সংকট কালত নতুন বাণিজ্যিক মিত্ৰতাঃ নাম I2U2

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : সমগ্ৰ বিশ্বত বিত্তীয় অনিশ্চয়তাৰ মাজতে I2U2ৰ নতুন মিত্ৰতা ব্যৱহাৰিক সহযোগিতাৰ এক নতুন আৰ্হিত পৰিণত হ’ব পাৰে বুলি ভাৰতৰ বিশ্বাস। ভাৰত, আমেৰিকা, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইজৰাইলৰ মাজত বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গঠিত মিত্ৰতাৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা কয়। প্ৰধানমন্ত্ৰীৰ ভাষাত— “প্ৰথম সন্মিলনৰ পৰাই I2U2-এ ইতিবাচক কাৰ্যসূচী স্থাপন কৰিছে। আমি বিভিন্ন ক্ষেত্ৰত কেইবাটাও যৌথ প্ৰকল্প চিনাক্ত কৰিছোঁ, ৰ’ডমেপ তৈয়াৰ কৰা হৈছে।” যিহেতু আমেৰিকা আৰু ইজৰাইল অক্ষত আছে আৰু ই মূলতঃ পশ্চিম এছিয়াক লক্ষ্য কৰি লোৱা এটা গোট, গতিকে প্ৰশ্ন উত্থাপন হয় যে, লক্ষ্য ইৰাণক এঘৰীয়া কৰা নহয়নে। কিন্তু বৈঠকৰ যৌথ বিবৃতিত বা সংবাদমেলত বৈদেশিক সচিব বিনয় কোৱাট্ৰাই সেই সম্ভাৱনাক খাৰিজ কৰে। নতুন দিল্লীয়ে বাৰে বাৰে স্পষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে যে এই দেশসমূহৰ মাজত কৌশলগত সম্পৰ্ক থাকিব পাৰে। কিন্তু I2U2ৰ ডিজাইন কৰা হৈছে যাতে সামূহিকভাৱে নিজৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি পায়, যাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত খণ্ডৰ সংস্থাসমূহক নিৰ্দিষ্ট লক্ষ্যৰে যৌথ প্ৰকল্পত আগুৱাই অনা। উদ্বোধনী ভাষণত মোদীয়ে কয়— ‘’এই কাঠামোৰ ভিতৰত ৬টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আমি যৌথ বিনিয়োগ বৃদ্ধি কৰিবলৈ সন্মত হৈছোঁ। সেইবোৰ হ’ল পানী, শক্তি, যোগাযোগ, মহাকাশ, স্বাস্থ্য আৰু খাদ্য সুৰক্ষা।” প্ৰধানমন্ত্ৰীৰ ভাষাত— “আমাৰ নিজ নিজ দক্ষতা, বজাৰ, মূলধন আৰু বিশেষজ্ঞতাৰ সংমিশ্ৰণেৰে এই কাৰ্যসূচী ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিব পৰা যাব। আমি আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰিম।” মোদীয়ে নক’লেও আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই পৰ্যায়ৰ পৰাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়টো উত্থাপন কৰি মস্কোৰ বিৰুদ্ধে স্থিতি প্ৰকট কৰে। তেওঁৰ মতে, অনিশ্চয়তা ৰাছিয়াৰ ইউক্ৰেইনৰ বিৰুদ্ধে নৃশংস একপক্ষীয় আক্ৰমণৰ পিছত শক্তি খণ্ডত বৃদ্ধি পাইছে। খাদ্য সংকট জাঁপ মাৰি বৃদ্ধি পাইছে। গোটটোৱে যৌথভাৱে আন্তঃগাঁথনি খণ্ডত নতুন প্ৰকল্প চিনাক্ত কৰি বিনিয়োগ কৰিব।” বৰ্তমানৰ বাবে চিনাক্ত কৰা দুটা বিনিয়োগ ক্ষেত্ৰৰ ভিতৰত এটা হৈছে ফুড কৰিডৰ বা ফুড পাৰ্ক। ভাৰতৰ গুজৰাট আৰু মধ্যপ্ৰদেশত কৰিডৰ নিৰ্মাণৰ বাবে ইউ এ ইয়ে ২০ কোটি ডলাৰ বিনিয়োগ কৰিব। ইয়াৰ দ্বাৰা প্ৰান্তীয় আৰু দৰিদ্ৰ কৃষকসকল উপকৃত হ’ব বুলি উল্লেখ কৰে বৈদেশিক সচিবে। ইয়াৰ পৰা পশ্চিম এছিয়াৰ দেশসমূহলৈ ৰপ্তানি কৰাটো সম্ভৱ হ’ব। বাণিজ্য আৰু ৰপ্তানিৰ বাবে এই চাৰিখন দেশৰ বিভিন্ন ব্যক্তিগত সংস্থা ব্যৱহাৰ কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More