শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ দেহাৱসান

0 17

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ এপ্ৰিল : সদৌ অসম গাড়ী চালক সন্থাৰ উপদেষ্টা তথা বিশিষ্ট শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে গাড়ী চালক সন্থাই ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰা শ্ৰমিক নেতা গগৈ ট্ৰেড ইউনিয়নৰ বিভিন্ন গঠনমূলক কামৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল ৷ শ্ৰমিক সকলৰ প্ৰাপ্য অধিকাৰ বাবে তেওঁ সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ প্ৰগতিশীল মাক্সীয় দৰ্শনত বিশ্বাসী কমৰেড গগৈয়ে সদৌ অসম গাড়ী চালক সন্থাৰ হৈ গাড়ী চালক সকলৰ ন্যায্য প্ৰাপ্তিৰ হকে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছিল ৷ প্ৰয়াত শ্ৰমিক নেতাজনে তেওঁৰ নশ্বৰ দেহ চিকিৎসা বিজ্ঞানৰ উন্নতিৰ হকে অসম চিকিৎসা মহাবিদ্যালয়লৈ দান কৰি মানৱতাৰ পৰিচয় দি যায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More