সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

0 86

গুৱাহাটী, ২৭ জানুৱাৰীঃ সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশনখনি সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়| অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ সংবিধান সংশোধনীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়|
পোনপ্ৰথমে পুৱা ১০ বজাৰ পৰা সন্থাৰ কাৰ্যবাহী সভা অনুষ্ঠিত হয়| কাৰ্যবাহী সভাৰ পাছতে সভাপতি ৰাতুল নেওগৰ দ্বাৰা সন্থাৰ পতাকা উত্তোলন কৰা হয়| পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে দিনৰ ১২ বজাৰ পৰা সাধাৰণ সভা অনুষ্ঠিত হয়| প্ৰায় ২০ খন ডায়েটৰ প্ৰতিনিধি উপস্থিত থকা সাধাৰণ সভাই বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে- অধ্যক্ষ, উপাধ্যক্ষ, জ্যেষ্ঠ প্ৰবক্তাৰ পদোন্নতি সময়মতে সম্পন্ন কৰা; কমন কেডাৰ আৰু ডাবল প্ৰমোচনৰ অধিকাৰক ন্যার্য্যতা প্ৰদান কৰা, ডায়েট-এছচিইআৰটিৰ পুনৰ্গঠন ও সম—সুবিধা প্ৰক্ৰিয়া তড়ান্বিত কৰা; ডায়েট সমূহৰ আন্তঃগাঁথনিৰ বাবে পৰ্যাপ্ত বাজেট নিৰ্ধাৰণ কৰা; বিষয়াসকলৰ ক্ষেত্ৰ ভ্ৰমণৰ বাবে বাহনৰ ব্যৱস্থা কৰা; পদবীৰ নতুন নামকৰণ অনতিপলমে ঘোষণা কৰা; শিশু যত্নৰ ছুটী সৰলীকৰণ কৰা; বিষয়াসকলৰ উচ্চ শিক্ষাৰ হেতু ছুটীৰ ব্যৱস্থা কৰা আদি| উপৰোক্ত দাবীসমূহৰ ক্ষেত্ৰত বিশেষকৈ পদবীৰ নতুন নামকৰণ (Redesignation) সন্দৰ্ভত ইতিমধ্যে উচ্চ কৰ্তৃপক্ষৰ সৈতে ৩০ নৱেম্বৰ তাৰিখে আলোচনা অনুষ্ঠিত হৈছিল| গতিকে সভাই এই ক্ষেত্ৰত অনতিপলমে এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে|

উল্লেখযোগ্য যে বিগত বৰ্ষৰ আগষ্ট মাহৰ ৯ তাৰিখে ডায়েট সমূহৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে সন্থাৰ বিষয়ববীয়া সকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল| সফলভাৱে অনুষ্ঠিত হোৱা সেই বৈঠকৰ বাবে শিক্ষা মন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বৈঠকৰ সিদ্ধান্তসমূহ খৰতকীয়াকৈ ৰূপায়ণৰ বাবে অনুৰোধ জনায়| ইয়াৰোপৰি সাধাৰণ সভাই সন্থাৰ সংশোধিত সংবিধানক স্বীকৃতি প্ৰদান কৰাৰ লগতে ৰাতুল নেওগ, মঞ্জু চুতীয়া, প্ৰদীপ কুমাৰ দাস, দীপাংকৰ চক্ৰৱৰ্তী, সুনীল শৰ্মা, কিশোৰ কুমাৰ দাস আৰু ইন্দ্ৰজিত্‍ গামক সামৰি ৭ জনীয়া ৰাজ্যিক ক’ৰ কমিটি গঠনত অনুমোদন জনায়|

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More