শ্ৰীলংকালৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত বিশ্ব বেঙ্কৰ

ঔষধ, খাদ্য, ইন্ধনৰ জোৰা মাৰিব পৰা দ্বীপ ৰাষ্ট্ৰখনে

0 24

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ তীব্ৰ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকালৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব বেঙ্কে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা জনোৱা মতে বিশ্ব বেঙ্কে দুটা কিস্তিত মুঠ ৬০০ নিযুত আমেৰিকান ডলাৰৰ সাহায্য দেশখনক প্ৰদান কৰিব। ইয়াৰে প্ৰথম কিস্তিৰ ৪০০ নিযুত ডলাৰ শীঘ্ৰেই বেঙ্কটোৱে মুকলি কৰি দিব। এই পৰিমাণৰ ধনেৰে ঔষধকে ধৰি চিকিৎসা সামগ্ৰী, সামাজিক নিৰাপত্তা আৰু খাদ্য আহৰণৰ ক্ষেত্ৰত ব্যয় কৰা হ’ব। ইতিমধ্যে দেশখনে আৰ্থিক সাহায্যৰ বাবে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ওচৰতো শৰণাপন্ন হৈছে যদিও নিধিৰ তৰফৰ পৰা তৎকালীন ভাবে কোনো প্ৰতিশ্ৰুতি এতিয়ালৈকে দেশখনক দিয়া নাই। শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী গৰাকীয়ে জনোৱা মতে দেশখনে এছিয়ান ডেভলপমেণ্ট বেঙ্কৰ ওচৰতো আৰ্থিক সাহায্যৰ বাবে আৰ্জি পেছ কৰিছে। জৰুৰীকালীন ব্যৱস্থা হিচাপে শ্ৰীলংকা চৰকাৰে সদ্যহতে বিদেশী ঋণ পৰিশোধ স্থগিত ৰাখি যি অলপ বিদেশী মুদ্ৰাৰ ভঁৰাল আছে সেয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানিত ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ভাৰতবৰ্ষই দেশখনক ১.৯ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। আৰু অতিৰিক্ত ১.৫ বিলিয়ন ডলাৰ সাহায্যৰ বাবে ভাৰতৰ লগত শ্ৰীলংকাই আলোচনা অব্যাহত ৰাখিছে। তেনেদৰে চীনৰ পৰাও এক বিলিয়ন ডলাৰ সাহায্যৰ আশা কৰিছে দেশখনে। বৈদেশিক ঋণৰ কথা বাদ দি এতিয়া ঔষধ, খাদ্য, ইন্ধনৰ জোৰা মাৰিবলৈকে শ্ৰীলংকাক জৰুৰী ভাৱে অতি কমেও ৩ ৰ পৰা ৪ বিলিয়ন ডলাৰৰ আৱশ্যক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More