সকলোতকৈ শান্তিৰ দেশ আইচলেণ্ড

0 13

অশান্তিৰ দেশ আফগানিস্তান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুন : বিশ্বৰ কিছুমান দেশত বিৰাজ কৰে শান্তি, কিছুমান দেশত কিন্তু ঘোৰ অশান্তি। সেই হিচাবেই সেই দেশৰ জনতাই তাৰ প্রতিক্রিয়া জনায়। শান্তি বা অশান্তিৰ চেহেৰা জনগণৰ আচৰণ আৰু সংশ্লিষ্ট দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰতেই বেছিকৈ নির্ভৰ কৰে। সেই হিচাবে শান্তিৰ তালিকাত বিশ্বৰ শীর্ষত আইচলেণ্ড আৰু সকলোতকৈ তলত আফগানিস্তান। ভাৰতৰ অৱস্থাও খুব আশাব্যঞ্জক নহয়। গ্ল’বেল পীচ ইনডেক্স ২০২২ অনুযায়ী ভাৰতে নিজৰ অৱস্থান উন্নতি কৰিছে ঠিকই, কিন্তু সেয়া লেখত লবলগীয়া নহয়। ইয়াৰ আগৰ বাৰ ভাৰত ১৩৮ সংখ্যক স্থানত আছিল। এতিয়া ১৩৫ সংখ্যক স্থানত উপনীত হৈছে। কিন্তু বিশ্ব-শান্তিৰ সার্বিক ছবিৰ নিৰিখত এইটো বেছ হতাশজনক। আইচলেণ্ডৰ পিছতেই আছে নিউজিলেণ্ড, আয়াৰলেণ্ড, ডেনমার্ক, অষ্ট্ৰিয়া আৰু পর্তুগাল। একেবাৰে শেষত আছে আফগানিস্তান। ১৬৩তম স্থানত। আফগানিস্তানৰ আগত আছে য়েমেন, ছিৰিয়া, ৰাছিয়া আৰু দক্ষিণ ছুদান। ইউক্ৰেইনৰ লগত চলি থকা যুদ্ধৰ পৰিণতিত ৰাছিয়া অশান্তিৰে ভৰি পৰিছে আৰু বিশ্বৰ ভিতৰত অশান্তিৰ দেশৰ তালিকাত ১৬০ সংখ্যক স্থানলৈ অৱনমিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More