সংগীত নাটক অকাদেমীৰ দ্বাৰা অভিনৱ থিয়েটাৰৰ নাটকৰ কর্মশালা সামৰণি

0 22

উত্তৰ লখিমপুৰ, ৪ জুলাইঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সংগীত নাটক অকাদেমী, নতুন দিল্লীৰ পৃষ্ঠপোষকতাত অভিনৱ থিয়েটাৰৰ দ্বাৰা যোৱা ২৪ জুনৰ পৰা ৩ জুলাই,২০২২ তাৰিখলৈকে অনুষ্ঠিত কৰা নাটকৰ কর্মশালা কালি সামৰণি পৰে।IMG 20220704 WA0020
৩ জুনৰ সন্ধিয়া নাটকৰ কর্মশালা সামৰণি অনুস্থানটোত পশ্চিম বংগৰ নাট পৰিচালক বৰুন কৰ, বিহাৰৰ বেগুচৰাইৰ ৰং দর্শন আর্ট গ্ৰুপৰ পৰিচালক শশীকান্ত কুমাৰ আৰু ৰঞ্জিত কুমাৰ উপস্থিত থাকে । সামৰণি অনুস্থানটোৰ আতঁধৰে অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথে । অনুস্থানটোৰ উদ্বোধন কৰে ফুলবাৰী শাখা সাহিত্য সভাৰ সভাপতি মহেশ্বৰ নাথে । ২৪ জুনৰ পৰা ৩ জুলাই,২০২২ তাৰিখলৈকে চলা এই নাটকৰ কর্মশালাত মুঠ ৪০ গৰাকী কিশোৰ-কিশোৰীয়ে অংশ গ্ৰহণ কৰে । প্ৰশিক্ষণ প্ৰদান কৰিছিল অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথ, ঋষিকেশ কুমাৰ আৰু বৰুন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More