সমুদ্রৰ বুকু ফালি দুৰন্ত গতিত চলিব ট্রেইন

ভাৰতীয় ৰে'লে গ্ৰহণ কৰিছে অভিলাষী প্ৰকল্প

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : এইবাৰ দক্ষিণ ৰেলৱেই এক অবিশ্বাস্য কাম কৰিবলৈ আগবাঢ়িছে। ৰামেশ্বৰমলৈ অহা পর্যটকসকলো সাক্ষী থাকিব এক বিষ্ময়কৰ সৃষ্টিৰ। জনা গৈছে যে, এইবাৰ নিৰ্মাণ হ’বলৈ গৈ আছে প্রায় ৫৬০ কোটি টকা ব্যয়সাপেক্ষ পামবান সেতু। মূলতঃ লিফ্ট ব্যৱস্থা ব্যৱহাৰ কৰি ট্রেক পাতি দিয়াৰ পিছত এই ব্রীজৰ ওপৰেদি চলিব ঘন্টায় ৮০ কিলোমিটাৰ বেগত ট্রেইন। তদুপৰি এই ব্রীজৰ মাধ্যমেৰে ৰামেশ্বৰম পর্যন্ত ট্রেইন চলাচলত আৰু অনেক সুবিধা হ’ব আৰু ৰামেশ্বৰমৰ পৰা ধনুশকোটি পর্যন্ত পুনৰ ট্রেইন চলাচল আৰম্ভ হ’ব।

* ৰামেশ্বৰমৰ পৰা ১৮ কিমি আগত
ইয়াৰ আগেয়ে ধনুশকোটিত এটা ৰে’ল ষ্টেচন আছিল। য’ৰ পৰা পণ্য শ্রীলঙ্কালৈ লৈ যোৱা হৈছিল। কিন্তু ষাঠিৰ দশকত প্রবল সামুদ্রিক ধুমুহাই এই ৰেল ষ্টেচন আৰু ৰেল লাইন ধ্বংস কৰি পেলায়। এনে অৱস্থাত, ষাঠি বছৰ পিছত আকৌ এই ৰেল যোগাযোগ আৰম্ভ হ’ব। মূলতঃ এই ষ্টেচনটো পর্যটন আৰু ধর্মীয়, উভয় দৃষ্টিকোণৰ পৰাই অত্যন্ত গুৰুত্বপূর্ণ হ’বলৈ গৈ আছে। এই প্রসঙ্গত মাদুৰাই বিভাগৰ সহকাৰী নির্বাহী ইঞ্জিনিয়াৰ আনন্দই জনাইছে যে, ৰেলৱে ষ্টেচনটোক পুনৰ র্নির্মাণ কৰাৰ বাবে আৰু এইটোক নতুন ব্রডগজ আৰু বৈদ্যুতিক লাইনৰ লগত সংযুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। জনা গৈছে, ইয়াৰ ফলত ৰামেশ্বৰমৰ পৰা মুঠ ১৮ কিলোমিটাৰৰ লাইন সম্প্রসাৰণ হ’ব আৰু ইয়াত ৩ টা হল্ট থাকিব। 1656038976300ইয়াৰ ফলত পর্যটকৰ সংখ্যা বাঢ়িব বুলি আশা কৰা হৈছে। বর্তমান এই সেতু ১২০ বছৰৰ পুৰণি হোৱাত মাত্র এক ডজন ট্রেইন এই সেতুৰে চলাচল কৰে। যিবোৰৰ গতিবেগ থাকে ঘণ্টাত মাত্ৰ ১০ কিলোমিটাৰ। কেৱল সেয়াই নহয়, পুৰণি পামবান সেতুত মালগাড়ী চলাচল নকৰে। এনে অৱস্থাত নিৰাপত্তাৰ কথা মনত ৰাখি পামবান সেতুৰ ওচৰা-ওচৰিকৈ নতুন সেতু নিৰ্মাণৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেলে। তদুপৰি পামবান সেতুত এটা লিফট ব্যৱস্থা ব্যৱহাৰ কৰি পুনর্নির্মাণ কৰা হৈছে যাতে জাহাজ আহিলে স্বয়ংক্রিয়ভাৱে ওপৰলৈ উঠি যাব পাৰে। যাৰ ফলত এতিয়া সময়ো বাচিব। কাৰণ, আগেয়ে থকা দলংবোৰত জাহাজ পাৰ হৈ যোৱাৰ পিছত পুনৰায় সংযোগ স্থাপন কৰিবলগীয়া হয়। য’ত সময় লাগে প্রায় আধা ঘন্টা।

* দলংখন দীঘল হ’ব দুই কিলোমিটাৰ
জনা গৈছে যে, ৰেল বিকাশ নিগম লিমিটেডৰ দ্বাৰা নির্মিত এই নতুন সেতুখন ২ কিলোমিটাৰৰো বেছি দীঘল হ’ব। নতুন দলংখন চেজৰ ৰোলিং লিফট প্রযুক্তি ব্যৱহার কৰি নিৰ্মাণ কৰা হৈছে। যাৰ ফলত কোনো বৃহৎ জলযান আহিলে দলংখন অনুভূমিকভাৱে খুল খাই যাবে। তদুপৰি আধুনিক প্রযুক্তি ব্যৱহাৰৰ ফলত ট্রেইন দ্রুতগতিত চলাচল কৰাৰ লগতে আৰু অধিক ভৰ বহনৰ ক্ষমতা প্রদান কৰিব। কেৱল সেয়াই নহয়, এই দলং ঘণ্টাত ১০০ কিলোমিটাৰ বেগত বলা প্রবল বতাহ সহ্য কৰাৰ লগতে সাগৰৰ শক্তিশালী ঢৌৰ লগত ফেৰ মাৰিবলৈয়ো সক্ষম।

* দলংখনৰ আয়ুস হ’ব ১০০ বছৰ
অনুমান কৰা হৈছে যে, এই দলংখন ১০০ বছৰৰো বেছি সময় ধৰি চলিব। তদুপৰি ৰামেশ্বৰমৰ লগতে দক্ষিণ ভাৰতৰ সংযোগকাৰী প্রধান সেতু হিচাবে বিবেচিত হ’ব এইখন। ইফালে নতুন এই সেতু নির্মাণৰ ফলত ভক্তসকলে সহজেই ভাৰতৰ প্রান্ত ধনুশকোটিত উপস্থিত হ’ব পাৰিব। তদুপৰি ইয়াৰ পৰা শ্রীলঙ্কাৰ দূৰত্ব সমুদ্রপথেৰে মাত্র ১২ নটিকেল মাইল।

* খৰচ হ’ব ৭০০ কোটি টকা
ৰেলৰ তৰফৰ পৰা জনোৱা হৈছে যে, ধনুশকোটিৰ পৰা ৰামেশ্বৰম পর্যন্ত ১৮ কিলোমিটাৰ একক লাইন ৰেলপথ নিৰ্মাণ কৰা হ’ব। বঙ্গোপসাগৰ আৰু আৰৱ সাগৰৰ ওচৰত নিৰ্মাণ হোৱা এই ৰেল ষ্টেচনটো হ’ব অত্যন্ত আধুনিক। ৰেলৱেৰ মতে, ৭০০ কোটি টকা ব্যয়েৰে এই প্রকল্পটো সম্পূৰ্ণ কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More