শ্মশানত পদশিল্প! ৪০০-৫০০ শ্ৰমিকৰ কফিনৰ ওপৰত বিশ্ব জয়ৰ বাবে উদ্বাউল ৩২ দেশ
কাটাৰৰ শীৰ্ষ সমিতিখনে সদায় কৈ আহিছে যে ২০১৪ চনত প্ৰতিযোগিতাখনৰ বাবে নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্বকাপ ষ্টেডিয়ামত প্ৰব্ৰজিত শ্ৰমিকৰ মাত্ৰ তিনিজনহে কৰ্ম সংক্ৰান্তীয় কাৰণত মৃত্যু হৈছে আৰু ৩৭ জনৰ অন্যান্য কাৰণত মৃত্যু হৈছে।
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ : ২০২২ চনৰ বিশ্বকাপ ডেলিভাৰীৰ দায়িত্বত থকা কাটাৰৰ বিষয়াগৰাকীয়ে কয় যে বিশ্বকাপ সম্পৰ্কীয় নতুন প্ৰকল্প নিৰ্মাণ কৰি মৃত্যু হোৱা প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা ‘৪০০ৰ পৰা ৫০০ৰ ভিতৰত’। ডেলিভাৰী এণ্ড লিগেচিৰ উচ্চতম সমিতিৰ মহাসচিব হাছান আল-থাৱাদীয়ে এক সাক্ষাৎকাৰত স্বীকাৰ কৰে যে মৃত্যুৰ সংখ্যাৰ নিৰ্দিষ্ট পৰিসংখ্যা এতিয়াও ‘আলোচনা’ চলি আছে। টিভি শ্ব’ পিয়ৰ্ছ মৰ্গান আনচেন্সৰডত থাৱাডীয়ে কয় যে এই সংখ্যা ‘প্ৰায় ৪০০’। তেওঁ কয়— “৪০০ৰ পৰা ৫০০ৰ ভিতৰত। মোৰ হাতত সঠিক সংখ্যা নাই, ই এটা বিষয় যিটোৰ ওপৰত আলোচনা চলি আছে।” তেওঁ সাক্ষাৎকাৰটোত আৰু কয়— “এজনৰ মৃত্যুও বেছি।” কিন্তু তেওঁ লগতে কয় যে প্ৰতি বছৰে স্থানসমূহত স্বাস্থ্য আৰু সুৰক্ষাৰ মান উন্নত হৈছে। তেওঁলোক দায়বদ্ধ বিশ্বকাপৰ স্থানসমূহৰ উন্নতিৰ বাবে। তেওঁলোকৰ ট্ৰেড ইউনিয়নো আছে। সাক্ষাৎকাৰৰ পিছত এডভোকেচি গ্ৰুপ ফেয়াৰ স্কোৱাৰৰ নিকোলাছ মেকগিহানে কয়— “শ্ৰমিকৰ মৃত্যুৰ ক্ষেত্ৰত কাটাৰ অক্ষমণীয়ভাৱে স্বচ্ছতাৰ অভাৱৰ শেহতীয়া উদাহৰণ মাত্ৰ। সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ জৰিয়তে ঘোষণা কৰা অস্পষ্ট পৰিসংখ্যা নহয়, আমাক সঠিক তথ্য আৰু পুংখানুপুংখ তদন্তৰ প্ৰয়োজন। ফিফা আৰু কাটাৰে এতিয়াও বহু প্ৰশ্নৰ উত্তৰ দিবলগীয়া আছে। অন্ততঃ এই লোকসকলৰ ক’ত, কেতিয়া আৰু কেনেকৈ মৃত্যু হৈছিল আৰু তেওঁলোকৰ পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিছিলনে সকলো তথ্য জনাবলৈ আছে।”
কাটাৰৰ শীৰ্ষ সমিতিখনে সদায় কৈ আহিছে যে ২০১৪ চনত প্ৰতিযোগিতাখনৰ বাবে নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্বকাপ ষ্টেডিয়ামত প্ৰব্ৰজিত শ্ৰমিকৰ মাত্ৰ তিনিজনহে কৰ্ম সংক্ৰান্তীয় কাৰণত মৃত্যু হৈছে আৰু ৩৭ জনৰ অন্যান্য কাৰণত মৃত্যু হৈছে। ২৯ নৱেম্বৰ মঙলবাৰে উচ্চতম সমিতিৰ মুখপাত্ৰই কয় যে এই কথা বছৰি এছ চিৰ ৰাজহুৱা প্ৰতিবেদনত নথিভুক্ত কৰা হৈছে। ইয়াত এছ চিৰ অধীনত আঠখন ষ্টেডিয়াম, ১৭খন অপ্ৰতিযোগিতামূলক স্থান আৰু অন্যান্য আনুষংগিক স্থান সামৰি লোৱা হৈছে। আনহাতে, পৰিসংখ্যাৰ ওপৰত অন্যান্য উদ্ধৃতিসমূহে ২০১৪-২০২০ চনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যাক বুজায়। ইয়াত কাটাৰত দেশজুৰি কৰ্ম সংক্ৰান্তীয় সকলো মৃত্যুৰ মুঠ (৪১৪) সংখ্যা উল্লেখ কৰা হৈছে।
২০২১ চনত দ্য গাৰ্ডিয়ানৰ এক অধ্যয়নত দেখা গৈছে যে ২০১১ চনৰ পৰা কাটাৰে বিশ্বকাপ আয়োজনৰ অধিকাৰ লাভ কৰাৰ পিছৰ বছৰৰ ভিতৰত ভাৰত, পাকিস্তান, নেপাল, বাংলাদেশ আৰু শ্ৰীলংকাৰ পাঁচখন দেশৰ ৬৫০০ৰো অধিক প্ৰব্ৰজিত শ্ৰমিকৰ কাটাৰত মৃত্যু হৈছিল। কাটাৰ চৰকাৰে এই পৰিসংখ্যাক লৈ কোনো বিতৰ্ক কৰা নাই। তেওঁলোকে ৰিপ’ৰ্ট কৰিছে যে ‘‘জনসংখ্যাৰ আকাৰৰ প্ৰতি লক্ষ্য ৰাখি এই সম্প্ৰদায়ত মৃত্যুৰ হাৰ আশা কৰা পৰিসৰৰ ভিতৰত আছে।”
এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ অৰ্থনৈতিক আৰু সামাজিক ন্যায়ৰ মুৰব্বী ষ্টিভ ককবাৰ্নে কয়— “বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যাক লৈ চলি থকা বিতৰ্কই এই তীব্ৰ বাস্তৱতাক উদঙাই দিছে যে বহু শোকগ্ৰস্ত পৰিয়ালে এতিয়াও সত্য আৰু ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। যোৱা দশকত হাজাৰ হাজাৰ শ্ৰমিকৰ কফিনত ঘৰলৈ উভতি আহিছে, তেওঁলোকৰ আপোনজনক কোনো ব্যাখ্যা দিয়া হোৱা নাই।”