সংৰক্ষণ

0 31

ড° লক্ষীপ্রসাদ হাজৰিকা

অসমখন বিভিন্ন সামাজিক, ৰাজনৈতিক, প্রাকৃতিক, অর্থনৈতিক সমস্যাৰে ভাৰাক্ৰান্ত। আজি প্রায় চাৰি দশক জুৰি সমাধান নােহােৱা এটা সমস্যা হ’ল ‘অসমৰ ছয় জনগােষ্ঠীৰ জনজাতি মর্যাদা প্রদানৰ সমস্যা। বিভিন্ন ৰাজনৈতিক কাৰণত এই সমস্যাটো আজিও এক জ্বলন্ত সমস্যা হৈয়েই আছে। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে আন আন ৰাজ্যৰ কেইটামান জনগােষ্ঠীক উক্ত মর্যাদা প্রদানে যেন জ্বলা জুইত ঘিঁউহে ঢালিলে। সমস্যাটো যিহেতু সংৰক্ষণ বিষয়ৰ সেইবাবে ইয়াৰ প্রাসংগিক কিছুমান কথা আলােচনা কৰাৰ লােভ সামৰিব নােৱাৰিলোঁ। মূল সমস্যাটোৰ সপক্ষে বা বিপক্ষে কোৱাৰ উদ্দেশ্য এই লেখাত মুঠেই নাই, মাত্র প্রকৃতি বিজ্ঞানৰ ছাত্ৰ হিচাপে প্ৰকৃতিৰ
সংৰক্ষণৰ কিছুমান কথাৰ লগত বিষয়টো আলােচনা কৰিব বিচাৰিছোঁ, কোনেও যাতে ভুল নুবুজে। ‘সংৰক্ষণ’ নামৰ ব্যৱস্থাটো মানৱ সমাজলৈ অহাৰ আগতেই প্রকৃতিৰ ক্ষেত্ৰত বিশ্বব্যাপি প্রয়ােগ হৈ আহিছে। আমি জানাে যে আমাৰ সেউজী ধৰণী খনত বিভিন্ন ভৌগোলিক অৱস্থানত বিভিন্ন ধৰণৰ আবাসভূমি গঢ় লৈ উঠিছিল। ক্রমবিৱর্তনৰ ফলত এই বৈচিত্র্যৰে ভৰা আবাস ভূমি সমূহত বিভিন্ন প্রজাতিৰ জীৱ-জন্তু সৃষ্টি হৈ পৃথিৱীখনৰ সন্তুলনত গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে। এই আবাসভূমিসমূহৰ স্বকীয়তা বিভিন্ন, সেইবাবেই তাত বৰ্তি থকা জীৱকূলৰাে ভিন্নতা দেখা যায়, সেয়াই জীৱ বৈচিত্র্যতা। কালক্ৰমত পৃথিৱীখনত মানুহৰ সংখ্যা বৃদ্ধিয়ে সেই নির্দিষ্ট আবাসভূমি সমূহত হেঁচা প্রয়ােগ কৰিলে আৰু তাত থকা জীৱকূলৰ অস্তিত্বৰ সংকট আহি পৰিল। মানুহৰ এই হেঁচাত বহুতাে জীৱকূল পদপৃষ্ট হৈ ধৰণীৰ পৰাই বিদায় ল’বলৈ বাধ্য হ’ল। আন বহুতাে বর্তমানে বিদায়ী প্রার্থী। প্রাণী-উদ্ভিদ নির্বিশেষে আমাৰ চাৰিওফালে বৰ্তি থকা কিছুমান জীৱ অতিকৈ সংবেদনশীল। কিছুমান জীৱৰ সিহঁত থকা বাসভূমিৰ বৈশিষ্ট্যৰ সামান্য পৰিৱৰ্তন হ’লেই সিহঁত বাচি থকাটো সন্দেহৰ আৱৰ্তত আহি পৰে। জীৱসমূহ জীয়াই থাকিবৰ বাবে যিবােৰ মৌলিক প্রয়ােজন, সেই সকলােবােৰ সিহঁতে সেই নির্দিষ্ট আবাসভূমিতে বিচাৰে। আন কথাত ক’বলৈ গ’লে সেই সেই জীৱসমূহৰ অভিযােজনশীলতা সীমিত। মানুহৰ ক্ষেত্ৰত তেনে সমূহ জীৱক আমি অতি লাজুকৰীয়া বুলিয়েই কম। সেইবাবেই জীৱজগতত আমি বহুতাে স্থানিক প্রজাতিৰ অৱস্থিতি আজিও পাই আহিছাে, যেনে আমাৰ অসমতে পােৱা বিভিন্ন জাতৰ কপৌ ফুল, চুলি বেত, নগা চেঙা মাছ, দেওঁ হাঁহ, হলৌ বান্দৰ, নল গাহৰি ইত্যাদি।
একে সময়তে আমি কিছুমান জীৱক সিহঁতৰ আচাৰ-আচৰণৰ সলনি কৰি বা নতুন নতুন ঠাইতাে অভিযােজিত হােৱা দেখিবলৈ পাইছোঁ। উদাহৰণস্বৰূপে আমাৰ চহৰে-নগৰে, মঠে-মন্দিৰে বর্তমান অৱস্থান কৰা দুবিধমান ভিন্ন ভিন্ন শ্রেণীৰ থলুৱা বান্দৰৰ কথাই ধৰিব পাৰোঁ। ইহঁতে গছৰ পাত বা ফল-মূল খােৱাৰ স্বভাৱ প্রায় এৰিলেই। বর্তমান মানুহৰ খাদ্যই সিহঁতৰাে খাদ্য। জিৰণি লােৱা ঠাই গছৰ ডালৰ পৰিৱর্তে ঘৰৰ চিলিং, চাদ আদি বাছি লৈছে। কিন্তু হলৌ বান্দৰ, লাজুকী বান্দৰ আদিয়ে তাকে কৰিব নােৱাৰি পিছুৱাই গৈছে আৰু জনসংখ্যাও আঙুলিৰ মূৰত লিখিব পৰা হৈছেগৈ।

এনেবােৰ কাৰণতে প্ৰকৃতিৰ সেই সেই সংবেদনশীল জীৱ সমুদায়ক জীয়াই ৰখাৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আমি সংৰক্ষণৰ পােষকতা কৰিছোঁ, তাকো সিহঁতৰ নিজৰ নিজৰ আবাসভূমিতে। ঠিক তেনেদৰে কিছুমান জীৱৰ ক্ষেত্ৰত সংৰক্ষণৰ কোনাে পদক্ষেপ লােৱাৰ প্রয়ােজনীয়তা বর্তমানেও লােৱা হােৱা নাই। জীৱৰ ক্ষেত্ৰত সংৰক্ষণৰ আউটিলৈ আনিবৰ বাবে যিখিনি কাৰণৰ প্রয়ােজন প্রায় একে নহলেও সদৃশ কেইটামান কাৰণ আমাৰ জাতি-জনজাতিৰ সংৰক্ষণৰ বাবেও ৰেজিষ্টাৰ জেনেৰেলে ঠিক কৰি দিছে। কথাষাৰ আমাৰ গুৱাহাটী চহৰখনৰ পুৰণি বাসিন্দাসকলে আলােচনা কৰিলেই ওলাই পৰিব। প্রায় ষাঠি-সত্তৰ দশকলৈকে গুৱাহাটীৰ প্ৰায়বােৰ অঞ্চলত তিৱা, কাৰ্বি, গাৰাে, বড়াে, ৰাভা আদি জনজাতিৰ বাসস্থান আছিল। দ্রুত নগৰীকৰণত সেই সেই জনজাতীয় লােকসকল তম্ভিব নােৱাৰি পিছ হুহুকি গ’ল আৰু তেওঁলােকৰ ঠাইত আন আন জাতিৰ লােকেৰে গুৱাহাটী ভৰি পৰিল। অকল গুৱাহাটীৰ ক্ষেত্ৰতে নহয়, এই পৰিঘটনা সমগ্র অসমৰ ক্ষেত্ৰতে একেই।
শেষত জনগােষ্ঠীয় সংৰক্ষণৰ ক্ষেত্ৰত ক’ব বিচাৰাে যে অকল মানুহখিনিক সংৰক্ষণ কৰি কোনাে লাভ নহ’ব যেতিয়ালৈকে সেই জনগােষ্ঠীসমূহৰ আবাসভূমিসমূহ সংৰক্ষণ নহয়। এইক্ষেত্ৰত আমি আমাৰ ওচৰ-চুবুৰীয়া অৰুণাচল প্রদেশৰ কথাই ক’ব পাৰোঁ, যত বহুতাে সৰু-বৰ জনগােষ্ঠী। আছে, যাৰ ভাষা-সংস্কৃতি পৃথক তথা স্বকীয়তাৰে পৰিপূৰ্ণ। ইয়াত এনে কিছুমান জনগােষ্ঠী আছে যিসমূহৰ মুঠ জনসংখ্যা কেইহাজাৰমানৰ ভিতৰত। অৰুণাচল প্রদেশৰ সংৰক্ষণৰ ক্ষেত্ৰত জনজাতিসমূহৰ লগতে জনগােষ্ঠীসমূহ বাস কৰা অঞ্চলসমূহ সংৰক্ষিত। তেনেধৰণৰ আৰ্হি সংবেদনশীল জনগােষ্ঠীৰ ক্ষেত্ৰত অতিকৈ প্রয়ােজন। অন্যহাতে ক’ব বিচাৰোঁ, জন্মসূত্রে কোনাে এটা জনগােষ্ঠীৰ ব্যক্তিক সংৰক্ষণৰ সুবিধাদি থাকিলে জনগােষ্ঠীটোৰ ভিতৰতে ভৱিষ্যতে অসমতাৰ অৱকাশ থাকে যদিহে অর্থনৈতিক অৱস্থাটো গুৰুত্ব দিয়া নহয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More