সদ্য নিযুক্তি প্ৰাপ্ত বিশ গৰাকী যুৱক-যুৱতীক অভিনন্দন

0 12
শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৭ মে:  উত্তৰ পশ্চিম যোৰহাটৰ এক বিশেষ অঞ্চলৰ একাংশ  যুৱক-যুৱতীয়ে অসম চৰকাৰৰ যিকোনো চাকৰি ওলালেই পাৰদৰ্শিতাৰ বলত বছৰি নিযুক্তি লাভ কৰি আহিছে। বিশেষকৈ অঞ্চলতোৰ সকাইখঙীয়া, উজনিখঙীয়া,এলেংমৰা, খুটীয়াপোতাকে ধৰি গাঁওসমূহৰ যুৱক-যুৱতী এই ক্ষেত্ৰত উৎকৃষ্ট নিদৰ্শন। উল্লেখ্য, অসম চৰকাৰৰ দ্বাৰা সদ্যনিযুক্তি প্ৰাপ্ত অসম আৰক্ষীৰ কনিষ্টবলকে ধৰি বিভিন্ন বিভাগত সমগ্ৰ অঞ্চলৰ বহু সংখ্যকে নিযুক্তি লাভ কৰাৰ উপৰিও টেট উত্তীৰ্ণ বহু জনে লাভ কৰিছে নিযুক্তি।বালিগাঁও মৌজাৰ অন্তৰ্গত প্ৰায় কুৰি গৰাকী যুৱক-যুৱতীও এই নিযুক্তিৰ অন্তৰ্ভুক্ত হোৱাত যথেষ্ট আনন্দিত অঞ্চলবাসী। মঙ্গলবাৰে এই সদ্য নিযুক্তিপ্ৰাপ্ত বিশ গৰাকী যুৱক-যুৱতীক সম্বৰ্ধনা জ্ঞাপন কৰে ৩৮নংবালিগাঁও গাঁও পঞ্চায়তৰ  তৰফৰ পৰা। পঞ্চায়তৰ সভানেত্রী লক্ষীমাই নেওগৰ উদ্যোগত পঞ্চায়তত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত পঞ্চায়তখনৰ সদস্যসকলৰ উপৰিও অঞ্চল তোৰ বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।অন্যহাতে সম্বৰ্ধনা লাভ কৰি অনুষ্ঠানৰ জড়িয়তে যুৱক-যুৱতীসকলে স্বচ্ছতাৰ ভিত্তিত হোৱা এই নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More