সঞ্জয় কিষাণ উদ্ধাৰ অভিযানত নামিল একাংশ ৱাৰ্ড কমিছনাৰ

তিনিচুকীয়াত মন্ত্ৰী-পৌৰপতিৰ সংঘাত

0 21

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ ছেপ্টেম্বৰ : যোৱা ৩ ছেপ্টেম্বৰত তিনিচুকীয়া পৌৰসভাৰ এক ব’ৰ্ড মিটিঙৰ অন্তত স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণে পৌৰপতি জয়ন্ত বৰুৱাক গালি-গালাজ কৰাৰ লগতে শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনা সন্দৰ্ভত আজি তিনিদিনৰ পাছত সংবাদমেলযোগে স্পষ্টীকৰণ দিলে পৌৰসভাৰ একাংশ ৱাৰ্ড কমিছনাৰে ৷ মন্ত্ৰী কিষাণে তিনিচুকীয়াৰ পৌৰপতি তথা চহৰখনৰ প্ৰথমজন নাগৰিক জয়ন্ত বৰুৱাক শাৰিৰীকভাৱে অপদস্থ কৰাৰ ঘটনাই কাকতৰ শিৰোনাম দখল কৰাৰ উপৰি দিছপুৰলৈকে খলকনি তোলাৰ পাছত মন্ত্ৰীৰ ঘনিষ্ঠ তথা অনুগত বুলি পৰিচিত একাংশ ৱাৰ্ড কমিছনাৰে আজি এক সংবাদমেলত এই ঘটনা অসত্য বুলি দাবী কৰে । ইয়াৰ হোটেল এৰ’মাত আজি বিয়লি উপ-পৌৰপতি নৱনীতা আগৰৱালাই আহ্বান জনোৱা সংবাদমেলত উপ-পৌৰপতিকে ধৰি পৌৰসভাৰ ১৫ জন ৱাৰ্ড কমিছনাৰৰ ১২ গৰাকী উপস্থিত থাকে যদিও ৩ গৰাকী অনুপস্থিত থাকে । ৱাৰ্ডৰ কমিছনাৰ পুলক চেতিয়াই আঁত ধৰা সংবাদমেলত ৩ ছেপ্টেম্বৰৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক মিছা প্ৰমাণিত কৰি মন্ত্ৰী কিষাণক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ যোৱা ৩ ছেপ্টেম্বৰৰ ব’ৰ্ড সভাৰ অন্তত যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছে সেয়া অসত্য বুলি দাবী কৰি চেতিয়াই কয় যে সেইদিনা গঠনমূলক আলোচনাহে হৈছিল ৷ কোনোৱে ভুল তথ্য যোগান ধৰি পৌৰসভাখন বিশৃংখল কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে । মন্ত্ৰী কিষাণে পৌৰপতিক শাৰিৰীকভাৱে অপদস্থ কৰা নাছিল আৰু মুকলি নিবিদাক লৈ কোনো, কাৰো হস্তক্ষেপ হোৱা নাই আৰু সংঘাতো নাই । পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক সিদ্ধান্ত কাৰ্যকৰী নোহোৱাৰ বাবে উক্তদিনা পৌৰপতিৰে মন্ত্ৰী কিষাণৰ যুক্তি-তৰ্ক হৈছিল । এগৰাকী পদেন সদস্য হিচাপে মন্ত্ৰী সঞ্জয় কিষাণে পৌৰসভাৰ কাম-কাজত মাত মতাৰ অধিকাৰ আছে বুলি ৱাৰ্ড কমিছনাৰ চেতিয়াই কয় । সেইদৰে আন এজন ৱাৰ্ড কমিছনাৰ পবিত্ৰ গগৈয়েও ৩ ছেপ্টেম্বৰৰ ঘটনা নসাৎ কৰি প্ৰচাৰিত বাতৰি কাৰোবাৰ নিকৃষ্ট ষড়যন্ত্ৰৰ ফলশ্ৰুতি বুলি উল্লেখ কৰে । ব’ৰ্ড মিটিঙত লোৱা সিদ্ধান্তসমূহ পৌৰপতিয়ে কাৰ্যকৰী কৰিব পৰা নাই বুলি মন্তব্য কৰি ইয়াকে লৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ বিতুষ্ট বুলি গগৈয়ে কয় ৷ সংবাদমেলত  ঘটনাটো গাপ দি মন্ত্ৰী কিষাণক ৰক্ষণাবেক্ষণ দিবলৈ একাংশ ৱাৰ্ড কমিছনাৰ তৎপৰ হৈ পৰে যদিও সাংবাদিকে সোধা কেতবোৰ প্ৰশ্নৰ সঠিক উত্তৰ দিয়াত ব্যৰ্থ হয় । লক্ষণীয়ভাৱে আজিৰ সংবাদমেল আহ্বান কৰা উপ-পৌৰপতি নৱনীতা আগৰৱালা মন্ত্ৰী কিষাণৰ বিশেষ আস্থাভাজন বুলি পৰিচিত ৷ মন্ত্ৰী সঞ্জয় কিষাণৰ আশীষধন্য হোৱাৰ সুবাদতে উপ-সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে গুৰুগোঁসাই নমনা হোৱা বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উঠি আহিছে ৷ কিছুদিন পূৰ্বে উপ-সভানেত্ৰী নৱনীতা আগৰৱালাৰ স্বামী নিধিশ আগৰৱালাই পৌৰসভাৰ কৰ্মচাৰীক অভব্য আচৰণৰ বলি কৰাৰ লগতে অকৰ্তৃত্বশীলভাৱে কাৰ্য্যালয়ৰ নথিপত্ৰত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই ৷ নিকা ভাৱমূৰ্তিৰ তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাই তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ কথামতে উঠাবহা নকৰাৰ বাবেই তেওঁক আঁতৰাই নিজৰ পচন্দৰ মানুহক পৌৰপতিৰ চকীত বহুৱাৰ বাবে দীৰ্ঘদিনৰ পৰা মন্ত্ৰী কিষাণে ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰি অহাৰ কথা সৰ্বজনবিদিত ৷ ইয়াৰ মাজতে ৩ ছেপ্টেম্বৰৰ দিনা এখন সভাৰ অন্তত মন্ত্ৰী কিষাণে পৌৰপতি বৰুৱাক গালিগালাজ কৰাতে ক্ষান্ত নেথাকি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় ৷ সেইদিনা তিনিচুকীয়া পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ কমিছনাৰ প্ৰদীপ দাসে মাজত সোমাই কোনোৰকম পৌৰপতিক ৰক্ষা কৰে ৷ লক্ষ্যনীয়ভাৱে আজিৰ সংবাদমেলত উপস্থিত নাছিল ৱাৰ্ড কমিছনাৰ প্ৰদীপ দাস ৷ পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই কাৰ্য্যালয়ত সঘনাই সংঘটিত হৈ থকা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৫ ছেপ্টেম্বৰত ’পে’ন ডাউন’ কাৰ্য্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More