শ্ৰীলংকা এৰিলে চীনৰ বিতৰ্কিত ‘চোৰাংচোৱা জাহাজ’

ভাৰতে অব্যাহত ৰাখিছে পৰ্যবেক্ষণ

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্ট : অৱশেষত চীনৰ ‘চোৰাংচোৱা জাহাজ’ ‘ইউয়ান ৱাং ৫’-এ শ্ৰীলংকা এৰিলে। হামবাণ্টোটা বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, ছদিনৰ পাছত ২২ আগষ্টত জাহাজখনে লংগৰ তুলি লয়। সূত্ৰ অনুসৰি এই অত্যাধুনিক জাহাজখনৰ পৰৱৰ্তী গন্তব্যস্থান হ’ল চীনৰ জিয়াং’ইন বন্দৰ। সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ভাৰতে। হামবাণ্টোটা বন্দৰৰ বন্দৰ মাষ্টাৰ নিৰ্মল ছিলভাই জনোৱা মতে, ২৩ আগষ্টৰ বিয়লি প্ৰায় ৪ বজাত চীনৰ জাহাজখন বন্দৰটোৰ পৰা ওলাই আহিছিল। এই অত্যাধুনিক জাহাজখনৰ পৰৱৰ্তী গন্তব্যস্থান হ’ল চীনৰ জিয়াং’ইন বন্দৰ। শ্ৰীলংকাৰ প্ৰশাসনে জনোৱা মতে ১৬ৰ পৰা ২২ আগষ্টলৈকে জাহাজখন হামবাণ্টোটাত আছিল। সেই সময়ত জাহাজখনৰ ক্ৰু সলনি কৰা হোৱা নাছিল আৰু চীনা দূতাবাসৰ অনুৰোধ অনুসৰি জাহাজখনক সকলো সহায় আগবঢ়োৱা হৈছিল। কোৱা ভাল হ’ব যে, হামবাণ্টোটা বন্দৰ চীনৰ ঋণত নিৰ্মাণ কৰা হৈছিল। কলম্বোৱে এই বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিব নোৱাৰাৰ বাবে ৯৯ বছৰৰ বাবে বেইজিঙক এই বন্দৰটো লিজত দিছিল। ভাৰতৰ উদ্বেগ হ’ল চীনে এই সুযোগ ব্যৱহাৰ কৰি তাত সামৰিক ঘাটি নিৰ্মাণ কৰিব। মন কৰিবলগীয়া যে প্ৰথম অৱস্থাত সিদ্ধান্ত লোৱা হৈছিল যে ১১ আগষ্টত চীনৰ নিয়ন্ত্ৰণত থকা হামবান্টোটা বন্দৰত ‘ইউয়ান ৱাং ৫’ই লংগৰ পেলাব। কিন্তু ভাৰতৰ আপত্তিক লৈ শ্ৰীলংকাই অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিবলৈ কয়। ভাৰত মহাসাগৰত চীনৰ উপস্থিতি আৰু শ্ৰীলংকাৰ ওপৰত বেইজিঙৰ ক্ৰমবৰ্ধমান প্ৰভাৱক লৈ ভাৰতে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু শ্ৰীলংকাৰ বন্দৰ মন্ত্ৰী নিৰ্মল পি ছিলভাই কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ক্লিয়াৰেন্সত কোৱা হৈছিল যে ১৬ৰ পৰা ২২ আগষ্টলৈ জাহাজখন হামবাণ্টোটাত থাকিব। একেদৰে দ্বীপ ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও জাহাজখনক লংগৰ পেলোৱাৰ অনুমতি প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে আৰ্থিক সংকটত পৰা শ্ৰীলংকালৈ ভাৰতে সহায়ৰ হাত আগবঢ়াইছে। কিছুদিন পূৰ্বে দ্বীপ ৰাষ্ট্ৰখনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে শ্ৰীলংকাক সামুদ্ৰিক চোৱাচিতাকাৰী বিমান দিয়া হৈছিল। দ্বীপ ৰাষ্ট্ৰখনৰ হাতত অৰ্পণ কৰা হয় এখন ডৰ্নিয়াৰ বিমান। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহৰ উপস্থিতিত এই বিমানখন শ্ৰীলংকাৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু উপহাৰ লাভ কৰাৰ পিছতো কলম্বো যে গলি যোৱা নাছিল সেয়া স্পষ্ট। নতুন দিল্লীয়ে আশংকা কৰিছে যে এই জাহাজত সংৰক্ষিত অত্যাধুনিক আৰু শক্তিশালী চেন্সৰ আৰু ৰাডাৰৰ জৰিয়তে চীনৰ ৰঙা সেনাই ভাৰতীয় সেনাক নিৰীক্ষণ কৰিব। ভাৰতীয় সেনাবাহিনীৰ ইউনিট ফৰ্মেচন, মিছাইল ছাইট, যুদ্ধ জাহাজ আৰু চাবমেৰিনৰ স্থান বিচাৰিবলৈ চীনে এই জাহাজখন পঠিয়াইছে। সেয়ে নতুন দিল্লীয়ে এই জাহাজখন শ্ৰীলংকাত লংগৰ পেলোৱাটো বিচৰা নাছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More