সংগীতা বৰুৱা পিছাৰটিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান

0 17

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মেঃ গোলাঘাটৰ জীয়ৰী তথা নতুন দিল্লী নিবাসী সাহসী সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। অৰূপা পটংগীয়া কলিতাই এই বঁটা প্ৰদান কৰিবলৈ পাই নিজে ধন্য হোৱা বুলি উল্লেখ কৰি সংগীতা বৰুৱাৰ শিপা যথেষ্ট পৰিমাণে গভীৰ বুলি উল্লেখ কৰে। ঔপন্যাসিক তথা গল্পকাৰ কলিতাই কয় যে সংগীতা বৰুৱাৰ পিতৃ অপূৰ্ব বৰুৱা নিজেই এজন সাংবাদিক হোৱাৰ লগতে গোলাঘাটৰ প্ৰসিদ্ধ চাহ খেতিয়ক। তেখেতৰ ঘৰত থাকিয়েই কথা সাহিত্যিক ছৈয়দ আব্দুল মালিকে গোলাঘাট চহৰত পঢ়া-শুনা কৰিছিল। অপূৰ্ব বৰুৱাৰ পৃষ্ঠপোষকতাতেই ছৈয়দ আব্দুল মালিকে ধনশিৰি নামৰ সাপ্তাহিক কাকতখন প্ৰকাশ কৰিছিল আৰু যিখন কাকত এতিয়াও চলি আছে। মৃত্যুৰ ৩ দিন পূৰ্বে ছৈয়দ আব্দুল মালিকে সংগীতাৰ পিতৃ অপূৰ্ব বৰুৱাৰ হাত দুখন খামুচি কৈছিল কাকতখন উলিয়াবলৈ আপুনি মোক আৰ্থিকভাৱে সহায় কৰিছিল। এতিয়া মোৰ যাবৰ হ’ল। টকা-পইছা নালাগে। কিন্তু কাকতখন পাৰিলে চলাই থাকিব। অপূৰ্ব বৰুৱাৰ বয়স এতিয়া ৯১ বছৰ। অসমত এখন সাপ্তাহিক কাকত তেওঁলোকে এতিয়াও প্ৰকাশ কৰি ৰখাৰ কথাটোৱেই প্ৰমাণ কৰে যে সংগীতা বৰুৱাৰ পৰিয়ালৰ অসমীয়া ভাষা-সংস্কৃতি আৰু সাংবাদিকতাৰ প্ৰতি দায়ৱদ্ধতা আৰু আন্তৰিকতা কিমান। সংগীতা বৰুৱাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু বঁটা লাভ কৰিছিল যদিও পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা গ্ৰহণ কৰি এইবাবেই কৃতাৰ্থ হৈছে যে বৰ্তমান সময়ত গোদী মিডিয়াৰ প্ৰভাৱত সাংবাদিকতাৰ যি পয়ালগা অৱস্থা হৈছে তাৰ বিপৰীতে পৰাগ কুমাৰ দাস এক প্ৰেৰণাৰ মাইলৰ খুঁটি হিচাপে থিয় হৈ আছে। সাহস আৰু সত্যৰ সপক্ষে পৰাগ কুমাৰ দাসৰ যি স্থিতি সেয়াই প্ৰকৃত সাংবাদিকতা বুলি সংগীতাই উল্লেখ কৰি এইবুলিও কয় যে গোদী মিডিয়াত সাংবাদিকতা কৰাৰ কোনো মজা নাই আৰু সেয়া আন এক সাধাৰণ চাকৰিৰ দৰে মোটা অংকৰ দৰমহা লাভ কৰা কামহে। নিজৰ ভাষণত এগৰাকী মহিলা সাংবাদিকক এই বঁটা আগবঢ়োৱা বাবে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চলৈ ধন্যবাদ জ্ঞাপন কৰে সংগীতা বৰুৱাই। লেখক দেৱব্ৰত দাসে অকপটে স্বীকাৰ কৰিছে যে যিদিনাই কাকতৰ সম্পাদনা কক্ষৰ পৰা তেওঁলৈ ফোন আহিছিল যে দুজন নেতাৰ বিৰুদ্ধে আপুনি কলম ধৰিলে আপোনাৰ লেখা প্ৰকাশ কৰাত অসুবিধা হ’ব। কাকতখনৰ নিয়মীয়া লেখক দেৱব্ৰত দাসে উল্লেখ কৰা মতে সমগ্ৰ লেখক জীৱনত সেয়া তেওঁৰ বাবে আছিল এক কাণতলীয়া চৰ। তেতিয়াৰে পৰা তেওঁ লিখা বন্ধ কৰি দিছিল। অৱশ্যে তেওঁ এইবুলিও জনালে যে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ সম্পূৰ্ণৰূপে ৰাইজৰ সপক্ষে লিখা বন্ধ কৰি দিব। সাংসদ অজিত কুমাৰ ভূঞাই উপস্থিত থাকি বৰ্তমান সময়ত সাংবাদিকে বুলিয়েই নহয়, সাধাৰণ ৰাইজেও কোনো প্ৰশ্ন উঠাব নোৱৰাৰ এক পৰিৱেশ ৰজাঘৰীয়াই কৰা বুলি উল্লেখ কৰে। অধিবক্তা শান্তনু বৰঠাকুৰে নিৰপেক্ষ নহয়, সদায় ৰাইজৰ পক্ষতহে পৰাগ দাসে সাংবাদিকতা কৰিছিল বুলি উল্লেখ কৰি কয় যে বৰ্তমান সময়ত ৰাইজৰ দৃষ্টিভংগী শাসকীয় পক্ষই নিজৰ ফালে আকৰ্ষণ কৰিব পৰাতো সাংবাদিকতাৰ এক চূড়ান্ত বিফলতা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More