নিধ্য কথা সাৱলীল ভাবে উল্লেখ কৰে৷ উল্লেখ্য যে জনজাতীয় অধ্যুষিত অঞ্চলত সাহিত্য সভাই এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি ভৱিষ্যৎ সম্প্ৰীতিৰ এক বাৰ্তা কঢ়িয়াব বুলি আশা প্ৰকাশ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More