শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে আশ্ৰয় ললেগৈ ত্ৰিকোমালী নৌবন্দৰত

অত্যাৱশ্যকীয় খাদ্য, ঔষধৰ নাটনিত শ্ৰীলংকাৰ ২২ নিযুত জনসাধাৰণ

0 46

আৰম্ভ হৈছে শ্ৰীলংকাত লঙ্কা দাহনঃ ৰাজপথত সমৱেত হৈছে লক্ষাধিক ক্ষোভিত জনতাঃ দেখা মাত্ৰকেই গুলী কৰাৰ দৰে নিৰ্দেশ নিৰাপত্তা বাহিনীকঃ কলম্বোৰ আন্তৰ্জাতিক বিমান বন্দৰটোলৈ যোৱা পথসমূহত জনতাই স্থাপন কৰিছে পৰীক্ষণ দ্বাৰ, যাতে প্ৰধানমন্ত্ৰী-অঙহী বঙহীয়ে দেশ এৰি পলায়ন কৰিব নোৱাৰে।

শতাব্দ বিশেষ প্ৰতিনিধি, ১১ মে’ : অষ্টাদশ শতিকাৰ ফৰাছী বিপ্লৱৰ দৰেই এতিয়া একবিংশ শতিকাত আন এটা তেনে বিপ্লৱৰেই সূচনা হৈছে দক্ষিণ এছিয়াৰ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত। ভাৰত মহাসাগৰৰ শান্ত-সমাহিত দ্বীপৰাষ্ট্ৰখনত এতিয়া আৰম্ভ হৈছে লঙ্কা দাহন। ক’ভিড মহামাৰীৰ লগতে অৰ্থনৈতিক পৰিস্থিতি পৰিচালনাত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা চৰকাৰৰ বাবেই মূল্য ভৰিব লগা হৈছে শ্ৰীলংকাৰ জনসাধাৰণে। অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে দেশখনৰ জীৱন যাত্ৰা বৰ্তমান সম্পূৰ্ণৰূপে অচল। ধৈৰ্যৰ বান্ধোন ছিঙি এক অনিশ্চয়তাৰ দিশে দেশখনৰ ৰাজপথত সমৱেত হৈছে লক্ষাধিক ক্ষোভিত জনতা। যান-বাহনৰ ইন্ধন দূৰৈৰে কথা, অত্যাৱশ্যকীয় খাদ্য, ঔষধৰ নাটনিত শ্ৰীলংকাৰ ২২ নিযুত জনসাধাৰণৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা।file 20220412 10836 pg1lz8
শেহতীয়া খবৰ অনুসৰি দেশখনৰ সকলো প্ৰান্ততে এতিয়া বিক্ষোভৰ জুই ! চাৰিওফালে শাসনাধিষ্ঠিত দলৰ নেতাৰ বাসগৃহ নতুবা বাহনত অগ্নিসংযোগৰ ঘটনা। ব্যাপক আইন- শৃংখলাজনক পৰিস্থিতিৰ বাবে দেশখনত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা আৰু সান্ধ্য আইন। দেখা মাত্ৰকেই গুলী কৰাৰ দৰে নিৰ্দেশ নিৰাপত্তা বাহিনীক দিয়া হৈছে। পৰিস্থিতি চম্ভালিবৰ বাবে তলব কৰা হৈছে সেনাবাহিনীক। প্ৰতিবাদকাৰীসকলৰ লগত চৰকাৰ পন্থীসকলৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে সাত গৰাকীকৈ নাগৰিক আৰু আহত হ’বলগীয়া হৈছে কেইবাশ লোক। কেইবাখনো দেশ আৰু আন্তৰ্জাতিক মানৱাধিকাৰ সংস্থাসমূহে শ্ৰীলংকাত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ ক্ষোভিত জনসাধাৰণৰ প্ৰতিবাদত সেও মানি অৱশেষত সোমবাৰে পদত্যাগ কৰিবলৈ বাধ্য হ’ল আকোৰগোজ দেশখনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছেই। জনসাধাৰণৰ ৰোষৰ বলি হৈ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে সেনাবাহিনীৰ সহযোগত এতিয়া আশ্ৰয় লৈছেগৈ ত্ৰিকোমালী নৌবন্দৰত। একপ্ৰকাৰ পলায়ন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ সন্ধানত নৌবন্দৰটোৰ প্ৰৱেশ পথত কালি দেখা গ’ল জনতাৰ ভিৰ। প্ৰধানমন্ত্ৰীকে ধৰি তেওঁৰ অঙহী-বঙহীয়ে দেশ এৰি যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে কলম্বোৰ আন্তৰ্জাতিক বিমান বন্দৰটোলৈ যোৱা পথসমূহত জনতাই স্থাপন কৰিছে পৰীক্ষণ দ্বাৰ। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি ট্ৰেড ইউনিয়ন সমূহৰ শ্ৰমিকসকলৰ লগতে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ নাগৰিক।
এক কঠিন অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা দেশখনলৈ অলপতে আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে ৬০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। আনফালে ভাৰত চৰকাৰেও ইতিমধ্যে ৩.৫ বিলিয়ন ডলাৰৰ সাহায্য দেশখনলৈ আগবঢ়াইছে। কিন্তু বৈদেশিক মুদ্ৰাৰ ভঁৰাল দিনক দিনে হ্ৰাস হৈ এতিয়া শ্ৰীলংকাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে। ইয়াৰ ফলত নিচেই কাষৰীয়া দেশ হিচাপে ভাৰতবৰ্ষলৈ শ্ৰীলংকাৰ ভোকাতুৰ জনসাধাৰণৰ সোঁত বোৱাৰো সম্ভাৱনা নথকা নহয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More