শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত ৰাজ্যজুৰি ‘ভাষা দিৱস’ পালন এজেপিৰ

0 19

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ জুলাই : অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত আজি অসম জাতীয় পৰিষদ দলে ৰাজ্যজুৰি ‘ভাষা দিৱস’ কাৰ্য্যসূচী পালন কৰে। উল্লেখ্য যে ১৯৬০ চনৰ ৪ জুলাইৰ দিনটোতে আৰক্ষী বাহিনীয়ে গুৱাহাটীৰ কটন কলেজ ছাত্ৰাবাসত প্ৰৱেশ কৰি মেধাৱী ছাত্ৰ ৰঞ্জিত বৰপূজাৰীক নিৰ্মমভাবে গুলীয়াই হত্যা কৰিছিল। আজি ৰাজ্যৰ প্ৰায়সমূহ জিলা সদৰত অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ জিলা সমিতিসমূহে ভাষা দিৱসৰ কাৰ্যসূচী পালন কৰে। গুৱাহাটীত দলৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে চান্দমাৰীৰ পেঞ্চনাৰ ভৱন প্ৰেক্ষাগৃহত আয়োজন কৰা ‘ভাষা দিৱস’ৰ কাৰ্যসূচীত শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই সভাপতি লুৰীণজ্যোতি গগৈয়ে। ভাষণত গগৈয়ে জাতিৰ ভৱিষ্যতৰ বাবে নিজৰ বৰ্তমানক উচৰ্গা কৰা বীৰ শ্বহীদ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে আৰক্ষীক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষীৰ গুলিত নিহত হোৱা ৰঞ্জিত পূজাৰী লোহাৰ জোং থকা বেৰ পাৰ হবলৈ যোৱাতহে মৃত্যু হৈছিল বুলি প্ৰমাণ কৰিব বিচৰা ঘটনা জাতীয় পৰিষদে কেতিয়াও গ্ৰহণ নকৰে। ৰঞ্জিত বৰপূজাৰী হত্যাৰ ন্যায় নোপোৱালৈকে জাতীয় পৰিষদ কেতিয়াও ক্ষান্ত নহয় বুলি গগৈয়ে দৃঢ়তাৰে ঘোষণা কৰে। আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰঞ্জিত বৰপূজাৰী হত্যাৰ প্রত্যক্ষদৰ্শী ললিত ভৰালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গঙ্গাপদ চৌধুৰীয়ে সেই সময়ৰ একাংশ বাংলাভাষী লোকৰ অসমীয়া ভাষাৰ প্ৰতি থকা বিদ্বেষৰ কথা মুকলিকৈ প্ৰকাশ কৰে। তেওঁ লগতে আক্ষেপ কৰি কয় যে নিজৰ চকুৰ সমুখতে আৰক্ষীৰ গুলিত নিহত হোৱা এটি ঘটনাক যেতিয়া অতি কৌশলেৰে আইনীভাবে অন্য ৰূপ দিয়া দেখিলো তেতিয়াৰে পৰাই আইন, আদালত ব্যৱস্থাটোৰ প্ৰতি বিশ্বাস নোহোৱা হৈ গ’ল। অনুষ্ঠানত সন্দিকৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক লক্ষী হাজৰিকাই অসমীয়া ভাষাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কত অতি তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে। তেওঁ অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি সম্পৰ্কত যথেষ্ট আশাবাদী বুলিও প্ৰকাশ কৰে। অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More