সক্ৰিয় দুই পৰিৱেশ কৰ্মীলৈ ২০২২ বৰ্ষৰ সন্মানীয় ‘Goldman Environmental Prize’

সোণৰ খনি স্থাপন কৰা বণিক গোষ্ঠীৰ বিৰুদ্ধে চলাইছিল যুঁজ

0 156

ৰাণু বৰুৱা, ২৯ মে’ :

প্ৰযুক্তি কৌশল আৰু আইন এই দুপাত অমোঘ অস্ত্ৰৰে যুঁজ দি লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ দুগৰাকী পৰিৱেশ যোদ্ধাই এহাতেদি ৰক্ষা কৰিছে এক বিশাল ক্ৰান্তীয় অৰণ্যাঞ্চল আৰু আনহাতে সাব্যস্ত কৰিছে নিজৰ সম্প্ৰদায়টোৰ ভূমিৰ জন্মগত অধিকাৰ। একেবাৰে তৃণমূল পৰ্যায়ত পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ইকুৱেডৰৰ এলেক্স লুচিটাণ্টে আৰু এলেকজেন্দ্ৰা নাৰভেজ নামৰ এই সক্ৰিয় পৰিৱেশ কৰ্মী দুগৰাকীক ইয়াৰ বাবে প্ৰদান কৰা হৈছে ২০২২ বৰ্ষৰ সন্মানীয় ‘Goldman Environmental Prize’।124829567 alexandra narvaez alex lucitante photo goldman environmental prize 17 1024x788 2.jpg
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্ক’ ত থকা Goldman Environmental Foundation এ প্ৰতি বছৰেই বিশ্বৰ ছটা ভৌগোলিক অঞ্চল – আফ্ৰিকা, এছিয়া, ইউৰোপ, দ্বীপৰাষ্ট্ৰ সমূহ, উত্তৰ আমেৰিকা আৰু মধ্য দক্ষিণ আমেৰিকাৰ তৃণমূল পৰ্যায়ত কাম কৰা পৰিৱেশ কৰ্মীসকলক ১৯৮৯ চনৰে পৰাই পুৰস্কৃত কৰি তেওঁলোকৰ কৰ্মৰাজিক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰি আহিছে। এইবছৰ এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা আন কেইবাগৰাকী ব্যক্তিৰ লগতে এলেক্স আৰু এলেকজেন্দ্ৰাৰ কাৰ্যপন্থা কিন্তু আছিল কিছূ সুকীয়া। ইকুৱেডৰৰ উত্তৰ পূবৰ ক্ৰান্তীয় অৰণ্য অঞ্চলত কেইবা শতিকা ধৰি বসবাস কৰি আহিছে ক’ফান নামৰ জনগোষ্ঠীটোৱে। এওঁলোকৰ জনসংখ্যা হ’ব প্ৰায় বাৰশ মান। ঘাইকৈ অৰণ্যৰ ওপৰতেই নিৰ্ভৰশীল জনগোষ্ঠীটোৰ মাজলৈ বিভীষিকা নামি আহিছিল ২০১৫ চন মানৰে পৰা। ভূতাত্ত্বিক অনুসন্ধানৰ পৰা নিশ্চিত হোৱা গৈছিল যে, এই অৰণ্যখনৰ ভূগৰ্ভ মূল্যবান ধাতু সোণৰ অপৰ্যাপ্ত ভাণ্ডাৰেৰে সমৃদ্ধ। স্বৰ্ণ ভাণ্ডাৰৰ সন্ধানত ইকুৱেডৰ চৰকাৰৰ অনুমতি লৈ ২০১৭ চনৰে পৰা বিভিন্ন গধুৰ যন্ত্ৰপাতি সহ ব্যৱসায়ীৰ দলে জনগোষ্ঠীটোৰ ভূমি দখল কৰাৰ উপৰি অৰণ্য ধ্বংসৰ অভিযানত নামি পৰিছিল। চৰকাৰী পৃষ্ঠপোষকতা থকা শক্তিশালী ব্যৱসায়ীসকলৰ বিৰুদ্ধে যুঁজা সিমান সহজ মুঠেও নাছিল। তথাপি মৰণত শৰণ দি জনগোষ্ঠীটোৰ কেইজনমানে অঞ্চলটো পহৰা দিবৰ বাবে ২৫ জন স্বেচ্ছাসেৱকৰে গঠন কৰিছিল ‘La Guardia’ নামৰ এটা গোট। এলেকজেন্দ্ৰা আছিল গোটটোৰ প্ৰতিষ্ঠাতা সদস্য আৰু প্ৰথম মহিলা। প্ৰতিটো খোজতেই বিপদৰ সম্ভাৱনা থকা এনে ধৰণৰ কাম-কাজত এগৰাকী মহিলা জড়িত হোৱাত বহুতেই তেওঁক ককৰ্থনা কৰিছিল। কিন্তু নিজৰ সম্প্ৰদায়ৰ ভৱিষ্যত, মাটি-ভেটি আৰু অৰণ্যখনৰ স্বাৰ্থত এলেকজেন্দ্ৰাই চৰকাৰ আৰু সোণৰ খনি স্থাপন কৰা বণিক গোষ্ঠীৰ বিৰুদ্ধে যুঁজখন চলাই গৈছিল। তথাকথিত আন্দোলনৰ পথ পৰিহাৰ কৰি তেওঁলোকৰ গোটটোৱে আইনৰ আশ্ৰয় লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁলোকৰ ভূমি,
অৰণ্য ধ্বংসৰ প্ৰমাণ চাক্ষুষ ভাবে সংগ্ৰহ কৰিবৰ বাবে তেওঁলোকে আশ্ৰয় লৈছিল প্ৰযুক্তি কৌশলৰ। ড্ৰোন আৰু গোপনীয় ভাবে কেমেৰা স্থাপন কৰি তেওঁলোকে সংগ্ৰহ কৰিছিল সোণৰ খনি মাফিয়া সকলৰ কাৰ্যকলাপ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সমূহ তথ্যপাতিৰে তেওঁলোক আদালতত ন্যায় যুদ্ধত অৱতীৰ্ণ হৈছিল। ইতিমধ্যে ইকুৱেডৰ চৰকাৰে অঞ্চলটোত খনন কাৰ্যৰ বাবে কুৰিখন অনুমতি পত্ৰ প্ৰদান কৰিছিল আৰু ৩২ খন অনুমতি পত্ৰ অপেক্ষাৰত অৱস্থাত আছিল। এবছৰ ন্যায় যুদ্ধৰ অন্তত ন্যায়ালয়ে চৰকাৰক সকলোবোৰ অনুমতি পত্ৰ বাতিল কৰি প্ৰকল্প বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰে। জনগোষ্ঠীটোৰ সপক্ষে ৰায় দান কৰি ন্যায়ালয়ে কৈছিল যে, এই ভূমিখণ্ডত পূৰ্ব পুৰুষৰ পৰাই এই লোকসকলে বসবাস কৰি আহিছে আৰু এই খনন কাৰ্যৰ দ্বাৰা তেওঁলোকৰ স্বাস্থ্যসন্মত পৰিৱেশ, বিশুদ্ধ বায়ু-পানীৰ অধিকাৰ খৰ্ব কৰা হৈছে।
এই ন্যায় যুদ্ধৰ দ্বাৰা এলেক্স আৰু এলেকজেন্দ্ৰাৰ নেতৃত্বত ‘La Guardia’ নামৰ গোটটোৱে প্ৰায় ৭৯,০০০ একৰ এলেকাৰ ক্ৰান্তীয় অৰণ্যখন ৰক্ষা কৰাত সফল হ’ল আৰু তেওঁলোকে ব্যৱহাৰ কৰা প্ৰযুক্তি কৌশলৰ তথ্যপাতিয়ে ন্যায় যুদ্ধত যথেষ্ট অৱদান যোগালে।
পৰিৱেশ ৰক্ষাৰ যুঁজখনত জয়লাভ সাব্যস্ত কৰাৰ পাছত এলেকজেন্দ্ৰাই কৈছিল, “We know the territory, we have walked through it, we know the sacred sites, the places to go hunting, where animals come to eat, It’s full of life and it’s everything to us.”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More