শ্রীলঙ্কাৰ পিছত পাকিস্তান?

ঋণত জর্জৰিত পাকিস্তানক ভাবুকি চীনৰ

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মে’ : শ্রীলঙ্কাৰ প্রবল অর্থনৈতিক সংকটত পৰিছিল; আৰু তাৰ পৰাই দেশখনত শেহতীয়াকৈ ভয়ানক ৰাজনৈতিক আৰু প্রশাসনিক সঙ্কট সৃষ্টি হৈছে। এইবাৰ পাকিস্তানতো হ’ব নেকি একেই পৰিস্থিতি? সম্প্রতি চীনৰ একাধিক সংস্থাই দিয়া হুমকিৰ পিছত এনেদৰেই অনুমান কৰা হৈছে। কাৰণ চীন-পাকিস্তান ইক’নমিক কৰিডৰৰ মাধ্যমেৰে এই দুই দেশৰ মাজত এক অর্থনৈতিক লেনদেনেৰ সম্পর্ক সৃষ্টি হৈছে। সেই লেনদেনৰ সূত্র ধৰিয়েই বিপুল ঋণৰ মুখত পৰিছে পাকিস্তান। চীনা সংস্থাসমূহৰ পক্ষৰ পৰা কোৱা হৈছে যে, সেই দেনা পৰিশোধ কৰিব লাগিব দ্রুততাৰে, অন্যথা বিভিন্ন ক্ষেত্রৰ পৰা চীনা সংস্থাবোৰে হাত তুলি ল’ব। এই পৰিস্থিতিত বিষয়টো সঙ্কটজনক হৈ পৰিছে।

* পাকিস্তানৰ ওপৰত চৰ্ত আৰোপ
চীনৰ ইণ্ডিপেণ্ডেন্ট পাৱাৰৰ প্রডিউচাৰৰ পক্ষৰ পৰা পাকিস্তানৰ পৰিকল্পনা আৰু উন্নয়ন বিষয়ক মন্ত্রী আচান ইকবালৰ লগত এক বৈঠক হয়। সেই বৈঠকত সংস্থাটোৱে বান্ধি দিছে উল্লিখিত চৰ্ত। কৈছে যে, পাকিস্তানৰ ঘৰত ঋণৰ বাবদ ওলমি থকা মুঠ ৩ হাজাৰ কোটি টকা অবিলম্বে চীনক ঘূৰাই দিব লাগিব। নহ’লে এই মাহৰ পৰা সংস্থাসমূহে কাম বন্ধ কৰি দিব। চীন-পাকিস্তান ইক’নমিক কৰিডৰৰ আওঁতাত চীনা সংস্থাই শক্তি, যোগাযোগ, ৰেলৱে ইত্যাদি বিভিন্ন ক্ষেত্রত বিনিয়োগ কৰিছে। সেইসমূহ বন্ধ হৈ গ’লে পৰিকাঠামো ভাগি পৰিব।

* ২৫টা চীনা সংস্থাৰ ভাবুকি
পাকিস্তানৰ লগত হোৱা বৈঠকত মুঠ ২৫টা চীনা সংস্থাই অংশ লৈছিল। সেই বৈঠকতেই পোনপটীয়াকৈ পাকিস্তানক সতর্ক কৰি দিয়া হয়, যদিহে কম সময়ৰ ভিতৰতে এই বকেয়া টকা পাকিস্তানে ঘূৰাই দিব নোৱাৰে, তেতিয়াহ’লে সমস্ত পৰিসেৱা বন্ধ কৰি দিব চীনা সংস্থাসমূহে। অনুমান কৰা হৈছে, চীনত ক’ৰনা সংক্রমণ নতুনকৈ বিয়পি পৰাৰ ফলত নতুনকৈ অর্থনৈতিক সঙ্কটত পৰিছে চীন। এই সংস্থাসমূহৰ ভঁৰালত আকাল পৰিছে। সেই কাৰণেই টকা ঘূৰাই বিচাৰিছে দেশখনে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More